ETV Bharat / state

Sibamoni Bora Slams BJP : বাজপেয়ী ভৱনত তিনিটা টকা গণিব পৰা মেচিন আছে; শিবামণি বৰা

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 9:25 PM IST

বৃহস্পতিবাৰে যোৰহাটৰ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰে বিধায়িকা শিবামণি বৰাই ৷ সংবাদমেলত বিজেপি শাসিত চৰকাৰক তীব্ৰ কটাক্ষ কংগ্ৰেছ নেত্ৰীগৰাকীৰ ৷

Congress MLA Sibamoni Bora Slams BJP Government
চৰকাৰক তীব্ৰ কটাক্ষ কংগ্ৰেছ নেত্ৰী শিবামণি বৰাৰ

যোৰহাটৰ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন বিধায়িকা শিবামণি বৰাৰ

যোৰহাট, 7 ছেপ্টেম্বৰ : কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কন্যাকুমাৰীৰ পৰা আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰাই আজি এটা বছৰ সম্পূৰ্ণ কৰিলে ৷ আৰু এই যাত্ৰাই ৰাইজ পৰা বিপুল সঁহাৰি লাভ কৰা বুলি বৃহস্পতিবাৰে যোৰহাটৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেল যোগে প্ৰকাশ কৰে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা তথা কংগ্ৰেছ নেত্ৰী শিবামণি বৰাই ৷ এই যাত্ৰাত সকলো শ্ৰেণীৰ লোকে আহি ৰাহুল গান্ধীৰ ওচৰত নিজৰ মনৰ কথা প্ৰকাশ কৰিছিল বুলি কয় তেওঁ ৷

বিধায়িকাগৰাকীয়ে কয় যে, অসমতো কংগ্ৰেছে শদিয়াৰ পৰা ধুবুৰীলৈ পদযাত্ৰা কৰিছিলো ৷ তেতিয়া বিজেপি তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে, এই পদযাত্ৰা শিলগুটিত খোজ কঢ়াৰ বাহিৰে আন একো নহয় ৷ এই পদযাত্ৰাৰ প্ৰভাৱ কোনো মানুহৰ ওপৰত নপৰে ৷ কিন্তু আমি আহি আহি যেতিয়া উজনি অসম সোমালো তেতিয়া আমি মানুহৰ যি অভূতপূৰ্ব সঁহাৰি দেখিলো তেতিয়াৰ পৰা আমি পিছলৈ উভতি চাব লগা হোৱা নাই বুলি বুলি মন্তব্য কৰে তেওঁ ৷

বিধায়িকা শিবামণি বৰাই কয় যে, বিজেপিৰ দিনত এটকাও নোলোৱাকৈ নিৱনুৱাক চাকৰি প্ৰদান কৰা হৈছে বুলি যি কথা কৈ আছে সেয়া সম্পূৰ্ণ মিছা ৷ কাৰণ বিজেপি নেতাৰ চাঞ্চল্যকৰ স্বীকাৰোক্তিয়ে এই কথা মিছা প্ৰতিপন্ন কৰিছে ৷ লগতে তেওঁ কয় যে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত তিনিটাকৈ টকা গণনা কৰা মেচিন আছে ৷ এটা ৰাজনৈতিক দলৰ কাৰ্যালয়ত টকা গন্তি কৰিব পৰা মেচিন থাকে নেকি বুলি প্ৰশ্ন কৰি তেওঁ কয় যে, এই মেচিন তেওঁলোকে দুৰ্নীতি কৰাৰ কাৰণেই আছে ৷

কংগ্ৰেছ নেত্ৰীগৰাকীয়ে পুনৰ কয় যে, চৰকাৰখনে কেৱল ঋণ লৈছে আৰু নিজৰ নিজৰ ব্যক্তিগত সম্পত্তি বঢ়োৱাতহে আছে ৷ বিজেপি চৰকাৰ অহাৰ পাচত দুখীয়াসকল দুখীয়া হৈ গৈ আছে, ধনীসকল ধনী হৈ গৈ আছে ৷ ৰাইজক কথা চিন্তা নকৰি বিজেপি নেতায়ে নিজৰ বাগান আৰু ৰিজৰ্টহে গঢ়িছে ৷ মানুহ জীয়াই থাকিব নোৱাৰা অৱস্থা কৰিছে তেওঁলোকে ৷ লগতে আমাৰ উঠি অহা যুৱক-যুৱতী সকলক তেওঁলোকে ধ্বংসৰ মুখলৈ ঠেলি দিছে বুলিও মন্তব্য কৰে বিধায়িকাগৰাকীয়ে ৷

লগতে পঢ়ক : Manas Bora slams Himanta Biswa Sarma: কংগ্ৰেছে INDIA কৰ্তনৰ বিৰোধিতা কৰিছে- মানস বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.