ETV Bharat / state

স্থায়ী শান্তিৰ বিপৰীতে খিলঞ্জীয়া লোকক হত্যাৰ ব্যৱস্থা কৰিছে কেন্দ্ৰই : সমুজ্জ্বল ভট্টাচাৰ্য

author img

By

Published : Dec 6, 2021, 6:23 PM IST

উত্তৰ-পূৰ্বাঞ্চলৰ শান্তি নিবিচাৰে বাবেই নাগালেণ্ডৰ মন জিলাৰ অ’টিং বস্তিত নিৰীহ লোকক নিজ দেশৰে সেনা বাহিনীৰ দ্বাৰা হত্যা কৰা হ'ল(Nagaland Civilians Deaths) ৷" সোমবাৰে সাংবাদিকক সম্বোধন কৰি এই মন্তব্য প্ৰকাশ কৰে উত্তৰ-পূৱ ছাত্ৰ সন্থা(North East Students Organisation)ৰ উপদেষ্টা তথা আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই ৷

Nagaland Civilians Deaths
স্থায়ী শান্তিৰ বিপৰীতে খিলঞ্জীয়া লোকক হত্যাৰ ব্যৱস্থা কৰিছে কেন্দ্ৰই

যোৰহাট, 6 ডিচেম্বৰ : "কেন্দ্ৰীয় চৰকাৰে কেতিয়াও উত্তৰ-পূৰ্বাঞ্চলৰ শান্তি নিবিচাৰে(Central Government never wants peace in North-East) ৷ শান্তি নিবিচাৰে বাবেই নাগালেণ্ডৰ মন জিলাৰ অ’টিং বস্তিত নিৰীহ লোকক নিজ দেশৰে সেনা বাহিনীৰ দ্বাৰা হত্যা কৰা হ'ল(Nagaland Civilians Deaths) ৷" সোমবাৰে সাংবাদিকক সম্বোধন কৰি এই মন্তব্য প্ৰকাশ কৰে উত্তৰ-পূৱ ছাত্ৰ সন্থা(North East Students Organisation)ৰ উপদেষ্টা তথা আছু মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই ৷

NESOৰ উপদেষ্টা গৰাকীয়ে কয়, কেন্দ্ৰীয় চৰকাৰে এফালে উত্তৰ-পূৰ্বাঞ্চলৰ স্থায়ী শান্তিৰ কথা কয়, আনফালে খিলঞ্জীয়া লোকক হত্যা কৰাৰ ব্যৱস্থা কৰিছে ৷ দেশৰ নিৰাপত্তা বাহিনীয়ে দেশৰ জনসাধাৰণকে বৰ্বৰভাৱে হত্যা কৰিব, এই কথা উত্তৰ-পূৰ্বৰ ৰাইজে কেতিয়াও মানি নলয় ৷

কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ AFSPA ৰ প্ৰসংগত স্থিতি স্পষ্ট কৰে NESOৰ উপদেষ্টা গৰাকীয়ে ৷ AFSPA ৰ প্ৰসংগত তেওঁ, সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন "AFSPA" থকাৰ বাবেই আজি নিৰাপত্তা বাহিনীয়ে বৰ্বৰ ভাৱে নিৰাপৰাধী উত্তপ-পূৱৰ খিলঞ্জীয়া লোকক জঘন্যভাৱে হত্যা কৰিব পাৰিছে ৷ গতিকে অতি শীৰ্ঘেই এই AFSPA বাতিল কৰিবৰ বাবে দাবী জনাই সমুজ্জ্বল ভট্টাচাৰ্যই ৷

স্থায়ী শান্তিৰ বিপৰীতে খিলঞ্জীয়া লোকক হত্যাৰ ব্যৱস্থা কৰিছে কেন্দ্ৰই

লগতে পঢ়ক: Section 144 Imposed in Nagaland : আজি সম্পন্ন হ’ব মৃতকৰ শেষকৃত্য

ইতিমধ্যে, নাগালেণ্ডৰ মন জিলাৰ অ'টিং গাঁৱত নিৰাপত্তা বাহিনীৰ দ্বাৰা সংঘটিত বৰ্বৰ হত্যাকাণ্ডই উত্তৰ-পূৱৰ আটাইকেইখন ৰাজ্যতে প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷ উত্তৰ-পূৱৰ ৰাজ্যৰ কেইখনৰ প্ৰতিটো ছাত্ৰ সংগঠনৰ লগতে আন আন জনগোষ্ঠীয় সংগঠন সমূহেও এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ জনাইছে(Protest Against Nagaland Civilians Deaths) ৷ কেৱল সেয়াই নহয়, সামাজিক মাধ্যমতো এই ঘটনাৰ বিৰোধীতাৰে তীব্ৰ প্ৰতিবাদৰ জোৱাৰ উঠাৰ পৰিলক্ষিত হৈছে ৷

কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ যি সকল জোৱানে নাগালেণ্ডৰ খিলঞ্জীয়া লোকক বৰ্বৰভাৱে হত্যা কৰিলে সেই সকল জোৱানৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাই NESOৰ উপদেষ্টা গৰাকীয়ে ৷ তেওঁ কয়, উত্তৰ-পূৱৰ এখন ৰাজ্যৰ খিলঞ্জীয়া লোকক আক্ৰমণ কৰা মানেই উত্তৰ-পূৱৰ সমুদায় খিলঞ্জীয়া লোকক আক্ৰমণ কৰা ৷ গতিকে, মন জিলাৰ হত্যাকাণ্ডৰ লগত জড়িত সেনা জোৱানৰ বিৰুদ্ধে কঠোৰ দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা হ'বই লাগিব বুলি কেন্দ্ৰীয় চৰকাৰক স্পষ্ট কৰি দিছে সমুজ্জ্বল ভট্টাচাৰ্যই ৷

যেতিয়ালৈকে নাগালেণ্ডৰ খিলঞ্জীয়া লোকৰ হত্যাকাৰীক কঠোৰ দৃষ্টান্তমূল শাস্তিৰ ব্যৱস্থা নকৰে, তেতিয়ালৈকে উত্তৰ-পূৱৰ ৰাইজ ক্ষান্ত নাথাকে বুলিও স্পষ্ট কৰি দিছে NESO ৰ উপদেষ্টা গৰাকীয়ে ৷ তেওঁ কয়, উত্তৰ-পূৱ জুৰি এই হত্যাকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব ৷ নাগালেণ্ডৰ খিলঞ্জীয়া লোকৰ হত্যাকাৰীৰ কঠোৰ শাস্তিৰ ব্যৱস্থা হ'বই লাগিব ৷ ইতিমধ্যে উত্তৰ-পূৱৰ 7 খন জিলাৰ ছাত্ৰৰ সংগঠনৰ মাজত এই ঘটনাক লৈ আলোচনা হৈছে বুলি জানিবলৈ দিয়ে NESO ৰ উপদেষ্টা গৰাকীয়ে ৷

লগতে পঢ়ক: Nagaland Civilians Deaths : নাগালেণ্ডৰ সেনা আক্ৰমণক দুৰ্ভাগ্যজনক আখ্যা অমিত শ্বাহৰ

ইফালে, নাগালেণ্ডৰ খিলঞ্জীয়া লোক সকলক উদ্দেশ্যি NESO ৰ উপদেষ্টা গৰাকীয়ে, নাগালেণ্ডৰ লোক সকলে ভাবিব নালাগে যে তেওঁ লোক অকলশৰীয়া হৈ পৰিছে ৷ তেওঁ লোকৰ লগত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজ আছে ৷ উত্তৰ-পূৰ্বাঞ্চলৰ সমূহ ৰাইজে এই হত্যাকাণ্ডক লৈ ক্ষোভ প্ৰকাশ কৰিছে আৰু নাগালেণ্ডৰ লোক সকলৰ দোষৰ সমভাগী হৈছে ৷

উল্লেখ্য যে, নাগালেণ্ডৰ মন জিলাৰ ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়, অ’টিং বস্তিত সেনাৰ 21 গৰাকী জোৱানে এম্বোচ চলাইছিল(Army ambush in Nagaland) ৷ সন্ত্ৰাসবাদী থকা সন্দেহত 7 গৰাকী যাত্ৰী থকা এখন বাহনত গুলী চালনা কৰিছিল সেনাই ৷

ভুল তথ্য ভিত্তি চলোৱা এই গুলী চালনাত 7 গৰাকীৰ 6 গৰাকীয়ে মৃত্যু হৈছিল ৷ কিন্তু গাঁওবাসীৰ প্ৰত্যাক্ৰমণৰ ফলত পৰিস্থিতি অধিক ভয়ংকৰ হয় আৰু আত্ম ৰক্ষাৰ স্বাৰ্থত সেনাই পুনৰ গুলী চলাবলৈ বাধ্য হয় বুলি এক দায়সৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক: Tension grips Nagaland : উত্তপ্ত পৰিস্থিতি নগালেণ্ডৰ মন জিলাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.