ETV Bharat / state

Operation against Drugs: অসামাজিক কাৰ্যকলাপৰ ঘাটিত পৰিণত নামতোলা

author img

By

Published : Jan 29, 2023, 8:24 AM IST

Operation against Drugs at Namtola
অসামাজিক কাৰ্যকলাপৰ ঘাটিলৈ পৰিণত নামতোলা

ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে জোৰদাৰ অভিযান অব্যাহত আছে আৰক্ষীৰ (Operation against drugs in across Assam) ৷ শনিবাৰে নামতোলাত আৰক্ষী আৰু সেনা বাহিনীয়ে অভিযান চলাই এক ড্ৰাগছৰ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হয় ৷ ইফালে আৰক্ষী আৰু সাংবাদিকৰ কেমেৰা দেখি ছত্ৰভংগ দিয়ে ড্ৰাগছ কেইবাটাও সেৱনকাৰীয়ে (Operation against drugs at Namtola) ৷

অসামাজিক কাৰ্যকলাপৰ ঘাটিলৈ পৰিণত নামতোলা

মৰাণ, 29 জানুৱাৰী: নিচাৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা অসম আৰক্ষী যিমানেই কঠোৰ হৈছে, ড্ৰাগছৰ বিৰুদ্ধে যিমানেই জোৰদাৰ অভিযান চলিছে, সিমানেই বিভিন্ন কূট কৌশল অৱলম্বন কৰিবলৈ ধৰিছে ড্ৰাগছ সৰবৰাহকাৰীয়েও (Operation against drugs in across Assam) ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হ'বলৈ নিৰ্দেশ দিছে যদিও চৰাইদেউ জিলাত আজিও ড্ৰাগছৰ সৰবৰাহ বন্ধ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী । অসম-নাগালেণ্ড সীমান্তৰ নামতোলাত দিনক দিনে বৃদ্ধি পাইছে অসামাজিক কাৰ্যকলাপৰ লগতে মদ, ভাং তথা ড্ৰাগছৰ অবৈধ ব্যৱসায় ।

চৰাইদেউ জিলা আৰক্ষীয়ে নামতোলা আৰক্ষীৰ (Namtola Police against drugs) সহযোগত প্ৰায়েই এই অঞ্চলত অসামাজিক কাৰ্যকলাপৰ ঘাটিসমূহ উচ্ছেদ কৰাৰ লগতে অসাধু চক্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও সফল হ’ব পৰা নাই (Anti drugs mission in Assam) ৷ বিশেষকৈ অঞ্চলটোৰ কিছু গোপন পথেদি চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ লগত যোগাযোগ ৰাখি অনৈতিক কাৰ্যকলাপ অব্যাহত ৰাখিছে দুষ্ট চক্ৰই (Operation against drugs at Namtola)।

শনিবাৰে নামতোলাত আৰক্ষী আৰু সেনা বাহিনীয়ে অভিযান চলাই এক ড্ৰাগছৰ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হয় । এক গোপন সূত্ৰৰ পৰা চৰাইদেউ আৰক্ষী আৰু সেনাবাহিনীৰ এটা দলে এটা অৰ্ধনিৰ্মিত ঘৰত একাংশ লোকে ড্ৰাগছ সেৱন কৰি থকাৰ খবৰ লাভ কৰে ৷ সেই খবৰৰ ভিত্তিতেই আৰক্ষীয়ে ঘৰটো ঘেৰাও কৰাত ঘৰটোৰ ভিতৰত থকা ড্ৰাগছ সেৱনকাৰী কেইটাই পলাই পত্ৰং দিয়ে ৷ এই সমগ্ৰ দৃশ্য বন্দী হয় সাংবাদিকৰ কেমেৰাত ৷

জানিবলৈ পৰা মতে, এই ক্ষেত্ৰত ড্ৰাগছ সেৱনকাৰীক সহায় কৰিছে অসম নাগালেণ্ডৰ সীমান্তত থকা এখন নদীয়ে । অসমৰ মাটিত দিন দুপৰতে ড্ৰাগছ সেৱন কৰি থকা ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে ধৰিবলৈ গ’লেও ড্ৰাগছ সেৱনকাৰীয়ে নদীখন পাৰ হৈ নাগালেণ্ডত প্ৰৱেশ কৰাত বিবুধিত পৰে অসম আৰক্ষী ।

উক্ত অভিযানত আৰক্ষী আৰু সেনা বাহিনীৰ দলে বৃহৎ পৰিমাণৰ ড্ৰাগছ ভাং আৰু ড্ৰাগছ সেৱনত ব্যৱহাৰ হোৱা সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে । কিন্তু আৰক্ষীয়ে কোনো এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম নহ'ল (Drugs seized in Assam Nagaland border) । সীমান্তৱৰ্তী নামতোলাস্থিত বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান এতিয়া মদ, ভাং তথা ড্ৰাগছৰ অবৈধ ঘাটি হৈ পৰিছে । ব্যৱসায়ৰ অচিলাৰে নামতোলাৰ একাংশ ব্যৱসায়ীয়ে প্ৰকৃততে নামতোলাত অবৈধ ব্যৱসায়ৰ জৰিয়তে মুনাফা অৰ্জন কৰা বুলিও অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়ক: Jorhat Police Drugs seized: যোৰহাটত ড্ৰাগছসহ দুই সৰবৰাহকাৰী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.