ETV Bharat / state

বৰাক-ব্ৰহ্মপুত্ৰ একেলগে থাকিলেহে বৰ অসমৰ ভেটি সুদৃঢ় হৈ ৰ’ৱ : কৃষ্ণমণি চুতীয়া

author img

By

Published : Oct 25, 2021, 8:52 PM IST

krishna moni chutia reaction on silchar incident
প্ৰসংগ শিলচৰ কাণ্ড

প্ৰসংগ শিলচৰ কাণ্ড ৷ কিছুদিন পূৰ্বে বৰাকত অসমীয়া ভাষাক কৰা হৈছেল অপমান ৷ যাৰ বিৰুদ্ধে গৰজি উছিছিল ৰাজ্যবাসী ৷ এইবাৰ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াই ৷

হোজাই, 25 অক্টোবৰ : চৰ্চাত বৰাকত অসমীয়া ভাষাক অপমান কৰা প্ৰসংগ ৷ কিয়নো শিলচৰ ৰে'ল ষ্টেছনত অসমীয়া ভাষাত লিখা এখন পোষ্টাৰ লগোৱা হৈছিল ৷ অসমীয়াত লিখা হোৱাৰ বাবে শিলচৰত ক'লা ৰঙেৰে মোহাৰি পেলোৱা হ'ল অসমীয়াত লিখা ফলকখন ৷

অসমীয়া ভাষাক অপমান কৰাক লৈ ভিন্ন সময়ত সৰব হৈছে বিভিন্ন দল-সংগঠন তথা বুদ্ধিজীৱী সমাজ ৷ এইবাৰ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াই ৷ সোমবাৰে হোজাই জিলাৰ কাকীত কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াই কয় যে, বৰাক-ব্ৰহ্মপুত্ৰ লগ লাগি সৃষ্টি হৈছে বৰ অসম ৷

প্ৰসংগ শিলচৰ কাণ্ড

লগতে পঢ়ক : ৩ কোটি আৰু ইছলামিক ৰাষ্ট্ৰ ভ্ৰমণ : নতুন মোৰ লৈছে ৰৌণক কাণ্ডই

যদি কোনোৱাই নিজৰ আত্ম কথাৰে, নিজৰ লাভালাভৰ কথা চিন্তা কৰি বৰ অসমক আঘাত কৰে তেন্তে ৰৈ নাথাকে শিল্পীসকলো ৷ ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব শিল্পী সমাজে ৷ অসমীয়া ভাষা অসমত থাকিলেহে জীয়াই থাকিব অসমীয়া জাতি ৷

লগতে শিল্পীগৰাকীয়ে উল্লেখ কৰে যে, বৰাক-ব্ৰহ্মপুত্ৰ সকলো জাতি একগোট হৈ থাকিলেহে বৰ অসমৰ অস্তিত্ব থাকিব ৷ সেয়ে কোনেও কাকো আঘাত নকৰি অনাগত দিনত সকলোৱে মিলাপ্ৰীতিৰে হিন্দু সংস্কৃতি তথা সনাতন সংস্কৃতি জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগে ৷

লগতে পঢ়ক : মাজুলীত সদৌ অসম ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.