ETV Bharat / state

Assam Govt Jorhat Cabinet: যোৰহাটৰ সমস্যা সমাধানৰ আহ্বান যুৱ ছাত্ৰ পৰিষদৰ

author img

By

Published : Dec 13, 2022, 8:45 PM IST

Jorhat
Jorhat

যোৰহাটত অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ সংবাদমেল । কেবিনেট বৈঠকত স্থান পাব লাগিব জিলাখনৰ জ্বলন্ত সমস্যাই । ওলাব লাগিব সমাধান সূত্ৰ (Assam cabinet in Jorhat) ।

যোৰহাটৰ সমস্যা সমাধানৰ আহ্বান যুৱ ছাত্ৰ পৰিষদৰ

যোৰহাট, ১৩ ডিচেম্বৰ : যোৰহাট জিলাৰ জ্বলন্ত সমস্যা শীঘ্ৰে সমাধান কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীক আহ্বান যুৱ-ছাত্ৰ পৰিষদৰ যোৰহাট জিলাসমিতিৰ (AJYCP urged CM to solve problems of Jorhat) । বিগত সময়ছোৱাত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকসমূহ যথা সময়ত অনুষ্ঠিত নোহোৱাৰ বাবে ৰাজ্যখনৰ বহুতো জ্বলন্ত সমস্যা সমাধানৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল (Assam cabinet in Jorhat) ।

কিন্তু বৰ্তমানৰ ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে নিয়মীয়াকৈ কেবিনেট বৈঠক অনুষ্ঠিত কৰিবলৈ গ্ৰহণ কৰা সিদ্ধান্তক সদৰ্থক দৃষ্টিভংগীৰে গ্ৰহণ কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে (CM Himanta Biswa Sarma) । ইয়াৰ সমান্তৰালভাৱে ৰাজ্যিক কেবিনেট বৈঠক ৰাজ্যখনৰ বিভিন্ন অঞ্চলত অনুষ্ঠিত কৰাৰ পদক্ষেপক কেৱল প্ৰচাৰ লাভৰ মাধ্যম কৰাৰ পৰিৱৰ্তে জনসাধাৰণৰ স্বাৰ্থত উৎসৰ্গিত কৰিবলৈ যুৱ-ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে ৰাজ্যিক কেবিনেটৰ প্ৰতি আহ্বান জনাইছে (AJYCP Jorhat district press meet) ।

যোৰহাট প্ৰেছ ক্লাবত মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি যুৱ-ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিৰ সভাপতি প্ৰণৱজ্যোতি শইকীয়া আৰু সাধাৰণ সম্পাদক বাবু দত্তই উল্লেখ কৰে যে বহু সমস্যাৰে আজি যোৰহাটবাসী ভাৰক্ৰান্ত হৈ থাকিবলগীয়া হৈছে । যোৰহাট জিলাখনত স্বাস্থ্য, খোৱাপানী, সুস্থিৰ যাতায়াত ব্যৱস্থা, পৰিষ্কাৰ-পৰিছন্ন পৰিবেশৰ অভাৱ ।

জিলাবাসীক এনেধৰণৰ এশ এবুৰি সমস্যাই ভাৰাক্ৰান্ত কৰি ৰখাৰ সময়তে বৃহৎ পৰিমাণৰ অৰ্থ, সমগ্ৰ প্ৰশাসন যন্ত্ৰ, ব্যাপক প্ৰচাৰৰ মাজত আয়োজিত কেবিনেট বৈঠকসমূহ তেতিয়াহে সফল তথা সাৰ্থক হ'ব যেতিয়া উক্ত অঞ্চলৰ গুৰুত্বপূৰ্ণ তথা জ্বলন্ত সমস্যাসমূহ কেবিনেট বৈঠকৰ আলোচনাত স্থান পাব আৰু আলোচনাৰ মাজেৰে তাৰ সমাধান সূত্ৰ উলিয়াব পৰা যাব । অন্যথা সমগ্ৰ ব্যৱস্থাতো প্ৰহসনত পৰিণত হ'ব ।

উল্লেখ্য, অহা ১৫ ডিচেম্বৰত যোৰহাট জিলাত আয়োজন কৰিবলৈ লোৱা কেবিনেট বৈঠকৰ প্ৰাক-মুহূৰ্তত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, যোৰহাট জিলা সমিতিয়ে কেইবাটাও গুৰুত্বপূৰ্ণ সমস্যা কেবিনেট বৈঠকখন অনুষ্ঠিত কৰাৰ আগমুহূৰ্তত চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰাৰ লগতে ইয়াৰ সমাধান কৰিবলৈ দাবী উত্থাপন কৰিছে । যোৰহাটৰ স্বাস্থ্য শিক্ষাৰ পৰিচয় বহন কৰা ৰাজ্যৰ হোমিঅ'পেথিক চিকিৎসাৰ বাটকটীয়া জে কে শইকীয়া হোমিঅ'পথিক কলেজৰ উত্তৰণ ঘটোৱাৰ সলনি বন্ধ কৰাৰ ব্যৱস্থাহে কৰি আহিছে (JK Saikia Homoeopathic College) ।

অন্যহাতে, মাজুলী, যোৰহাট, শিৱসাগৰ, গোলাঘাট জিলাৰ উপৰি নাগালেণ্ডৰ অধিকাংশ জনতাই চিকিৎসা সেৱা বিচাৰি অহা যোৰহাট চিকিৎসা মহাবিদ্যালয়খনত আজিও আৰম্ভ নহ'ল বহু গুৰুত্বপূৰ্ণ বিভাগ (Jorhat Medical College and Hospital) । ছুপাৰ স্পেচিয়েলিটী চিকিৎসালয় হিচাপে গঢ়ি তোলাৰ বাবে নিউৰ'লজী, শিশু ৰোগ অস্ত্ৰোপ্ৰচাৰ, নেফ্রোলজি , ইউৰ'লজী, প্লাষ্টিক ছাৰ্জাৰী বিভাগসমূহ সম্পূৰ্ণ নহ'ল । একেদৰে নিউৰো অস্ত্ৰোপচাৰ আৰু গেষ্ট্ৰোএণ্ট্ৰ'লজী বিভাগ দুটা এতিয়া ভালুকৰ সাঙীৰ দৰেহে হৈ পৰিছে ।

অতি পৰিতাপৰ কথা যে চৰকাৰে আধুনিক যন্ত্ৰপাতিৰ ব্যৱস্থা কৰিবলৈ সক্ষম নোহোৱাত উক্ত অতি বিশেষ বিভাগটোত নিযুক্তি পোৱা স্নায়ু শৈল্য চিকিৎসককেইজনে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় এৰি গুচি যাবলগা পৰিবেশৰ সৃষ্টি হৈছে । ৰোগ চিনাক্তকৰণৰ বাবে অতি গুৰুত্বপূৰ্ণ চিকিৎসালয়খনৰ ৰেডিঅ'লজী বিভাগৰ অৱস্থাও তথৈবচ । ৰেডিঅ'লজী বিভাগৰ ৬ টা আলট্ৰাছাউণ্ড মেচিনৰ মাত্ৰ এটাহে কাৰ্যক্ষম হৈ আছে । আনহাতে, চিটিস্কেন মেচিনৰ এক গুৰুত্বপূৰ্ণ অংশ ১৬ টা শ্লাইড প্ৰায় বিকল হৈ থাকে ।

বহু ক্ষেত্ৰত উপযুক্ত চিকিৎসাৰ অভাৱৰ কাৰণে ৰোগীক ডিব্ৰুগড় বা গুৱাহাটীলৈ বহু সমস্যাৰ মাজেৰে নিবলগীয়া হৈ আহিছে । সেয়েহে কেইবাখনো জিলাৰ মাজত অৱস্থিত অতি গুৰুত্বপূৰ্ণ "যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়"খন "অতি বিশেষ চিকিৎসালয়" হিচাপে গঢ়ি তুলি জনসাধাৰণৰ চিকিৎসাৰ সমস্যাসমূহ নিৰ্মূল কৰিবলৈ নেতাদ্বয়ে অসম চৰকাৰক দাবী জনায় । নগৰখনৰ সমস্যাসমূহৰ মাজত যান-জঁটৰ সমস্যাটো অতি দীৰ্ঘদিনীয়া আৰু ক্ৰমান্বয়ে এই সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে ।

যান-জঁটৰ সমস্যা সমাধানৰ কাৰণে প্ৰায় ১০.৫১ কোটি টকা ব্যয়সাপেক্ষে ২০১৩ চনৰ অক্টোবৰ মাহত যোৰহাট নগৰৰ মাজমজিয়াত "বহুমহলীয়া কাৰ পাৰ্কিঙ"ৰ আধাৰশিলা স্থাপন কৰিছিল যদিও আজিলৈকে ৩০% কামহে সম্পূৰ্ণ হ'ল । অথচ কাম সম্পূৰ্ণ নকৰাকৈয়ে ৫ কোটি টকা ঠিকাদাৰক মোকোলাই দিয়া হ'ল । ইয়াৰো এক বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে শীঘ্ৰে উক্ত কাৰ পাৰ্কিঙৰ নিৰ্মাণ সম্পূৰ্ণ কৰি যোৰহাটবাসীক উপহাৰ দিবলৈ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে দাবী জনায় ।

তাৰোপৰি নগৰখনৰ যান-জঁট সমস্যা সমাধানৰ বাবে নিৰ্মাণৰ কাম ২০২২ বৰ্ষৰ মাৰ্চতে সম্পূৰ্ণ হ'বলগীয়া "ন-আলি উৰণীয়া সেতু"ৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ পৰিষদে দাবী জনায় । যোৰহাট নগৰৰ যান-জঁট সমস্যাৰ অন্যতম মূল কাৰণ হিচাপে চিহ্নিত ঐতিহাসিক চ'ক বজাৰৰ সামগ্ৰিক উত্তৰণ প্ৰকল্পৰ প্ৰায়োগিক অৰ্থত কাৰ্যকৰীকৰণত যোৰহাট জিলা প্ৰশাসনে গ্ৰহণ কৰা সোপাধিলা আৰু হোঁহকা-পিছলা নীতিৰ বাবে আজিকোপতি আঁচনিখনৰ সফল ৰূপায়ণ নোহোৱাৰ ফলত নগৰখনত তীব্ৰ যান-জঁট সমস্যাৰ সৃষ্টি হৈছে ।

লগতে "গৃহ আৰু নগৰ উন্নয়ন নিগম লিমিটেড"ৰ পৰা লোৱা বহু কোটি টকা ব্যয়েৰে নগৰৰ মাজৰ ৰাজহুৱা বাছ আস্থানটো আই এছ বি টিৰ সন্মুখলৈ নি নিৰ্মাণ কৰা প্ৰকল্প আজিও হৈ নুঠিল, কেৱল প্ৰহসনতহে পৰিণত হৈ ৰ'ল । তদুপৰি, যোৰহাট নগৰৰ বিভিন্ন স্থানত অৱস্থিত একোটা বিভাগৰে সুকীয়া সুকীয়া কাৰ্যালয়সমূহ একত্ৰিত কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু খালি হোৱা ভূমিত পাকিং বা পাৰ্কৰ ব্যৱস্থা কৰি নগৰখনৰ সৌন্দৰ্যবৰ্ধনৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ।

অন্যহাতে, ৫ কোটি টকা ব্যয়সাপেক্ষে যোৰহাট মাছৰ বজাৰ নিৰ্মাণৰ বাবে ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত আধাৰশিলা স্থাপন কৰিছিল যদিও আজি পৰ্যন্ত উক্ত বজাৰখনৰ নিৰ্মাণৰ কাম আধাৰশিলাতেই আবদ্ধ ৰৈ ৰ'ল । ইয়াৰো এক ব্যৱস্থা গ্ৰহণৰ দাবী জনায় । "প্ৰধানমন্ত্ৰী স্বচ্ছ ভাৰত শ্লোগান"ৰ এক বিপৰীত প্ৰতিচ্ছবিহে পৰিলক্ষিত হৈ আহিছে । উপযুক্ত জাবৰ-জোঁথৰ পেলোৱা স্থানৰ অভাৱৰ ফলত নগৰৰ বহু স্থান কদৰ্যময় হৈ পৰিছে । বৰ্তমান নগৰৰ মাজমজিয়াত থকা ডাম্পিং স্থানত জাবৰৰ দমে সৃষ্টি কৰা প্ৰদূষণে উক্ত অঞ্চলৰ জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে । প্ৰায় ৮৫ লাখ টকা ব্যয়সাপেক্ষে "ছলিডৱেষ্ট মেনেজমেণ্ট" প্ৰকল্প স্থাপন কৰিছিল যদিও আজি পৰ্যন্ত প্ৰকল্পটো হৈ নুঠিল ।

সেয়েহে উক্ত প্ৰকল্পটো শীঘ্ৰে পূৰ্ণাংগ ৰূপ দিবলৈ পৰিষদে দাবী জনাইছে । যোৰহাট জিলাখনৰ সমস্যাসমূহৰ মাজত খোৱাপানী সমস্যাটো অতি ভয়ানক সমস্যা হিচাপে চিহ্নিত হৈ আহিছে । জিলাখনত খোৱাপানী সমস্যা সমাধানৰ অৰ্থে "জল জীৱন মিছন"ৰ অধীনত ২০১৪ চনতে নিৰ্মাণৰ কাম আৰাম্ভ কৰা "গ্ৰেটাৰ যোৰহাট", "গ্ৰেটাৰ ঠেঙ্গাল", গ্ৰেটাৰ চেলেং" প্ৰকল্পৰ কাম আজি পৰ্যন্ত সম্পূৰ্ণ নোহোৱাৰ বাবে আজিও যোৰহাটবাসী ৰাইজে বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ আছে । উক্ত প্ৰকল্পকেইটা শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ দাবী জনায় ।

যোৰহাট জিলাখনৰ অন্য এক দীৰ্ঘদিনীয়া আৰু ভয়ঙ্কৰ সমস্যা হৈছে বানপানী আৰু গৰাখহনীয়া সমস্যা । উক্ত সমস্যা সমাধানৰ আশা পুহি ৰাখিছে যুৱ-ছাত্র পৰিষদে ।

লগতে পঢ়ক :100 years of ATI: অসম টেক্সটাইল ইনষ্টিটিউটৰ শতবৰ্ষৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.