ETV Bharat / state

ভোকে-পিয়াহে দিন-ৰাতি কটাইছে 70 গৰাকী প্ৰৱঞ্চিত যুৱকে

author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 7:47 PM IST

Railway electrification Titabor
প্ৰৱঞ্চনাৰ বলি প্ৰায় 70 জন অসমীয়া যুৱক

Titabar Railway Station : ভোকে-পিয়াহে দিন-ৰাতি কটাইছে প্ৰায় 60-70 গৰাকী যুৱকে ৷ লগতে হেৰুৱালে 5300 কৈ টকা ৷ পাৰিশ্ৰমিক অবিহনেই দুমাহ ধৰি কৰ্তব্য কৰি আছে নিশা ৷

প্ৰৱঞ্চনাৰ বলি প্ৰায় 70 জন অসমীয়া যুৱক

যোৰহাট, 26 ডিচেম্বৰ : মঙলবাৰে নিশা তিতাবৰ ৰে’লৱে ষ্টেচনত প্ৰাপ্য মজুৰি বিচাৰি নিৰাপত্তাৰক্ষীৰ প্ৰতিবাদ । এছ এছ ফ’ৰ নামৰ ছিকিউৰিটি মেনেজমেন্ট কোম্পানীটোৱে প্ৰায় 60-70জন যুৱকক প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰে যুৱকসকলে ৷

বিগত দুমাহ ধৰি দৰমহা নোপোৱাৰ ফলত ভোকে-পিয়াহে নিৰাপত্তা দিবলগীয়া হৈছে যুৱকসকলে । বিদ্যুতৰ দ্বাৰা ৰে’ল চলাচল কৰাৰ বাবে নিৰ্মাণকাৰ্য চলি থকা এলেকাত নিৰাপত্তাৰক্ষী হিচাবে নিয়োজিত যুৱকসকলে চিকিউৰিটি মেনেজমেণ্ট কোম্পানীটোৰ বিৰুদ্ধে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ ।

উল্লেখ্য যে বিদ্যুতৰ তাঁৰসমূহ ক’ৰবাত সংযোগ বিচ্ছিন্ন হৈছে নেকি ইত্যাদি কামসমূহ চোৱাচিতাৰ লগতে নিৰ্মাণ সামগ্ৰীৰ সুৰক্ষাৰ বাবে এছ.এছ ফ’ৰ নামৰ এটা কোম্পানীক দায়িত্ব দিয়া হৈছিল । উক্ত কোম্পানীৰ অধীনত তিতাবৰৰ প্ৰায় ৬০-৭০ জন শিক্ষিত নিবনুৱা যুৱকে সংস্থাপন লাভ কৰিছিল । সংস্থাপন লাভ কৰিছিল ঠিকেই কিন্তু সংস্থাপনৰ নামত আয়ুস বৰা নামৰ এজন লোকে ৫৩০০ টকাকৈ আমানতৰ ধন লৈ জোতা, হেলমেট আদি দিয়াৰ লগতে ১৩,০০০ টকাকৈ দৰমহা দিয়া হ’ব বুলি সংস্থাপন দিছিল । কিন্তু দুৰ্ভাগ্যজনক বিষয় যে দুটা মাহ উকলি যোৱাৰ পাছতো যুৱকসকলক প্ৰাপ্য দৰমহা দিয়া নহ’ল ৷

ফলত ভোকে-পিয়াহে উজাগৰী কটাই তিতাবৰৰ পৰা মৰিয়নীলৈকে প্ৰায় ১৬ কিঃমিঃ দৈৰ্ঘৰ পথ খোজকাঢ়ি দৈনিক নিশা ১২ ঘণ্টাকৈ কৰ্তব্য পালন কৰি আহিছে যুৱকলকলে । পাপুল গগৈ নামৰ ছুপাৰভাইজাৰ আৰু আয়ুস বৰা নামৰ ছিকিউৰিটি ইনচার্জজনক বাৰম্বাৰ দৰমহা বিচাৰি অনুৰোধ জনাই আহিছে যদিও আজি পৰ্যন্ত যুৱকসকলৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান কৰা নাই ।

লগতে পঢ়ক: কি কৰিলি অ’ সোণ, ক’ত এৰি গ’লি মোক- পুত্ৰক বিচাৰি হিয়াভগা কান্দোন মাতৃৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.