৩ কোটি আৰু ইছলামিক ৰাষ্ট্ৰ ভ্ৰমণ : নতুন মোৰ লৈছে ৰৌণক কাণ্ডই

author img

By

Published : Oct 25, 2021, 12:12 PM IST

৩ কোটি আৰু ইছলামিক ৰাষ্ট্ৰ ভ্ৰমণ

অসম আৰক্ষীৰ ডি আই জি ৰৌণক আলী হাজৰিকাৰ টকা পইচাৰ লেনদেনৰ তথ্য খুচৰিবলৈ গৈ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ চকু কপালত উঠিছে । কেৱল সেয়াই নহয়, বহু নতুন দিশৰো সন্ধান পাইছে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে । কি তথ্য লাভ কৰিছে ইটিভি ভাৰতে ৷ চাওক সবিশেষ...

গুৱাহাটী, ২৫ অক্টোবৰ : বহুতকে জেলৰ ভাত খুৱাই এতিয়া নিজেই কাৰাবন্দী হৈ থাকিবলগীয়া হোৱা অসম আৰক্ষীৰ ডি আই জি ৰৌণক আলী হাজৰিকাৰ টকা পইচাৰ লেনদেনৰ তথ্য খুচৰিবলৈ গৈ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ চকু কপালত উঠিছে । কেৱল সেয়াই নহয়, বহু নতুন দিশৰো সন্ধান পাইছে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে । সেই গোন্ধ পাই এতিয়া তদন্ত প্ৰক্ৰিয়া আৰু অধিক ক্ষীপ্ৰতৰ হৈ উঠিছে আৰু ইটিভি ভাৰতৰ হাতত পৰা খবৰ অনুসৰি খুব সোনকালেই ৰৌণক আলী হাজৰিকাক কাৰাগাৰৰ ভিতৰতেই অসম আৰক্ষীৰ বিশেষ শাখা আৰু এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে জেৰা কৰিব ৷

ৰৌণক আলী হাজৰিকাৰ বেংক একাউণ্টত কোনে একেলগে জমা দিছিল তিনি কোটি টকা ?

তেওঁ চৰকাৰৰ অনুমতি নোলোৱাকৈয়ে বহুকেইখন ৰাষ্ট্ৰ ভ্ৰমণ কৰিছিল আৰু ইয়াৰে বেছিভাগেই আছিল ইছলামিক ৰাষ্ট্ৰ । এই দুটা বিন্দুক কেন্দ্ৰ কৰিয়েই মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে তদন্ত আগবঢ়াই নিওতে বহুকেইটা নতুন সন্দেহ ঘনীভূত হৈ পৰিছে ৷ আৰক্ষীৰ এক সুত্ৰৰ পৰা জানিব পৰা মতে, এই ইছলামিক ৰাষ্ট্ৰসমূহ ভ্ৰমণ কৰা আৰু কোনো অজ্ঞাত উৎসৰ পৰা তেওঁৰ একাউণ্টত একেলগে তিনি কোটি টকা জমা হোৱা ঘটনা দুটাৰ মাজত সম্পৰ্ক থাকিব পাৰে বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ৷

সন্দেহ এই বুলিও কৰা হৈছে যে, দেশৰ আভ্যন্তৰীণ নিৰাপত্তা সম্পৰ্কীয় গোপন তথ্য কোনো ইছলামিক মৌলবাদী সংগঠনক ৰৌণক আলী হাজৰিকাই যোগান ধৰিছিল নেকি ? একাউণ্টত একেলগে তিনি কোটি টকা জমা হোৱা আৰু চাকৰি কৰি থকা অৱস্থাতে চৰকাৰৰ পৰা ল’বলগীয়া অনুমতি নোলোৱাকৈয়ে ইখনৰ পিছত সিখনকৈ ইছলামিক ৰাষ্ট্ৰ ভ্ৰমণ কৰাৰ এক যোগসূত্ৰ বিচাৰি পাইছে তদন্তকাৰী সংস্থাই ৷ সেয়েহে কাৰাৰুদ্ধ এইগৰাকী ডি আই জিৰ তদন্ত প্ৰক্ৰিয়াই শীঘ্ৰে এক নতুন গতি লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷

লগতে চাওক: ৰাজ্যৰ প্ৰথমখন ক’ভিড ভেকচিন সম্পূৰ্ণ জিলা হোৱাৰ দিশে মাজুলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.