ETV Bharat / state

Road Accident : মহা শিৱৰাত্ৰিৰ আনন্দ-উল্লাসৰ মাজতে পথ দুৰ্ঘটনা

author img

By

Published : Mar 2, 2022, 2:03 PM IST

মহা শিৱৰাত্ৰিৰ আনন্দ-উল্লাসৰ মাজতে যোৰহাটত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ এই পথ দুৰ্ঘটনাত নিহত দুই যুৱক-যুৱতী (Road accident in Jorhat) ৷ ইফালে, হোজাইৰ ১ নং ৰে’ল গেটৰ সমীপতো সংঘটিত হয় আন এক দুৰ্ঘটনা । নামনিমুৱা বিজি এক্সপ্ৰেছৰ খুন্দাত নিহত হয় এজন ৭০ ৰ ঊৰ্ধৰ লোক ।

মহা শিৱৰাত্ৰিৰ আনন্দ উল্লাসৰ মাজতে ৰাজ্যত অঘটন
মহা শিৱৰাত্ৰিৰ আনন্দ উল্লাসৰ মাজতে ৰাজ্যত অঘটন

যোৰহাট/হোজাই, 2 মাৰ্চ : মহা শিৱৰাত্ৰিৰ আনন্দ-উল্লাসৰ মাজতে ৰাজ্যত সংঘটিত হয় কেইবাটাও পথ দুৰ্ঘটনা ৷ সোমবাৰে পশ্চিম যোৰহাটৰ ম'হবন্দা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চকলাঙত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Jorhat) । দুৰ্ঘটনাত থিতাতে নিহত হয় দুই যুৱক-যুৱতী ৷

ঘটনাৰ বিৱৰণি অনুসৰি, যোৰহাটৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল এখন যাত্ৰীবাহী বাছ ৷ সেই সময়তে দুই যুৱক-যুৱতীয়ে দেৰগাঁও নেঘেৰিটিৰং মন্দিৰলৈ বুলি এখন দুচকীয়া মটৰ চাইকেলেৰে গৈ থকা অৱস্থাতে বাছখনে পাছফালৰ পৰা খুন্দিয়ায় ৷ ফলত থিতাতে নিহত হয় যুৱক-যুৱতীদ্বয় ।

ঘটনা সন্দৰ্ভত অঞ্চলটোত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতি ৷ উত্তেজিত একাংশ লোকে ভাঙি চুৰমাৰ কৰে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন ৷ দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ হৈছে AS O1 DD 7777 ৷

লগতে পঢ়ক : মৰাণত .22 পিষ্টলেৰে গুলীয়াই আত্মহত্যা লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰৰ

জানিব পৰা মতে, মৃত যুৱতীগৰাকী বৰখংগীয়া গাঁৱৰ বিপুল বৰা কন্যা স্মৃতিৰেখা বৰা (২৪) আৰু যুৱকজন গোলাঘাট জিলাৰ কাকডোঙা অঞ্চলৰ লুকুমাই গাঁৱৰ ৰঞ্জিত বৰাৰ পুত্ৰ ৰক্তিম বৰা (২৮) ৷ উল্লেখ্য যে, এই বহাগত বিবাহপাশত আৱদ্ধ হোৱাৰ কথা আছিল স্মৃতি আৰু ৰঞ্জিত ৷

ইফালে বুধবাৰে হোজাইৰ ১ নং ৰে’লগেটৰ সমীপতো সংঘটিত হয় আন এক দুৰ্ঘটনা (Road accident in Hojai) । নামনিমুৱা বিজি এক্সপ্ৰেছৰ খুন্দাত নিহত হয় এজন ৭০ উৰ্ধৰ লোক । নিহত লোকজনৰ নাম সুকেন্দ্ৰ চন্দ দাস ৷ মৃত সুকেন্দ্ৰ চন্দ দাসৰ ঘৰ হোজাইৰ গোবিন্দ পল্লীৰ ৮নং বাৰ্ডত ৷

ঘৰৰ পৰা চিকিৎসকৰ ওচৰলৈ আহি থকা অৱস্থাত ৰে’লপথৰ ক্ৰচিং পাৰ হ’ব খোজোতেই সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ বৰ্তমান ঘটনাস্থলীত হোজাই ৰে’ল আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে হোজাই ৰে’ল আৰক্ষীয়ে ৷

লগতে পঢ়ক : ধৰ্মীয় অনুষ্ঠানত চুৰিকাণ্ডৰে জড়িত দুজনক কৰায়ত্ত বৰপেটা আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.