ETV Bharat / state

কি কৰিলি অ’ সোণ, ক’ত এৰি গ’লি মোক- পুত্ৰক বিচাৰি হিয়াভগা কান্দোন মাতৃৰ

author img

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 7:45 PM IST

পুনৰ বহিঃৰাজ্যত মৃত্যু অসমীয়া যুৱকৰ ৷ হায়দৰাবাদত ৰহস্যজনকভাৱে মৃত্যুক সাৱটিলে যোৰহাটৰ ৰিংকু গগৈ নামৰ যুৱকজনে ৷ ৰিংকুৰ এই মৃত্যুক সহজভাৱে ল’ব পৰা নাই পৰিয়ালৰ লোকে ৷

youth mysterious death
কি কৰিলি অ’ সোণ, ক’ত এৰি গ’লি মোক- পুত্ৰক বিচাৰি হিয়াভগা কান্দোন মাতৃৰ

কি কৰিলি অ’ সোণ, ক’ত এৰি গ’লি মোক- পুত্ৰক বিচাৰি হিয়াভগা কান্দোন মাতৃৰ

যোৰহাট, 24 ডিচেম্বৰ : "কি কৰিলি অ’ সোণ, ক’ত এৰি গলি মোক ?" পুত্ৰক বিচাৰি হিয়াভগা কান্দোন এগৰাকী বৃদ্ধা মাতৃৰ ৷ পুনৰ বহিঃৰাজ্যত মৃত্যু অসমীয়া যুৱকৰ ৷ হায়দৰাবাদত ৰহস্যজনকভাৱে মৃত্যুক সাৱটিলে যোৰহাটৰ ৰিংকু গগৈ নামৰ যুৱকজনে ৷

ঘটনাৰ বিৱৰণী অনুসৰি মৰিয়নী চেলেং গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ যুৱক ৰিংকু গগৈয়ে পেটৰ তাড়নাত আৰু পৰিয়াল ভৰণ পোষণৰ কথা চিন্তা কৰি সুদূৰ হায়দাৰাবাদলৈ গুচি গৈছিল ৷ বিগত কেইবা বছৰ ধৰি ৰিংকু গগৈয়ে হায়দাৰাবাদৰ নিউ ভিজন চিকিউৰিটি চাৰ্ভিছ নামৰ এটা প্ৰতিষ্ঠানত চিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত হৈ আছিল ৷

ইয়াৰ পিচত যোৱা 21 ডিচেম্বৰৰ সন্ধিয়া ৰিংকুৱে এক দুৰ্ঘটনাত পতিত হৈছিল বুলি চিকিউৰটি এজেন্সিত থকা সহকৰ্মীসকলে পৰিয়ালৰ লোকক জনাইছিল ৷ তাৰ পিচতে এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ৰিংকু ৷ ৰিংকুৰ পৰিয়ালৰ লোকক হায়দৰাবদলৈ মাতি পঠিয়াইছিল সহকৰ্মীসকলে ৷

অৱশেষত আজি চিকিৎসাধীন অৱস্থাত ৰিংকুৰ মৃত্যু হয় বুলি পৰিয়ালৰ লোকক অৱগত কৰে চিকিউৰিটি এজেন্সীটোৰ চুপাৰভাইজাৰগৰাকীয়ে । তাৰ পিচতে পৰিয়ালৰ লোকক মৃতদেহটো চমজি ল’বলৈ ফোনযোগে কোম্পানীটোৰ এজন বিষয়াই ৰিংকু গগৈৰ পৰিয়ালক আহ্বান জনায় । এই খবৰ লাভ কৰাৰ পিচতে পৰিয়ালটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

ইফালে দৰিদ্ৰ পৰিয়ালটোৱে বহিঃৰাজ্যৰ পৰা মৃত ৰিংকুৰ মৃতদেহটো আনিবলৈ আৰ্থিকভাৱে সক্ষম নহয় । সেয়েহে দৰিদ্ৰ পৰিয়ালটোৱে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সহায় কৰিবলৈ কাতৰভাৱে অনুৰোধ জনাইছে ৷ নিজ পুত্ৰক শেষবাৰৰ বাবে চাবলৈ হাবাথুৰি খাইছে দুৰ্ভগীয়া মাতৃয়ে ৷ ৰিংকুৰ এই মৃত্যুক সহজভাৱে ল’ব পৰা নাই পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক: ৰাজ্যিক কৰ্মচাৰীৰ লোক সেৱক আৰোগ্য যোজনাৰ নিৰ্দেশনা প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.