ETV Bharat / state

অগপৰ প্ৰতিষ্ঠা দিৱস পালন

author img

By

Published : Oct 15, 2020, 8:32 AM IST

ৰাজ্য়জুৰি অসম গণ পৰিষদ দলৰ 36 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন । যোৰহাটত বৃহৎ জন সমাগমে প্ৰমাণ কৰিলে দলটোৰ প্ৰতি থকা ৰাইজৰ আস্থাৰ কথা ।

agp foundation day celebration in jorhat assam etv bharat news
অগপৰ প্ৰতিষ্ঠা দিৱস পালন

যোৰহাট,15 অক্টোবৰ: অসমৰ ৰাজনৈতিক ইতিহাসত 14 অক্টোবৰৰ দিনটোৰ গুৰুত্ব বহুগুণে বেছি । কিয়নো এই দিনটোতে গোলাঘাটত ভূমিষ্ঠ হৈছিল আঞ্চলিক দল অসম গণ পৰিষদৰ । প্ৰায় ছবছৰীয়া অসম আন্দোলনৰ ফলস্বৰূপে গঠন হোৱা ৰাইজৰ দলটোৱে সম্পূৰ্ণ কৰে 35 বছৰ ৷ সেই উপলক্ষে যোৰহাটৰ দেৰগাঁও বিধানসভা সমষ্টিৰ ওপৰ দেউৰী গাঁৱৰ ৰংগমঞ্চত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে সহস্ৰাধিক লোকে ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, কেশৱ মহন্ত, কল্পনা পাটোৱাৰীকে ধৰি বহু নেতা ৷

দলৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সাংবাদিকৰ আগত জ্যেষ্ঠ নেতা কেশৱ মহন্তই পূৰ্বৰ অসম গণ পৰিষদ আৰু বৰ্তমানৰ অসম গণ পৰিষদৰ মাজত বহুত পাৰ্থক্য থকাৰ কথা ব্যক্ত কৰে । পূৰ্বে দলটোৱে বহু ভুল কৰাৰ ফলত ৰাইজৰ মাজৰ পৰা আঁতৰি আহিছিল, বৰ্তমান দলটোৰ সম্পূৰ্ণ নতুন ৰূপত প্ৰকাশ পোৱাৰ কথা ব্যক্ত কৰে অগপ নেতাগৰাকীয়ে । যাৰ ফলত বহু গণ্য-মান্য ব্যক্তিয়ে দলটোত যোগদান কৰে ৷

অগপৰ প্ৰতিষ্ঠা দিৱস পালন

আনহাতে, অসম গণ পৰিষদৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাই দলটো ৰাজ্য খনৰ ৰাইজৰ আটাইতকৈ মৰমৰ আৰু শক্তিশালী দল বুলি দাবী কৰে । অসম গণ পৰিষদৰ জন্ম-উদ্দেশ্য সম্পূৰ্ণ পৃথক । সেয়ে দলটোক অযথা সমালোচনা কৰি লাভ নাই । কিন্তু শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে সৃষ্টি হোৱা ৰাজনৈতিক দলসমূহৰ সৈতে এই দল একমত নোহোৱাৰ কথা প্ৰকাশ কৰে বৰাই ৷ অসম জাতীয় পৰিষদে অসম গণ পৰিষদ নাম নকল কৰি ৰাইজৰ মাজলৈ যাবলৈ চেষ্টা কৰাৰো অভিযোগ উত্থাপন কৰে অগপৰ সভাপতিগৰাকীয়ে ।

প্ৰতিষ্ঠা দিৱসত কি অনুভৱ দলটোৰ সভাপতিৰ

উল্লেখ্য যে,এই অনুষ্ঠানত অগপৰ বহুকেইগৰাকী নেতা-কৰ্মী উপস্থিত থাকে । কৰ’ণাৰ সংক্ৰমণ ৰোধৰ বাবে যি সামাজিক দূৰত্ব বাধ্যতামূলক সেয়া একপ্ৰকাৰ ফুটুকাৰ ফেনলৈ পৰিণত হয় এই অনুষ্ঠানত ৷

লগতে চাওকঃ নাওবৈচা-টীয়কত অগপৰ 36 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.