ETV Bharat / state

আজমলৰ দুখ ! পূৰ্বপুৰুষক সাঙুৰি গালি দিয়ে ভূপেন বৰাই

author img

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 6:21 PM IST

Rahul Gandhi will be the next pm
AIUDF chief Badruddin Ajmal

বিজেপিক প্ৰতিহত কৰাৰ বাবে বিৰোধী ঐক্যত চামিল হ’ব খোজে এ আই ইউ ডি এফ ৷ কিন্তু বদৰুদ্দিন আজমলে ভালকৈয়ে জানে যে এইবাৰ অসমৰ বিৰোধী ঐক্যই তেওঁক সুযোগ নিদিয়ে ৷ সেয়ে I.N.D.I.A. ৰ অংশীদাৰ হোৱাৰ ইচ্ছা আজমলৰ ৷ সংবাদমেল পাতি ভূপেন বৰা আৰু হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা আজমলৰ ৷

আজমলৰ সংবাদমেল

হোজাই, 28 নৱেম্বৰ: বৃহস্পতিবাৰে ডিব্ৰুগড়ত বিৰোধী ঐক্য মঞ্চৰ ৰাজনৈতিক অভিৱৰ্তন চলি থকাৰ সময়তেই হোজাইত সংবাদমেল সম্বোধন কৰিলে বদৰুদ্দিন আজমলে ৷ এতিয়াও যে বিৰোধী ঐক্যত যোগ দিয়াৰ আশা এৰা নাই, সেই কথা আজমলৰ বক্তব্যত পৰিস্ফূট হৈ পৰিছে ৷ তেওঁ কয় যে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিচত I.N.D.I.A. ৰ অংশীদাৰ হ’ব তেওঁলোক ৷ 2024 ত বিৰোধীয়েই চৰকাৰ গঠন কৰিব আৰু ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হোৱাটো তেওঁ মনে প্ৰাণে কামনা কৰে বুলি জনায় সংবাদ মাধ্যমক ৷

অসমত বিৰোধী একত্ৰিত হোৱা বিষয় সন্দৰ্ভত তেওঁ কয় যে দুই এটা দলক একোখন আসন দি বাকী সকলো আসনতে নিজেই নিৰ্বাচন খেলিব কংগ্ৰেছে ৷ ভূপেন বৰাই কাজিৰঙাত প্ৰতিদ্বন্দিতা কৰিব বুলি চলা চৰ্চা সম্পৰ্কে আজমলক প্ৰশ্ন কৰাত তেওঁ কয় যে ভূপেন বৰাই কাজিৰঙাত খেলিলে ভালেই কথা, তাত হাতী, বাঘ, বান্দৰে ভোট দিব ভূপেন বৰাক ৷

ইফালে একাংশ কংগ্ৰেছ নেতাই মনেৰে আজমলক বিৰোধী ঐক্যত চামিল কৰাতো বিচাৰে বুলি সাংবাদিকে সোধাত আজমলে কয় যে যদি তেনেকৈ ভাবিছে এয়া এক যাদু ৷ বিজেপিক পৰাভূত কৰাৰ বাবে এ আই ইউ ডি এফক লগ লোৱাতো উচিত বুলি কয় ধুবুৰীৰ সাংসদগৰাকীয়ে ৷ কিন্তু এতিয়াই কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰিব নুখুজি তেওঁ কয় যে প্ৰতিক্ৰিয়া দিলেই ভূপেন বৰাই পুৱাতেই তেওঁৰ পূৰ্বপুৰুষক সাঙুৰি গালি পাৰিব ৷ কোনে ভূপেন বৰাক আনি সভাপতি পাতিলে বুলি প্ৰশ্ন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনক ‘জংঘলী’ বুলিও কটাক্ষ কৰে আজমলে ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ ভোট নালাগে বুলি কৰা মন্তব্য সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আজমলে কয় যে আগতেও তেওঁ তেনেদৰেই কৈ আহিছে, প্ৰায় 18 শতাংশ সংখ্যালঘু মুছলমান থকা দেশ এখনত এনে মন্তব্য শোভা নাপায় ৷ তেওঁ দাবী কৰে যে যদি এ আই ইউ ডি এফ কংগ্ৰেছৰ লগ হয়, তেন্তে বিজেপি পাঁচখন আসনতে সীমাবদ্ধ থাকিব অসমত ৷

লোকসভাত তিনিটা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব খোজা এ আই ইউ ডি এফৰ প্ৰাৰ্থী কোন হ’ব বুলি সাংবাদিকে সোধাত আজমলে কয় যে ৰাজনীতি দবা খেলৰ দৰেই ৷ সমুখৰ জনে কি কৰিছে সেয়া চাইহে সিদ্ধান্ত লোৱা যায় ৷ কংগ্ৰেছে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পিচতহে এ আই ইউ ডি এফে তালিকা প্ৰকাশ কৰিব বুলি তেওঁ সদৰী কৰে ৷ অৱশ্যে ধুবুৰী, নগাঁও আৰু কৰিমগঞ্জত এ আই ইউ ডি এফে খেলাটো নিশ্চিত বুলি তেওঁ জনায় ৷

ইফালে কংগ্ৰেছক পুনৰ বিজেপিৰ A টীম বুলি দাবী কৰি আজমলে কয় যে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছেই চলাই আছে ৷ কংগ্ৰেছৰ সকলো নেতাই হিমন্ত বিশ্ব শৰ্মাৰ পেইড চাৰ্ভেন্ট ৷

লগতে পঢ়ক: তিনিচুকীয়াত চৰকাৰৰ কেবিনেট বৈঠকৰ পূৰ্বেই ডিব্ৰুগড়ত বিৰোধীৰ ৰাজনৈতিক অভিৱৰ্তন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.