ETV Bharat / state

সমস্যাৰে জৰ্জৰিত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত বিকল চিটি স্কেন মেচিন

author img

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 5:22 PM IST

poor infrastructure in JMCH
সমস্যাৰে জৰ্জৰিত যোৰহাট চিকিৎসা মহাবিদ্যালয়

বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ আহিছে যোৰহাট চিকিৎসা মহাবিদ্যালয় । তাৰ মাজতে ১০ মাহে বিকল হৈ আছে চিটি স্কেন মেচিন ।

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত বিকল চিটি স্কেন মেচিন

যোৰহাট, ২৮ নৱেম্বৰ : উজনি অসমৰ এখন অন্যতম অগ্ৰণী চিকিৎসা মহাবিদ্যালয় হৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয় । কিন্তু বৰ্তমান বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ পৰিছে যোৰহাট চিকিৎসা মহাবিদ্যালয়খন । কাৰণ চিকিৎসা মহাবিদ্যালয় এখনত অতি প্ৰয়োজনীয় হৈছে এটি চিটি স্কেন মেচিন । কিন্তু এই চিটি স্কেন মেচিনটো বিগত ১০ মাহ ধৰি বিকল হৈ পৰি আছে । ফলত দৰিদ্ৰ ৰোগীসকলে দুৰ্ভোগ ভুগি আহিছে ।

আনহাতে, চিকিৎসালয়খনৰ ভিতৰত চিটি স্কেন মেচিনৰ সুবিধা লাভ নকৰাত তেওঁলোকে উচ্চ মূল্যত ব্যক্তিগত খণ্ডৰ ক্লিনিক আৰু ব্যক্তিগত চিকিৎসালয়ত চিটি স্কেন কৰিবলগা হয় । কিন্তু এই দীৰ্ঘদিনীয়া সমস্যাটো সমাধান কৰাত চিকিৎসালয় কৰ্তৃপক্ষ আৰু স্বাস্থ্য বিভাগে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই ।

ইয়াৰ উপৰি যিকেইটা আল্ট্ৰাছাউণ্ড, এমআৰআই আদি মেচিন আছে, সেইকেইটাও মাজে মাজে বিকল হৈ পৰাত ৰোগীৰ অভিভাৱসকল দুৰ্ভোগ ভুগিবলগা হয় । আনহাতে, চিকিৎসা মহাবিদ্যালয়খনৰ বিভিন্ন বিভাগ এতিয়াও পৰ্যাপ্ত আন্তঃগাঁথনিৰ অভাৱত ভুগি আছে বুলি অভিযোগ উথাপিত হৈছে । এনে ধৰণৰ সমস্যা সমাধান কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়খনক এখন পূৰ্ণাংগ চিকিৎসা মহাবিদ্যালয় হিচাপে গঢ়ি তুলিবলৈ যোৰহাট জিলা আছুৱে দাবী জনাইছে ।

এই দাবী আছুৰ দীৰ্ঘদিনীয়া বুলি উল্লেখ কৰে যোৰহাট জিলা আছুৰ সাধাৰণ সম্পাদক অৰ্জন মণি ভুঞাই । লগতে তেওঁ উল্লেখ কৰে যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা সম্পৰ্কীয় বিভিন্ন সা-সুবিধা গ্ৰহণ কৰিবলৈ যোৰহাটৰ লগতে দাঁতিকাষৰীয়া গোলাঘাট, শিৱসাগৰ আৰু কাষৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰাও ৰোগী আহে । ফলত এনেধৰণৰ সমস্যাই এইসকল লোকক দুৰ্ভোগ যে ভুগাইছে সেয়া একপ্ৰকাৰ নিশ্চিত । এতিয়া প্ৰশ্ন উত্থাপন হৈছে, কেতিয়া ইয়াৰ সমাধান হ'ব । যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সমস্যা কেনেদৰে সমাধান হয় সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক :উত্তৰ গুৱাহাটীত ১৫ কোটি টকাৰ ড্ৰাগছ জব্দ, শূণ্যলৈ গুলীচালনা আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.