ETV Bharat / state

Rupjyoti Kurmi on trend: এইবাৰ সমষ্টিবাসীক বিধায়ক ৰূপজ্যোতিয়ে খুৱালে 100 কেজি ওজনৰ লাডু

author img

By

Published : Apr 30, 2023, 7:48 PM IST

100 কেজি ওজনৰ লাডু লৈ সমষ্টিবাসীৰ কাষত বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ সকলোকে লাডু খুৱালে বিধায়ক কুৰ্মীয়ে ৷ কিন্তু হঠাৎ কিয় সমষ্টিবাসী লাডু খুৱাবলৈ মন গ’ল ৰূপজ্যোতি কুৰ্মীৰ (MLA Kurmi feeds 100 kg of ladoos) ! পঢ়কল সবিশেষ...

100 episodes of Maan Ki Baat
100 খণ্ডৰ বাবে 100 কেজি ওজনৰ লাডু খুৱালে বিধায়ক কুৰ্মীয়ে

100 খণ্ডৰ বাবে 100 কেজি ওজনৰ লাডু খুৱালে বিধায়ক কুৰ্মীয়ে

মৰিয়নী, 30 এপ্ৰিল: দেওবাৰে প্ৰধানমন্ত্ৰীৰ মাহেকীয়া ৰেডিঅ' অনুষ্ঠান মন কী বাতে ১০০ সংখ্যক খণ্ড অতিক্ৰম কৰিলে (100th episode of PM Modi Maan Ki Baat) ৷ 2014 চনৰ অক্টোবৰ মাহৰ পৰা আৰম্ভ কৰা হৈছিল এই মন কী বাত অনুষ্ঠানৰ ৷ ইয়াৰ লগতে সংগতি ৰাখি দেশৰ লগতি ৰাজ্যজুৰি বিজেপিৰ দখলত থকা প্ৰতিটো সমষ্টিৰ বুথসমূহত ভাৰ্চুৱেলী মন কী বাত অনুষ্ঠানৰ প্ৰদৰ্শন কৰা হৈছে (MLA Kurmi feeds 100 kg of ladoos)৷

ইয়াৰ ফলশ্ৰুতিত বিধায়ক ৰূপজোতি কুৰ্মীয়ে ১০০কেজি ওজনৰ লাডু খুৱালে সমষ্টিবাসীক (MLA Rupjyoti Kurmi on Maan ki Baat)৷ মন কী বাত অনুষ্ঠানৰ ১০০টা খণ্ড সম্পূৰ্ণ হোৱাৰ বাবে চেলেংহাট মণ্ডলৰ বিষয়ববীয়া পৰাৰ আৰম্ভ কৰি শিক্ষাৰ্থী আৰু বৃদ্ধ বনিতাসকলৰ উপস্থিত ১০০কেজি ওজন লাডু সকলোৰে মাজত বিতৰণ কৰে বিতৰণ কৰে বিধায়ক কুৰ্মীয়ে ।

সংবাদ মাধ্যমেৰে হোৱা বাৰ্তালাপত বিধায়ক ৰূপজোতি কুৰ্মীয়ে কয় যে, প্ৰধানমন্ত্ৰী মোডীৰ এই অনুষ্ঠানে সকলোৰে মাজলৈ এক আশাৰ বাৰ্তা প্ৰেৰণ কৰিছে । এই অনুষ্ঠানৰ বাবে আজি সকলোৱে আনন্দ উল্লাস কৰিছে ৷ এই বিশেষ দিনটোৰ উপলক্ষে গণেশৰ ওচৰত এটা লাডু অৰ্পণ কৰিছিল ৷

স্মৰ্তব্য যে, 22 টা ভাৰতীয় ভাষা আৰু 29 টা উপভাষাৰ উপৰিও মন কী বাত 11 টা বিদেশী ভাষাত সম্প্ৰচাৰিত হয় । ইয়াৰ ভিতৰত আছে ফৰাচী, চীনা, ইণ্ডোনেছিয়ান, তিব্বতীয়, বাৰ্মিজ, বালুচি, আৰবী, পখতু, পাৰ্চী, দাৰি আৰু স্বাহিলী । মন কী বাত আকাশবাণীৰ ৫০০-তকৈও অধিক সম্প্ৰচাৰ কেন্দ্ৰৰ দ্বাৰা সম্প্ৰচাৰিত হয় ।

আনহাতে, মন কী বাতৰ মানুহৰ জীৱনত প্ৰভাৱ সম্পৰ্কে এক অধ্যয়নো কৰা হৈছে (All India Radio Mann Ki Baat) । এই অধ্যয়নটোৱে দেখুৱাইছে যে 100 কোটিৰো অধিক লোকে কমেও এবাৰ মন কী বাতৰ সৈতে সংযোগ স্থাপন কৰিছে ।

লগতে পঢ়ক: Mann Ki Baat : ইতিবাচকৰ এক অনন্য উৎসৱ হৈ পৰিছে ‘মন কি বাত’ : প্ৰধানমন্ত্ৰী মোডী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.