তেজপুৰত ছ্যু-কা-ফা দিৱস উদযাপন

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 3:39 PM IST

thumbnail

তেজপুৰ, ২ ডিচেম্বৰ : আজি ‘অসম দিৱস’ । সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰৰ ছ্যু-কা-ফা ভৱনত অনুষ্ঠিত অসম দিৱসত শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই স্বৰ্গদেউ ছ্যু-কা-ফাৰ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তেওঁ কয় যে, স্বৰ্গদেউ চাওলুং ছ্যু-কা-ফাৰ বীৰত্ব আৰু বিচক্ষণতাই জাতিটোক সদায় সাহস আৰু প্ৰেৰণা যোগাই আহিছে ৷ শোণিতপুৰ জিলা প্ৰশাসনে আয়োজন কৰা এই কাৰ্য্যসূচীত জিলাখনৰ বিভিন্ন লোকে অংশগ্ৰহণ কৰে ।

বৰ-অসম গঢ়াৰ ক্ষেত্ৰত ছ্যু-কা-ফাৰ অৱদানলৈ শ্ৰদ্ধা জনাই ২ ডিচেম্বৰ তাৰিখটো সমগ্ৰ অসমবাসীয়ে ১৯৯৬ চনৰ পৰা অসম দিৱস বা ছ্যু-কা-ফা দিৱস হিচাবে পালন কৰি আহিছে ৷ আজিৰ দিনটোতে স্বৰ্গদেউ ছ্যু-কা-ফাই পাটকাই পাৰ হৈ অসমভূমিত প্ৰৱেশ কৰিছিল । অসম দিৱস তথা ছ্যু-কা-ফা দিৱসত বৰ অসমৰ নিৰ্মাতা চাওলুং ছ্যু-কা-ফাক শ্ৰদ্ধাৰে স্মৰণ কৰে তেজপুৰৰ টাই আহোম যুৱ পৰিষদে ।

লগতে পঢ়ক : আজি ছ্যু-কা-ফা দিৱস, টিংখাঙত কেন্দ্ৰীয়ভাৱে আয়োজন ছ্যু-কা-ফা দিৱস

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.