ETV Bharat / state

যোৰহাট বাইপাছৰ পৰা টীয়কলৈ নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় ঘাইপথত কেতিয়া সম্পূৰ্ণ হ’ব ! দল সংগঠনৰ প্ৰশ্ন

author img

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 12:39 PM IST

AASU demands completion of construction of NH :যোৰহাট বাইপাছৰ পৰা টীয়কলৈ নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় ঘাইপথত কেতিয়া সম্পূৰ্ণ হ’ব ! পথছোৱাৰ কিছু অংশত নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতো কি আজিও ব্যৱস্থা কৰা নহ’ল উপযুক্ত সাংকেতিক চিহ্ণ ! এই প্ৰশ্ন টীয়কৰ দল সংগঠনৰ ৷

AASU demands early completion of construction of NH
যোৰহাট বাইপাছৰ পৰা টীয়কলৈ নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় ঘাইপথত কেতিয়া সম্পূৰ্ণ হ’ব

যোৰহাট বাইপাছৰ পৰা টীয়কলৈ নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় ঘাইপথত কেতিয়া সম্পূৰ্ণ হ’ব

টীয়ক, 4 জানুৱাৰী : বুধবাৰে পুৱা দেৰগাঁৱৰ বালিজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাৰ পাছতে সমগ্ৰ অসমতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ঘন কুঁৱলী, চালকে সুৰা সেৱন কৰা বাবে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ লগতে নিৰ্মীয়মান চাৰিলেনযুক্ত পথৰ দুৰৱস্থাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে বুলি সৰ্বত্ৰে চৰ্চা চলিছে ৷ অভিযোগ অনুসৰি, দুৰ্ঘটনা সংঘটিত কৰা স্থানত পথৰ ওপৰত কোনো ধৰণৰ সাংকেতিক চিহ্ন নাছিল ৷ যাৰ বাবে উক্ত দুৰ্ঘটনাটো সংঘটিত হৈছে আৰু প্ৰায় 12 জনকৈ লোকৰ মৃত্যু হৈছিল ৷

ইফালে উজনি অসমৰ অতি ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথটোৰ শামুকীয়া গতিত সম্প্ৰসাৰণ কৰি থকাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন কৰে ৰাইজে ৷ আনহাতে যোৰহাট বাইপাছৰ পৰা টীয়কলৈ নিৰ্মীয়মান 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে হাহাকাৰ কৰিব লগা হৈছে ৰাইজে ৷ কাৰণ ঠায়ে ঠায়ে খনন কৰাৰ ফলত সৰু বৰ পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৷

সেয়ে ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ নিৰ্মাণ কাৰ্য শীঘ্ৰে সম্পন্ন কৰিবলৈ দাবী উত্থাপন কৰিছে টীয়ৰ বিভিন্ন দল সংগঠনে ৷ ইফালে টীয়ক থানাৰ সন্মুখত দুটা পথৰ প্ৰায় নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে যদিও পথটোত উপযুক্ত নিৰ্দেশনা নথকাৰ ফলত প্ৰায়ে সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে বুলি অভিযাগ উত্থাপন কৰে দল-সংগঠনে ৷

দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতহে সাৰ পাব নেকি নিৰ্মাণকাৰী সংস্থাই ! দুই এক স্থানত বাহৰ গোজ মাৰিয়ে কিয় দায়িত্ব সামৰিছে প্ৰশাসনে ! এই প্ৰশ্ন কৰিছে ৰাইজে ! সেয়ে দেৰগাঁৱৰ দৰে অনুৰূপ ঘটনা যাতে টীয়কত সংঘটিত নহয় তাৰ বাবে এতিয়াই চৰকাৰ তথা প্ৰশাসনক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে টীয়কৰ বিভিন্ন দল-সংগঠনে ।

লগতে পঢ়ক : দেৰগাঁও পথ দুৰ্ঘটনা: JMCH-বচা ভৰলুৱা গাঁৱত এতিয়া কান্দোনৰ ৰোল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.