দেৰগাঁও পথ দুৰ্ঘটনা: JMCH-বচা ভৰলুৱা গাঁৱত এতিয়া কান্দোনৰ ৰোল

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 2:32 PM IST

thumbnail

যোৰহাট, 3 জানুৱাৰী : সমগ্ৰ ৰাজ্য জোকাৰিছে দেৰগাঁৱৰ বালিজানত সংঘটিত হোৱা ভয়াৱহ পথ দুৰ্ঘটনাই ৷ বৰ্তমানলৈকে এই পথ দুৰ্ঘটনাত 12 জন লোকে মৃত্যুক আকোঁৱালি লৈছে ৷ আনহাতে ৩১ জন বৰ্তমান JMCHত চিকিৎসাধীন হৈ আছে ৷

ইয়াৰ পিচতে হাস্পতালখনত ৰোগীৰ আত্মীয়ই ভিৰ কৰিছেহি ৷ তেওঁলোকৰ আত্মীয়ক হেৰুৱাই বাকৰুদ্ধ হৈ পৰিছে আত্মীয় ৷ কোনে দিব এই সকলক সান্তনা ! আনহাতে আহতসকলৰ চিকিৎসাৰ ক্ষেত্ৰত হেমাহি কৰাৰো অভিযোগ উথাপিত কৰিছে পৰিয়ালবৰ্গই ৷ সেয়েহে আত্মীয়ই আহতসকলক পৰ্যাপ্ত চিকিৎসা সা-সুবিধা প্ৰদান কৰিবলৈ আহ্বান জনাইছে চিকিৎসালয় কৰ্তৃপক্ষক। যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু বচা ভৰলুৱা গাঁৱত বৰ্তমান এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ৷ বিশেষ সূত্ৰৰ পৰা জানিব পৰামতে আহতসকলৰ বুজ ল’বলৈ বিয়লিৰ ভাগত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যোৰহাটত উপস্থিত হোৱাৰ সম্ভাৱনা আছে ৷ 

লগতে পঢ়ক: অবৈধ সুৰা বিক্ৰী কৰা ধাবাত ছীল-মোহৰ মাৰিলে মৰিগাঁও জিলা প্ৰশাসনে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.