ETV Bharat / state

Timber seized in Hojai: হোজাইত চোৰাং কাঠসহ জব্দ বাহন

author img

By

Published : Jul 24, 2022, 1:52 PM IST

ৰাজ্য়জুৰি অব্য়াহত আছে চোৰাং কাঠৰ বেহা । ইয়াৰ মাজতে হোজাইত বন বিভাগে জব্দ কৰে চেগুন কাঠৰ কুণ্ডাসহ এখন বাহন (Smuggling Wood seized at Nakhuti in Hojai)।
Timber seized in Hojai
Timber seized in Hojai

হোজাই,২৪ জুলাই: ৰাজ্য়জুৰি অব্য়াহত আছে চোৰাং কাঠৰ বেহা । ইয়াৰ মাজতে হোজাইত বন বিভাগে জব্দ কৰে চেগুন কাঠৰ কুণ্ডাসহ এখন বাহন (Smuggling Wood seized at Nakhuti in Hojai)। তথ্য় অনুসৰি বন বিভাগে হোজাই নখুটীত চেগুন কাঠৰ কুণ্ডাসহ জব্দ ব'লেৰ পিক আপ ভান ।হোজাই জিলাৰ নখুটীৰ বন বিভাগৰ এটা দলে শনিবাৰে নিশা অভিযান চলাই বৃহৎ পৰিমাণৰ চেগুন কাঠৰ কুণ্ডা সহ জব্দ কৰে বলেৰ' পিক আপ ভানখন ।

hojai
হোজাইত চোৰাং কাঠসহ জব্দ বাহন

নখুঁটিৰ বন বিভাগৰ বিষয়া উৎপল কুমাৰ ডেকাই সদৰি অনুসৰি নগাঁও দক্ষিণ সংমণ্ডলৰ প্ৰাধিকাৰী বিষয়া গুণদীপ দাসৰ নিৰ্দেশ ক্ৰমে এক গোপন সূত্ৰৰ ভিত্তিত নিশা ৯ বজাত নখুঁটিৰ ভিতৰুৱা গাঁৱত বন বিভাগৰ দল এটাই জব্দ কৰে AS 02 AC 5717 নম্বৰৰ কুণ্ডা ভৰ্তি বলেৰ’ পিক আপ ভানখন । বন বিভাগে জব্দ কৰা চেগুন কুণ্ডাখিনিৰ বজাৰ মূল্য প্ৰায় লাক্ষাধিক টকা হ’ব বুলি নখুঁটিৰ বন বিভাগৰ বিষয়া উৎপল কুমাৰ ডেকাই কয় ।

হোজাইত চোৰাং কাঠসহ জব্দ বাহন

জব্দকৃত বাহনখন পৰৱৰ্তী সময়ত অভিযানকাৰী দলটোৱে লংকা আঞ্চলিক বন বিভাগৰ কাৰ্যালয়লৈ লৈ অনা হয় আনে । বৰ্তমানে জব্দকৃত কুণ্ডা ভৰ্তি বাহনখন লংকা আঞ্চিলিক বন বিষয়া কাৰ্যালয়ত ৰাখি বন বিভাগৰ তদন্ত অব্যাহত ৰখা হৈছে ।

লগতে পঢ়ক:Drug peddlers arrested: বিদ্যুতৰ খুঁটাত বান্ধি ৰাইজে উত্তম-মধ্যম সোধালে ড্ৰাগছ সৰবৰাহকাৰীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.