ETV Bharat / state

90 years old lady appears exam: ৯০ বছৰ বয়সত স্নাতকোত্তৰ পৰীক্ষাত বহিল আইতা

author img

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 7:09 PM IST

At age of 90 woman appears for post graduate exam
৯০ বছৰ বয়সত স্নাতোকোত্তৰ পৰীক্ষাত বহিল আইতা

প্ৰবল ইচ্ছা শক্তি থাকিলে কোনো কামতেই বয়স বাধাৰ প্ৰাচীৰ হ'ব নোৱাৰে । তাকেই পুনৰ প্ৰমাণ কৰি দেখুৱালে যোৰহাটৰ এগৰাকী আইতাই । ৯০ বছৰ বয়সত লোকেশ্বৰী দেৱী বহিল স্নাতকোত্তৰ পৰীক্ষাত ।

৯০ বছৰ বয়সত স্নাতোকোত্তৰ পৰীক্ষাত বহিল আইতা

যোৰহাট,১০ অক্টোবৰ: বয়সে হাৰ মনাব নোৱৰা এগৰাকী বৃদ্ধাৰ কাহিনী । এগৰাকী ৯০ বছৰীয়া ছাত্ৰীয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দূৰ সংযোগ পাঠ্যক্ৰমৰ অধীনত অসমীয়া বিভাগৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ চতুৰ্থ ষাণ্মাসিকৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে ৯০ বছৰীয়া লোকেশ্বৰী দেৱী । শিক্ষাৰ কোনো বয়স নাথাকে । প্ৰচুৰ অধ্যৱসায়, একাগ্ৰতা, ইচ্ছা শক্তি থাকিলে সফলতাৰ ক্ষেত্ৰত বয়সেও বাধা দিব নোৱাৰে । অৰ্থাৎ গোটেই জীৱন জ্ঞান অৰ্জন কৰিব পাৰি তাকেই যেন প্ৰমাণ কৰিলে আইতাগৰাকীয়ে ।

যোৰহাটৰ জগন্নাথ বৰুৱা স্বতন্ত্ৰ মহাবিদ্যালয়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত স্নাতকোত্তৰ চতুৰ্থ ষান্মাসিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ল এইগৰাকী ৯০ বছৰীয়া আইতা । প্ৰশ্ন কাকতত অহা সকলো উত্তৰেই লিখি গ'ল প্ৰতিখন পেপাৰত । কোনো ঠাইত প্ৰকৃত শব্দ পাহৰিও গ'লেও তাৰ ঠাইত প্ৰতিশব্দ লিখি গৈছে কিন্তু প্ৰশ্ন নকৰাকৈ এৰি অহাৰ অভ্যাসেই নাই এইগৰাকী ৯০ বছৰীয়া আইতাৰ ।

পুত্ৰ-নাতিনীৰ সমানে অধ্যয়ন কৰে এইগৰাকী আইতাই । লোকেশ্বৰী দেৱীয়ে এই বয়সলৈ সাধনা অব্যাহত ৰাখিছে । লোকেশ্বৰী দেৱীৰ বৰ্তমানলৈ ২০ খন গ্ৰন্থ প্ৰকাশ পাইছে । প্ৰথম গ্ৰন্থখনৰ নাম লক্ষী পাঁচালী । আনহাতে ৯০ বছৰীয়া আইতাগৰাকীয়ে হেৰাই যোৱা ফকৰা-যোজনা আদিও গ্ৰন্থ আকাৰে লিখি গৈছে । হিন্দু ধৰ্মৰ পৱিত্ৰ ঋকবেদ অসমীয়ালৈ অনুবাদ কৰিছে আইতাই ।

এই গৰাকী ৯০ বছৰীয়া আইতাই ১৯৬৫ ডিব্ৰুগড় বিশ্ববিদ্যালয় অধীনত স্নাতক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ শিক্ষকতাৰ বৃত্তিত জড়িত হৈ পৰিছিল । উল্লেখ্য যে যি সময়ত যোৰহাটত উচ্চশিক্ষিত পুত্ৰ-জীয়াৰীয়ে মাতৃক অৱহেলা কৰাৰ কথা চৰ্চিত হৈ পৰিছে তাৰ এখন ব্যতিক্ৰম ছবি এই পৰিয়ালটোৰ মাজত দেখিবলৈ পোৱা গৈছে । মাতৃ-পুত্ৰৰ এক সুন্দৰ বান্ধোন পৰষ্ফুৰ্ত হৈছে পৰিয়ালটোত । এই বয়সতো পুত্ৰ-বোৱাৰীয়ে পঢ়িবলৈ আগবঢ়াই দিছে লোকেশ্বৰী দেৱীক আৰু এইগৰাকী আইতাই ওচৰ-চুবুৰীয়াৰ মাজত বিলাই গৈছে জ্ঞান-বাণী ।

লগতে পঢ়ক: World Mental Health Day 2023: বিশ্ব মানসিক স্বাস্থ্য দিৱসত বিশিষ্ট মনোবিজ্ঞানীৰ মনৰ কথাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.