ETV Bharat / state

আজমল ফাউণ্ডেচন (AJMAL FOUNDATION) ৰ সংবাদমেল

author img

By

Published : Jun 22, 2021, 9:04 PM IST

আজমল চুপাৰ-40ৰ কেতবোৰ নতুন পদক্ষেপ ৷ SC, ST আৰু চাহ জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰীৰ কাৰনে বিশেষ মাচুল ৰেহাই ৷ ধুবুৰীত আজমল চুপাৰ-40 এটি নতুন শাখা মুকলি ৷ বিশেষ এপ ৰ সহায়ত অনলাইনযোগে কৰা হ’ব পাঠদানৰ ব্যৱস্থা ৷
press-meet-of-ajmal-foundation-hojai
আজমল ফাউণ্ডেচন (AJMAL FOUNDATION) ৰ সংবাদমেল

হোজাই, 22 জুন : আজমল চুপাৰ-40ৰ কেতবোৰ নতুন পদক্ষেপ ৷ SC, ST আৰু চাহ জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰীৰ কাৰণে বিশেষ মাচুল ৰেহাই ৷ ধুবুৰীত আজমল চুপাৰ-40 এটি নতুন শাখা মুকলি ৷ বিশেষ এপ ৰ সহায়ত অনলাইনযোগে কৰা হ’ব পাঠদানৰ ব্যৱস্থা ৷ সংবাদমেলৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে আজমল ফাউণ্ডেচন (AJMAL FOUNDATION)ৰ MANAGING DIRECTOR চিৰাজুদ্দিন আজমলে ৷

আজমল ফাউণ্ডেচনৰ DIRECTOR ড৹ খচৰুল ইছলামে বিষয় সন্দৰ্ভত বিষদভাৱে জানিবলৈ দি কয় যে, অসমৰ বিদ্যায়তনিক জগতত এক আস্থা আৰু ভৰষাৰ নাম 'আজমল চুপাৰ-40' ৷ অসমৰ আশা-আকাংক্ষাক পৰিপূৰ্ণ কৰিবলৈ কেতবোৰ নতুন পদক্ষেপ হাতত লৈছে আজমল ফাউণ্ডেচনে । আজমল ফাউণ্ডেচনে প্ৰতি বছৰে মেধাবী অথচ আৰ্থিকভাৱে পিছপৰা 40 গৰাকী যুৱক আৰু 40 গৰাকী যুৱতীক সম্পূর্ণ বিনামূলীয়াকৈ আজমল চুপাৰ-40 ৰ জৰিয়তে দুবছৰীয়া শিক্ষা প্ৰদান কৰি মেডিকেল, ইঞ্জিনিয়াৰিং আদি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুত কৰি আহিছে ।

আজমল ফাউণ্ডেচন (AJMAL FOUNDATION) ৰ সংবাদমেল

এই 80 গৰাকী ছাত্ৰ-ছাত্ৰীৰ ওপৰিও অসংখ্য দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীলৈ বিশেষ ৰেহাই দিয়া হয়, যাৰ ফলত প্ৰতি বছৰে দুই কোটিতকৈ অধিক টকা এই শিতানত ব্যয় কৰা হয় । উক্ত ব্যয়ৰ উপৰিও ৰাজ্যখনৰ SC, ST আৰু চাহ জনগোষ্ঠীয় বিদ্যার্থীসকলৰ বাবে এতিয়াৰ পৰা আজমল চুপাৰ-40ৰ ক’ৰ্চ ফীজ 50% ৰেহাইৰ সুবিধা থাকিব । এই ৰেহাইৰ সুবিধা লাভ কৰি চলিত বৰ্ষৰ পৰা ৰাজ্যৰ এই আটাইকেইটা জনজাতি তথা জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকল আগবাঢ়ি যাব পাৰিব বুলি কয় ।

ইতিমধ্যে অসংখ্য অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীৰ অনুৰোধ ৰক্ষা কৰি আজমল ফাউণ্ডেচনে ধুবুৰী আজমল কলেজ অৱ আৰ্টচ এণ্ড চায়েন্সত আজমল চুপাৰ-40ৰ এটি নতুন শাখা মুকলি কৰিছে ৷ শাখাত নামভৰ্তিৰ জাননী অতি শীঘ্ৰে প্ৰকাশ কৰা হ'ব বুলিও জানিবলৈ দিয়ে । এতিয়াৰ পৰা আজমল চুপাৰ-40য়ে অনলাইন ডিজিটেল প্ৰগাম (Online Digital Program) নামৰ এটি বিকল্প পাঠদান পদ্ধতিও মুকলি কৰিছে ।

ইয়াৰ অধীনত নৱম দশম, একাদশ, আৰু দ্বাদশ শ্ৰেণী উত্তীর্ণ মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ বাবে ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে বিশেষ এপ-ৰ জৰিয়তে অনলাইনত আজমল চুপাৰ-40ৰ অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠদান গ্ৰহণৰ সুযোগ পাব । এই পদ্ধতিত সম্পূৰ্ণ অফলাইন ক্লাছৰ দৰেই হ'ব, য'ত ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকৰ সৈতে মত-বিনিময় কৰিব পাৰিব । অতি কম খৰছত সুবিধা উপলব্ধ হোৱা এই পাঠদানত বিদ্যার্থীসকলত তেওলোকে অধ্যয়ন কৰি থকা স্কুল-কলেজৰ নিয়মীয়া পাঠদান ব্যাহত নোহোৱাকৈ কৰাই যোৱা হ'ব বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক : কি আছে নতুন ক’ভিড নিৰ্দেশনাত...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.