ETV Bharat / state

Manipur Violence: শান্তিৰ বাৰ্তা লৈ ফুটবল প্ৰতিযোগিতাত কুকি আৰু মেইটেই সম্প্ৰদায়ৰ ১৫ গৰাকী খেলুৱৈ

author img

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 2:11 PM IST

Updated : Oct 7, 2023, 3:41 PM IST

A Division football championship
শান্তিৰ বাৰ্তালৈ এ ডিভিজন ফুটবল প্ৰতিযোগিতাত কুকি আৰু মেইটে সম্প্ৰদায়ৰ ১৫ গৰাকী খেলুৱৈ

মণিপুৰত চলিছে কুকি আৰু মেইটেইৰ মাজত গোষ্ঠীসংঘৰ্ষ । এই সংঘৰ্ষৰ বাবেই মণিপূৰত স্তব্ধ জনজীৱন । মণিপুৰৰ ভয়ংকৰ হিংসা, হত্যাৰ সমান্তৰালকৈ যোৰহাটৰ খেলপথাৰত দেখা গৈছে সম্পূৰ্ণ বিপৰীত ছবি । যোৰহাটৰ খেলপথাৰত এতিয়া মণিপুৰৰ পৰা আহি কুকি আৰু মেইটেই যুৱকে শান্তি, সম্প্ৰীতিৰে একেলগে থাকি, একেলগে খাই একেটা দলৰ হৈ ফুটবল খেলিছে ।

শান্তিৰ বাৰ্তালৈ এ ডিভিজন ফুটবল প্ৰতিযোগিতাত কুকি আৰু মেইটে সম্প্ৰদায়ৰ ১৫ গৰাকী খেলুৱৈ

যোৰহাট, ৭ অক্টোবৰ: গোষ্ঠীগত সংঘৰ্ষত জৰ্জৰিত মণিপুৰ ৷ পাঁচমাহ উকলি যোৱাৰ পাচতো অৱসান ঘটা নাই এই সংৰ্ঘষৰ ৷ মূলত কুকি-মেইটেইৰ মাজৰ সংঘৰ্ষৰ ফলত এতিয়া ৰাজ্যখনত বহু লোকৰ মৃত্যু হোৱাৰ লগতে ঘৰ-বাৰী হেৰুৱাই গৃহহাৰা হৈছে সহস্ৰাধিক লোক ৷ সংঘৰ্ষৰ ফলত নিজৰ পৰিচয় পত্ৰও হেৰুৱাবলগীয়া হৈছে এইসকল লোকে ৷ কিন্তু গোষ্ঠীগত সংঘৰ্ষত বিধ্বস্ত মণিপুৰৰ সাধাৰণ জনতাই বিচাৰেনে এই সংঘৰ্ষ ৷ অশান্তজৰ্জৰ মণিপুৰৰ শেহতীয়াকৈ পৰিচিত দৃশ্যৰ সলনি দেখা গৈছে কুকি আৰু মেইটেই সম্প্ৰীতিৰ এক বিপৰীত দৃশ্য ৷

অৱশ্যে তাৰ কাৰণে তেওঁলোকে বাচি লৈছে ক্ৰীড়াংগন ৷ প্ৰতিৱেশী ৰাজ্য অসমলৈ আহি ফুটবলৰ জৰিয়তে তেওঁলোকে দাঙি ধৰিছে কুকি আৰু মেইটেইৰ ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ নিদৰ্শন ৷ যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা এ ডিভিজন ফুটবল প্ৰতিযোগিতাত শান্তিৰ বাৰ্তালৈ খেলপথাৰত নামিছে মণিপুৰৰ কুকি আৰু মেইটে সম্প্ৰদায়ৰ ১৫ গৰাকী যুৱক ৷ বিভিন্ন ক্লাৱৰ হৈ সমিল মিলেৰে ফুটবল খেলিছে তেওঁলোকে । ৰমাকান্ত স্পৰ্টিং ক্লাৱৰ হৈ মণিপুৰৰ সাতজনকৈ খেলুৱৈৱে একেলগে নামিছে খেলপথাৰত ৷ তেওঁলোকৰ এজন কুকি আৰু বাকী ছয়জন মেইটেই সম্প্ৰদায়ৰ । তেওঁলোকে শান্তি, সম্প্ৰীতিৰে একেলগে কেম্পত থাকি-খাই একেলগে একেটা দলৰ হৈ ফুটবল খেলিছে ।

কুকি সম্প্ৰদায়ৰ যুৱক ডেনিয়েল গ্ৰান্টৰ মাক-আইতাক সাম্প্ৰদায়িক সংঘৰ্ষত আহত হৈ আশ্ৰয় লৈ আছিল শিবিৰত । ডেনিয়েলে মাক-আইতাকক গুৱাহাটীলৈ আনি ভাড়াঘৰত থৈ যোৰহাটত খেলিছেহি ফুটবল । তেওঁলোকে আশা কৰে মণিপুৰৰ এই সাম্প্ৰদায়িক সংঘৰ্ষ সোনকালে শেষ হ’ব ৷ পূৰ্বৰ দৰে মণিপুৰত পুনৰ কুকি-মেইটেসকলে শান্তিৰে বসবাস কৰিব ৷ তেওঁলোকক দেখি মণিপুৰৰ জনসাধাৰণে পুনৰ ভাতৃত্ববোধ আৰু শান্তিৰে বসবাস কৰিবলৈ আগবাঢ়ি আহিব, এয়াই আশা কৰে তেওঁলোকে ৷

লগতে পঢ়ক: Manipur Violence : ট্ৰেন্সনেচনেল ষড়যন্ত্ৰৰ গোচৰত চুৰাচান্দপুৰত NIA ৰ দ্বাৰা গ্ৰেপ্তাৰ এজন অভিযুক্ত

Last Updated :Oct 7, 2023, 3:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.