ETV Bharat / state

AJYCP Protest in Jorhat: জলসম্পদ বিভাগৰ দুৰ্নীতিগ্ৰস্ত বিষয়াক অপসাৰণৰ দাবী

author img

By

Published : Oct 26, 2022, 5:24 PM IST

জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা খুমন কলিতাক অপসাৰণৰ দাবীত উত্তাল যোৰহাট ৷ নিমাতীৰ পৰা নেউল গাঁও পৰ্যন্ত খহনীয়া ৰোধৰ বাবে অহা শ শ কোটি টকা আত্মসাতৰ অভিযোগ কলিতাৰ বিৰুদ্ধে ৷ জলসম্পদ বিভাগৰ কাৰ্যালয়ৰ চৌহদ উত্তাল প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷

AJYCP Protest in Jorhat
জলসম্পদ বিভাগ দুৰ্নীতিগ্ৰস্ত বিষয়াক অপসাৰণ দাবী

যোৰহাট, ২৬ অক্টোবৰ: ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধত ব্যৰ্থ হোৱা(Brahmaputra Erosion in Jorhat) আৰু জলসম্পদ বিভাগৰ উচ্চপদস্থ বিষয়া দুৰ্নীতিত নিমজ্জিত থকাৰ অভিযোগত বুধবাৰে যোৰহাটস্থিত জলসম্পদ বিভাগ অনুসন্ধান সংমণ্ডলৰ কাৰ্যালয়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে(Asom Jatiyatabadi Yuba Chatra Parishad) ।

জলসম্পদ বিভাগ দুৰ্নীতিগ্ৰস্ত বিষয়াক অপসাৰণ দাবী

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰায় সহস্ৰাধিক কৰ্মীয়ে জলসম্পদ বিভাগ হায় হায়, ৰাজ্য চৰকাৰ গ'বেক, যোৰহাটৰ বিভিন্ন প্ৰান্তত হৈ থকা খহনীয়া প্ৰতিৰোধ কৰক, কাৰ্যবাহী অভিযন্তা খুমন কলিতাক চাকৰি পৰা নিলম্বন কৰক আদি শ্ল'গানেৰে জলসম্পদ বিভাগৰ কাৰ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে(Asom Jatiyatabadi Yuba Chatra Parishad protest in Jorhat) ৷

যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বই অভিযোগ কৰা অনুসৰি, যোৰহাটৰ নিমাতীৰ পৰা নেউল গাঁও পৰ্যন্ত শ শ বিঘা মাটি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত জাহ গৈছে ৷ ইয়াৰ পিছতো খহনীয়া প্ৰতিৰোধ কৰাত চূড়ান্ত ব্যৰ্থতা প্ৰদৰ্শন কৰিছে জলসম্পদ বিভাগে(Water Resources Department) । জলসম্পদ বিভাগৰ একাংশ বিষয়াই খহনীয়া প্ৰতিৰোধৰ নামত অহা কোটি কোটি টকা লুন্ঠন কৰাৰ ফলত আজিৰ সময়ত খহনীয়াই যোৰহাটৰ ভিন্ন প্ৰান্তত ভয়ংকৰ ৰূপ ধাৰণ কৰি আহিছে ।

AJYCP Protest in Jorhat
জলসম্পদ বিভাগ দুৰ্নীতিগ্ৰস্ত বিষয়াক অপসাৰণ দাবী

জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা খুমন কলিতাই খহনীয়া প্ৰতিৰোধ নামত অহা কোটি কোটি টকা গ্ৰো গ্ৰাসে গিলিছে বুলি অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে । তেওঁলোকে লগতে কয় যে, উচ্চপদস্থ বিষয়াৰ আৰ্শীবাদত এই দুৰ্নীতিৰ বজাৰখন এইসকল বিষয়াই ক্ৰমান্বয়ে বঢ়াই লৈ গৈ আছে । খহনীয়া প্ৰতিৰোধৰ নামত দুৰ্নীতিত নিমজ্জিত হৈ থকা খুমন কলিতাক শীঘ্ৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী জনাই প্ৰতিবাদস্থলী উত্তাল কৰি তোলে যুৱ ছাত্র পৰিষদৰ কৰ্মীসকলে ।

উল্লেখ্য যে বছৰ পিছত বছৰ ধৰি ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ নামত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে নিমাতীৰ পৰা নেউল গাঁও পৰ্যন্ত খহনীয়া ৰোধৰ বাবে শ শ কোটি টকা আৱন্টন দি আহিছে ৷ কিন্তু এই পুঁজি লাভ কৰি অহাৰ পাছতো আজি পৰ্যন্ত খহনীয়াৰ পৰা পৰিত্ৰাণ পোৱা নাই নৈপৰীয়া ৰাইজে । এনেধৰণ দুৰ্নীতিগ্ৰস্ত বিষয়া থাকিলে ক'ত খহনীয়া ৰোধ হ'ব বুলি ৰাইজে মাজত প্ৰশ্ন তুলিছে ।

লগতে পঢ়ক: Demand to Repeal AFSPA: ৰাজ্যজুৰি জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.