ETV Bharat / state

ধৰ্মীয় অনুষ্ঠানত চুৰিকাণ্ডৰে জড়িত দুজনক কৰায়ত্ত বৰপেটা আৰক্ষীৰ

author img

By

Published : Mar 1, 2022, 2:42 PM IST

Updated : Mar 1, 2022, 3:01 PM IST

ধৰ্মীয় অনুষ্ঠানত সংঘটিত হোৱা চুৰিকাণ্ডৰ সৈতে জড়িত চোৰৰ গেঙত জড়িত দুটা গভাইত চোৰক আটক (Two thief caught at Barpeta) কৰে বৰপেটা আৰক্ষীয়ে ৷

two-thief-caught-at-barpeta
ধৰ্মীয় অনুষ্ঠানত চুৰিকাণ্ডৰে জড়িত দুজনক কৰায়ত্ত বৰপেটা আৰক্ষীৰ

বৰপেটা, 1 মাৰ্চ : বৰপেটাত ধৰ্মীয় অনুষ্ঠানত চুৰিকাণ্ডৰ সৈতে জড়িত চোৰৰ গেঙক অৱশেষত আটক কৰিলে আৰক্ষীয়ে (Two thief caught at Barpeta) ৷ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ দুই গভাইত চোৰ(Two thief arrrested in Barpeta) ৷ ধৃত চোৰ দুটাৰ নাম দ্বীজেন দাস আৰু নিকু ভৰালী বুলি জানিব পৰা গৈছে ৷ অৱশ্যে অধিক তদন্তৰ বাবে দ্বীজেন দাসক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

ধৰ্মীয় অনুষ্ঠানত চুৰিকাণ্ডৰে জড়িত দুজনক কৰায়ত্ত বৰপেটা আৰক্ষীৰ

বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই সংবাদ মাধ্যমযোগে জানিবলৈ দিয়া মতে, বৰপেটাৰ প্ৰায়বোৰ ধৰ্মীয় অনুষ্ঠানত সংঘটিত চুৰিকাৰ্যৰ সৈতে জড়িত হৈ আছিল এটি চাৰিজনীয়া চোৰৰ দল ৷ ইতিমধ্যে আৰক্ষীয়ে চোৰ দুটাৰ পৰা মন্দিৰৰ ৰূপৰ ফুল আৰু মন্দিৰত ব্যৱহৃত কাঁহৰ সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

সম্প্ৰতি চোৰৰ গেঙটোক সম্পূৰ্ণৰূপে উৎখাত কৰিবলৈ অভিযান অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে বৰপেটাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জন দলে ৷

লগতে পঢ়ক : Attack by Drug addicts: ৰূপহীহাটত ড্ৰাগছ সেৱনকাৰীৰ তাণ্ডৱ

Last Updated : Mar 1, 2022, 3:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.