ETV Bharat / state

ফ্ৰেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব লাচিতৰ প্ৰতিমূৰ্তি, অসম দিৱসত মুখ্যমন্ত্ৰীৰ ঘোষণা

author img

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 5:01 PM IST

আহোম স্বৰ্গদেউ চাওলুং ছ্যু-কা-ফাৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি অৰ্পণ মুখ্যমন্ত্ৰীৰ । বৰ অসম গঢ়াৰ ক্ষেত্ৰত ছ্যু-কা-ফাৰ অৱদানৰ বিশ্লেষণ মুখ্যমন্ত্ৰীৰ । অসম দিৱস উপলক্ষে বিশাল শোভাযাত্ৰা ।

Asom Divas
অসম দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত মুখ্যমন্ত্ৰী

আহোম স্বৰ্গদেউ চাওলুং ছ্যু-কা-ফাৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি অৰ্পণ মুখ্যমন্ত্ৰীৰ

মৰাণ,২ ডিচেম্বৰ : আজি অসম দিৱস । টিংখাঙত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত বৃহত্তৰ টিংখাংবাসী ৰাইজৰ আতিথ্যত টিংখাঙৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অসম দিৱস পালন কৰা হয় । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।

কাৰ্যসূচীৰ লগত সংগতি ৰাখি থলুৱা উদ্যোগৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তৰ উদ্যোগীসকলক লৈ আধুনিক অসম-আত্মনিৰ্ভৰশীল অসম শীৰ্ষক এক প্ৰদৰ্শনী মেলাৰো আয়োজন কৰা হয় । লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । অসম দিৱস উপলক্ষে উলিওৱা বৰ্ণিল শোভাযাত্ৰা উদ্ধোধন কৰে মন্ত্ৰী যোগেন মহনে । কাৰ্যসূচীৰ সাংস্কৃতিক অনুষ্ঠানত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোককৃষ্টিসমূহ প্ৰদৰ্শিত হয় ।

ইফালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত উপস্থিত হৈ প্ৰথমে স্বৰ্গদেউ চাওলুং ছ্যু-কা-ফাৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি অৰ্পণ কৰি ৰাজ্যবাসীৰ মঙ্গল কামনাৰে ধৰ্মীয় পূজাত অংশগ্ৰহণ কৰে । অসম দিৱসৰ কাৰ্যসূচীত পদ্মশ্ৰী প্ৰহ্লাদ তাছা, লেখক তথা গৱেষক পুষ্প গগৈকে ধৰি অসমৰ সমাজ জীৱনলৈ বিভিন্ন অৱদান আগবঢ়োৱা বিভিন্ন ক্ষেত্ৰৰ কেইগৰাকী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সাত ৰাজ মাৰি এক ৰাজ কৰা স্বৰ্গদেউ চাওলুং ছ্যু-কা-ফাৰ বৰ অসম গঢ়াৰ মহান ভূমিকাৰ কথা স্মৰণ কৰে । আনহাতে চাওলুং ছ্যু-কা-ফাৰ লগতে মহাবীৰ লাচিত বৰফুকনৰ অমৰ গাথা বিশ্ব দৰবাৰত আগবঢ়াই নিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰি অহা বিভিন্ন পদক্ষেপৰ কথাও উল্লেখ কৰে । ভাষণ প্ৰসংগত শিক্ষা সংস্কৃতিৰ প্ৰসাৰৰ মাজেৰে জাতিটোক বিশ্ব দৰবাৰলৈ আগবঢ়াই নিব লাগিব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ৰাজ্যৰ ঐতিহাসিক সমলসমূহৰ সংৰক্ষণৰ কথাও তেওঁ উল্লেখ কৰে । লগতে যোৰহাটত নিৰ্মাণ হৈ থকা লাচিত বৰফুকনৰ বৃহৎ প্ৰতিমূৰ্তি অহা ফ্ৰেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভ উদ্বোধন কৰিব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে ২০২৫ চনৰ ৭ এপ্ৰিলত ২৫ হাজাৰ বিহুৱা-বিহুৱতীয়ে দিল্লীত বিহু প্ৰদৰ্শন কৰি বিশ্ব অভিলেখ গঢ়াৰ কথাও অৱগত কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন, বিমল বৰা, সঞ্জয় কিষাণৰ লগতে বহু কেইগৰাকী বিধায়ক এই কাৰ্যসূচীত উপস্থিত থাকে ।

লগতে পঢ়ক :তেজপুৰত ছ্যু-কা-ফা দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.