ETV Bharat / state

Rana Goswami Visits Chowk Bazaar: ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকলক শীঘ্ৰেই সংস্থাপনৰ দাবী ৰাণা গোস্বামীৰ

author img

By

Published : Feb 19, 2023, 10:26 PM IST

APCC Executive President Rana Goswami Visits Jorhat Chowk Bazaar
চ’ক বজাৰ পৰিদৰ্শন কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ

ঐতিহাসিক চ’ক বজাৰ পৰিদৰ্শন যোৰহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ ৷ ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকলৰ লগত মত বিনিময় কৰি সম্প্ৰতি চলিবৰ কাৰণে ব্যৱসায়ীসকলক উৎসৱ পাৰ্বণৰ পূৰ্বে অস্থায়ীভাৱে সংস্থাপন দিবলৈ চৰকাৰলৈ দাবী গোস্বামীৰ (Rana Goswami Visits Chowk Bazaar) ৷

চ’ক বজাৰ পৰিদৰ্শন কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ

যোৰহাট, 19 ফেব্ৰুৱাৰী: যোৰহাট ঐতিহাসিক আৰু ইতিহাসৰ পৃষ্ঠাত স্মৃতি বিজড়িত হৈ থকা চ’ক বজাৰৰ অগ্নিকাণ্ডস্থলী পৰিদৰ্শন কৰে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে । বিশেষ কামৰ বাবে বহিঃৰাজ্যত থকা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকী শনিবাৰে বিয়লি ভাগত পোনে পোনে আহি চ’ক বজাৰত ক্ষতিগ্ৰস্ত হোৱা ব্যৱসায়ীসকলৰ সৈতে মত বিনিময় কৰে ৷ তেওঁলোকৰ লগত মত বিনিময় কৰি ক্ষয়ক্ষতি আৰু বিভিন্ন অভাৱ অভিযোগৰ সম্পৰ্কে বুজ লয় কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে (Rana Goswami Visits Chowk Bazaar)।

ব্যৱসায়ীসকলৰ সৈতে মত বিনিময় কৰি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত যোৰহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে কয়, " চৰকাৰে ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকলক অতি শীঘ্ৰেই সংস্থাপন দিব লাগে ৷ ব্যৱসায়ীসকলৰ লগত বহি আলাপ আলোচনা কৰি চৰকাৰে ৰাইজৰ স্বাৰ্থত পৰবৰ্তী সময়ত সিদ্ধান্ত ল’ব ৷ কিন্তু সদ্যহতে ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকলক অস্থায়ীভাৱে সংস্থাপন দিব লাগে ৷ কাৰণ সমাগত ঈদ, ফাকুৱা, বিহুৰ পৰা আদি কৰি বিভিন্ন উৎসৱ আৰু এই ক্ষুদ্ৰ ব্যৱসায়ীসকল উৎসৱ পাৰ্বণৰ ওপৰতেই নিৰ্ভৰশীল ৷ এই কথা আগত ৰাখিয়েই তেওঁলোকক বৰ্তমানৰ কাৰণে অস্থায়ীভাৱে সংস্থাপন দিব লাগে চৰকাৰে ৷"

তেওঁ লগতে কয় যে, এইসকল ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলক মানৱীয় দৃষ্টিৰে চাই তেওঁলোকক সহায় কৰাৰ প্ৰয়োজন । দুৰ্যোগ প্ৰশমন বিভাগৰ আইনৰ অধীনত আৰু বিশেষ পেকেজ প্ৰদান কৰিবলৈ চৰকাৰ আৰু জিলা প্ৰশাসনক দাবী জনায় কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে (Rehabilitate shopkeepers of fire hit Jorhat bazaar)। আনহাতে চ’ক বজাৰত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডৰ নিখুঁত তদন্ত কৰিবলৈও আহ্বান জনায় ৰাণা গোস্বামীয়ে (APCC Executive President Rana Goswami)।

উল্লেখ্য যে, সময়ৰ সোঁতত পৰি নিমিষতে ধ্বংসস্তূপত পৰিণত হৈ গ’ল ঐতিহাসিক চ’ক বজাৰ (Jorhat chowk bazar fire) । নিমিষতে শেষ হৈ গ’ল ৩০০০ পৰিয়ালৰ জীৱন জীৱিকাৰ উৎপত্তি স্থল । ১৯৫১ চনতে স্বায়ীভাৱে স্থাপিত ঐতিহাসিক চ’ক বজাৰৰ আজি চাৰিও দিশে কেৱল ধ্বংসস্তূপ ৷ যিমান দূৰলৈ চকু যায়, সকলো পিনে ধ্বংসাৱশেষ আচবাব । চকুৰ পচাৰতে শেষ হৈ গ’ল ৩০০০ হাজাৰ পৰিয়ালৰ জীৱন জীৱিকাৰ মূল উৎস (Fire in Jorhat Chowk Bazaar) ।

১৬ ফেব্ৰুৱাৰীৰ নিশা প্ৰায় ৯:৩০ মান বজাত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হয় চৰকাৰী তথ্য মতে ৩৫১ খন আৰু বেচৰকাৰী তথ্য মতে ৫৩০ খন ব্যৱসায়িক প্ৰতিষ্ঠান । এতিয়া জীৱিকাৰ সম্বল বিচাৰি মাথো চিৎকাৰ কৰি উঠিছে ব্যৱসায়ীসকল । জুইৰ লেলিহান শিখাৰ গতি ইমানে বেছি আছিল যে কাষৰীয়া জিলা পৰা অহা অগ্নিনিৰ্বাপক বাহিনীয়ে ১৪ ঘন্টাৰ প্ৰচেষ্টাৰ অন্ততহে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে যোৰহাট চ’ক বজাৰত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে জিলাখনৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে ।

লগতে পঢ়ক: Jorhat Chowk Bazaar fire: যোৰহাটৰ অগ্নিকাণ্ডস্থলী পৰিদৰ্শন সৰ্বানন্দ সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.