ETV Bharat / state

ৰাজ্যৰ প্ৰথমখন ক’ভিড ভেকচিন সম্পূৰ্ণ জিলা হোৱাৰ দিশে মাজুলী

author img

By

Published : Oct 25, 2021, 10:38 AM IST

as_maj_01_majulinews_vis1_as10026
ৰাজ্যৰ প্ৰথমখন ক’ভিড ভেকচিন সম্পূৰ্ণ জিলা হোৱাৰ দিশে মাজুলী

মাজুলীত 961 গৰাকী লোকেহে ক’ভিডৰ প্ৰথম পালি ভেকচিন ল’বলৈ বাকী আছে ৷ ভেকচিন নোলোৱাসকলক পৰৱৰ্তী ৭ দিনৰ ভিতৰত ভেকচিন কেম্পলৈ অনাৰ বাবে আশা কৰ্মীক নিৰ্দেশ প্ৰদান কৰা হৈছে ৷

মাজুলী, 25 অক্টোবৰ : ৰাজ্যৰ প্ৰথমখন ক’ভিড ভেকচিন সম্পূৰ্ণ জিলা হোৱাৰ দিশে মাজুলী ৷ পৰৱৰ্তী এসপ্তাহৰ ভিতৰত জিলাখনত 100 শতাংশ লোককে ক’ভিডৰ প্ৰথম পালি প্ৰতিষেধক প্ৰদান কৰা হ’ব ৷ এই কথা জানিবলৈ দিছে জিলা উপায়ুক্ত পুলক মহন্তই ৷

মাজুলীত 961 গৰাকী লোকেহে ক’ভিডৰ প্ৰথম পালি ভেকচিন ল’বলৈ বাকী আছে ৷ ভেকচিন নোলোৱাসকলক পৰৱৰ্তী ৭ দিনৰ ভিতৰত ভেকচিন কেম্পলৈ অনাৰ বাবে আশা কৰ্মীক নিৰ্দেশ প্ৰদান কৰাৰ কথাও জানিবলৈ দিয়ে উপায়ুক্তই ৷

জিলা উপায়ুক্ত পুলক মহন্তৰ ভাষ্য

আনহাতে, মাজুলীবাসীৰ যাতায়াতৰ বাবে ৰ’পেক্স সেৱা যাতে কোনো কাৰণতে বন্ধ নহয়, তাৰ বাবে ব্যৱস্থা কৰা বুলি সাংবাদিকৰ আগত মন্তব্য কৰে উপায়ুক্ত পুলক মহন্তই ৷ তেওঁ কয়, ‘ৰ’পেক্স ফেৰীৰ লগত জড়িত যি সকলে দৰমহা পোৱা নাই, সেইসকলে দৰমহা পাব লাগিব ৷ কিয়নো দৰমহা নাপালে তেখেতসকলৰ পৰিয়াল কেনেদৰে চলিব ? সকলোৱে সমিল-মিলেৰে চলিব লাগিব, যাতে মাজুলীৰ সাধাৰণ লোকৰ অসুবিধা নহয়’ ৷

মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱৰ পূৰ্বে পৰ্যাপ্ত ফেৰীৰ ব্যৱস্থা কৰা হ’ব ৷ যাতে ফেৰীৰ বাবে কোনেও হাৰাশাস্তি ভোগ কৰিবলগীয়া নহয় বুলি সাংবাদিকক জনায় পুলক মহন্তই ৷

লগতে পঢ়ক : মহানগৰীৰ ৬‍১ খন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ GMC ৰ জাননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.