ETV Bharat / state

যোৰহাটৰ গ্ৰেণেড বিস্ফোৰণৰ ঘটনা : এই মুহূৰ্তলৈকে মুখ খোলা নাই যোৰহাট আৰক্ষীয়ে

author img

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 3:27 PM IST

Updated : Dec 15, 2023, 4:15 PM IST

Explosion at Lichubari Army Camp in Jorhat Update
গ্ৰেণেড বিস্ফোৰণৰ ঘটনা

Jorhat army camp grenade blast : লিচুবাৰীস্থিত সেনাবাহিনীৰ 41 চাব এৰিয়া চাউনীৰ প্ৰৱেশদ্বাৰত গ্ৰেণেড বিস্ফোৰণ হোৱাৰ পিছতে জিলাখনত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷ বৰ্তমানলৈকে ঘটনা সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য দিয়া পৰা বিৰত আছে আৰক্ষী ৷

যোৰহাটত আতংকময় পৰিৱেশ

যোৰহাট, 15 ডিচেম্বৰ : যোৰহাট জিলাৰ লিচুবাৰীস্থিত সেনাবাহিনীৰ 41 চাব এৰিয়া চাউনীৰ ন-আলি দিশৰ মূল প্ৰৱেশদ্বাৰৰ ভিতৰত বৃহস্পতিবাৰে নিশা বাইকত অহা দুজনীয়া দুৰ্বৃত্তই গ্ৰেনেড নিক্ষেপ কৰে ৷ ইয়াৰ পিচতে সেনা বাহিনীৰ মূল চাউনীৰ প্ৰৱেশদ্বাৰত প্ৰচণ্ড বিস্ফোৰণ হয় ৷ বিস্ফোৰণৰ শব্দই কঁপাই তোলে সমগ্ৰ অঞ্চল ৷ এই ঘটনাৰ পিছতেই জিলাখনত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷

এই সমগ্ৰ ঘটনাই সমগ্ৰ যোৰহাটত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ইফালে এই ঘটনা আলফা (স্বা) এ সংঘটিত কৰা বুলি এক বিবৃতি যোগে দায়িত্ব স্বীকাৰ কৰে ৷ আনহাতে এই ঘটনা সন্দৰ্ভত যোৰহাট আৰক্ষী অধীক্ষকে সংবাদ মাধ্যমক এই মুহূৰ্তলৈকে কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত আছে ৷

এই ঘটনাক লৈ বৃহস্পতিবাৰে পুৱতি নিশা পৰ্যন্ত যোৰহাটৰ আৰক্ষী অধীক্ষক, উপ-আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্তই লিচুবাৰীস্থিত সেনা শিবিৰৰ শীৰ্ষ বিষয়াৰে এক আলোচনাত মিলিত হয় ৷ এই ঘটনা সন্দৰ্ভত আৰু ঘটনাৰ উৎস বিচাৰি এইসকল উচ্চপদস্থ বিষয়া এই বৈঠকত মিলিত হয় বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, যোৰহাটৰ বৰ্তমান আইন-শৃংখলা পৰিস্থিতি দিনক দিনে বিঘ্নিত হ'বলৈ ধৰিছে ৷ কাৰণ চোৰ, ডকাইতৰ পৰা আৰম্ভ কৰি সঘনাই সংঘটিত হৈ অহা বিভিন্ন অপৰাধমূলক কাৰ্য আৰু শেহতীয়াকৈ সংঘটিত হোৱা গ্ৰেণেড বিস্ফোৰণৰ ঘটনাই যোৰহাট আৰক্ষী ব্যৱস্থাৰ ব্যৰ্থতাৰ ছবিখন পোহৰলৈ আনিছে ৷ এইক্ষেত্ৰত আৰক্ষীয়ে তালাচীৰ নামত জৰিমনাৰ নাটকখনহে চলাই নিৰীহ লোকক হাৰাশাস্তি কৰি আহিছে ৷ কিন্তু জনসাধাৰণক নিৰাপত্তা দিয়াত চূড়ান্ত ব্যৰ্থ হোৱাৰ অভিযোগ উথাপিত হৈছে ৷

লগতে পঢ়ক : যোৰহাটৰ বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আলফা(স্বা)ৰ

Last Updated :Dec 15, 2023, 4:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.