Jorhat Police Drugs seized: যোৰহাটত ড্ৰাগছসহ দুই সৰবৰাহকাৰী আটক

By

Published : Jan 24, 2023, 9:00 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

নিচাৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা অসম আৰক্ষীয়ে এতিয়াও ড্ৰাগছৰ বিশাল সাগৰখনৰ পাৰ পাবলৈ সক্ষম হোৱা নাই ৷ আৰক্ষী যিমানেই কঠোৰ হৈছে, ড্ৰাগছৰ বিৰুদ্ধে যিমানেই জোৰদাৰ অভিযান চলিছে, সিমানেই বিভিন্ন কূট কৌশল অৱলম্বন কৰিবলৈ ধৰিছে ড্ৰাগছ সৰবৰাহকাৰীয়েও ৷ কিন্তু স্থৱিৰ হোৱা নাই আৰক্ষীৰ অভিযান (Anti Drugs Mission in Assam) ৷  

ৰাজ্যৰ মধ্যভাগৰ লগতে ড্ৰাগছ সৰবৰাহ হোৱা সীমামূৰীয়া অঞ্চলসমূহতো আৰক্ষীয়ে প্ৰতিনিয়ত তীক্ষ্ণ দৃষ্টি ৰাখি আহিছে ৷ যোৰহাটৰ টোকোলাই নগৰত সোমবাৰে DSP স্মৃতিৰেখা ফুকনৰ নেতৃত্বত ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান চলাই যোৰহাট আৰক্ষীয়ে (Jorhat Police seized drugs)। এই অভিযানকালত আৰক্ষীয়ে ড্ৰাগছসহ দুই সৰবাহকাৰীক আটক (2 drugs peddlers arrested) কৰিবলৈ সক্ষম হয় (Drugs seized in Jorhat)৷  

ইতিমধ্যে যোৰহাট আৰক্ষীয়ে ক্ৰমবৰ্ধমান হাৰত ড্ৰাগছৰ লগতে নিচাজাতীয় সামগ্ৰী বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে । এই অভিযানকালত 66.34 গ্ৰাম ড্ৰাগছ জব্দ কৰাৰ লগতে উদ্ধাৰ নগদ 1 লাখ 16 হাজাৰ টকা উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ আৰক্ষীয়ে জনোৱা অনুসৰি 6 টা চাবোনৰ বাকচত লুকুৱাই ৰাখিছিল জব্দকৃত ড্ৰাগছখিনি ৷ ইয়াৰ লগতে 16 টা খালী কণ্টেইনাৰো উদ্ধাৰ কৰিছে আৰক্ষীয়ে (16 container seized) ৷ আৰক্ষীয়ে এখন স্কুটীও জব্দ কৰে ৷ তাৎপৰ্যপূৰ্ণ যে যোৰহাট নগৰৰ ৰজামৈদাম নিউ কলনী, ঢাকাইপট্টি, মেছট্ৰপট্টি, বৰিগাঁও, চিনামৰা, টোকোলাই, শুৱনি গাঁও আদি ঠাই বা অঞ্চলসমূহত দীৰ্ঘদিন ধৰি অসামাজিক কাৰ্যকলাপ সংঘটিত হৈ আহিছে ।  

উক্ত ঠাইসমূহত ড্ৰাগছ বিক্ৰী আৰু সেৱনৰ দৰে সমাজধ্বংসী কাৰ্যকলাপ সংঘটিত হৈ আহিছে যদিও আৰক্ষীৰ সক্ৰিয় ভূমিকাই ড্ৰাগছৰ ব্যৱহাৰ আৰু সৰবৰাহ কিছু পৰিমানে ৰোধ কৰাত সফলতা লাভ কৰিছে । উল্লেখযোগ্য যে, যোৰহাট জিলাখনৰ বিভিন্ন স্থানত আৰক্ষীয়ে ড্ৰাগছ,গাঞ্জা আৰু অবৈধ সুৰাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে ৷ বিগত সময়চোৱাত এই ধাৰাবাহিক অভিযানত ব্যাপক সফলতাও লাভ কৰিছে যোৰহাট আৰক্ষীয়ে (Jorhat Police) ৷  

লগতে পঢ়ক: Two oil thieves arrested in Bihar: বিহাৰত দুই তেলচোৰক গ্ৰেপ্তাৰ কৰিলে টীয়ক আৰক্ষীয়ে

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.