ETV Bharat / state

নিজৰ জন্মদিনত ETV Bharatৰ শলাগ ললে যাদৱ পায়েঙে

author img

By

Published : Oct 31, 2019, 5:32 PM IST

Updated : Jul 21, 2022, 2:40 PM IST

প্ৰকৃতিৰ প্ৰতি থকা অগাধ প্ৰেমেই 4000 বিঘাৰ বৰলুইতৰ চাপৰিত এখন অৰণ্য সৃষ্টি কৰিবলৈ প্ৰেৰণা যোগোৱা "পদ্মশ্ৰী" সন্মানৰে সন্মানিত যাদৱ পায়েঙে ব্যতিক্ৰমী ৰূপত উদযাপন কৰিলে নিজৰ 60 সংখ্যক জন্মদিন ৷

জন্মদিনৰ উপলক্ষে বৃক্ষ ৰোপন যাদৱ পায়েঙৰ

যোৰহাট,31 অক্টোবৰ: 60 বছৰীয়া হল অৰণ্য মানৱ যাদৱ পায়েং ৷ প্ৰকৃতিৰ প্ৰতি থকা অগাধ ভালপোৱা আৰু প্ৰকৃতিৰ বাবে কৰা কৰ্মৰাজিৰ বাবে 2012 চনতে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে "অৰণ্য মানৱ" উপাধিৰে বিভূষিত কৰা যাদৱ পায়েঙৰ জন্ম হৈছিল 1963 চনত যোৰহাটত ৷

প্ৰকৃতিৰ প্ৰতি থকা অগাধ প্ৰেমেই 4000 বিঘাৰ বৰলুইতৰ চাপৰিত এখন অৰণ্য সৃষ্টি কৰিবলৈ প্ৰেৰণা যোগোৱা "পদ্মশ্ৰী" সন্মানৰে সন্মানিত যাদৱ পায়েঙে ব্যতিক্ৰমী ৰূপত উদযাপন কৰিলে নিজৰ 60 সংখ্যক জন্মদিন ৷ মুলাই কাঠনিত এজোপা বৰ গছৰ পুলি ৰোপণৰে নিজৰ বিশেষ দিনটোৰ আৰম্ভণি কৰে অৰণ্য মানৱ গৰাকীয়ে৷ পৰৱৰ্তী সময়ত কণ কণ শিশু সকলৰ মাজত গছ পুলি বিতৰণ কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ পাৰত ৰঙা আৰু বগা চন্দনৰ পুলি ৰোপন কৰে পায়েঙে ৷

উল্লেখ্য যে, ETV Bharat ৰ প্লাষ্টিক মুক্ত ভাৰতৰ প্ৰচেষ্টাক শলাগ লোৱাৰ লগতে সকলোকে এই প্ৰচেষ্টাৰ অংশীদাৰ হ'বলৈ আহ্বান জনায় ৷

Last Updated :Jul 21, 2022, 2:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.