ETV Bharat / state

Japanese encephalitis in Assam : হোজাইত তিনিজনৰ দেহত জাপানীজ এনকেফেলাইটিছ

author img

By

Published : Jul 15, 2022, 7:09 PM IST

হোজাই জিলাতো জাপানীজ এনকেফেলাইটিছ ৰোগীৰ সংখ্যা বৃদ্ধি (Japanese encephalitis cases in Hojai) । জিলাখনত জাপানীজ এনকেফেলাইটিছ নিৰ্মূল কৰাৰ লক্ষ্যৰে বিহিত ব্যৱস্থা গ্ৰহণ হোজাই জিলা স্বাস্থ্য বিভাগৰ ।

Japanese encephalitis in Assam
Japanese encephalitis in Assam

হোজাই, 15 জুলাই: ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা (Japanese encephalitis cases in Assam) । সমান্তৰালভাৱে হোজাই জিলাতো তিনিগৰাকী লোকৰ দেহত জাপানীজ এনকেফেলাইটিছৰ অৱস্থিতি ধৰা পৰিছে । তাৰে দুগৰাকী ডবকা অঞ্চলৰ জংঘল ব্লক আৰু পূৱ যোগীজানৰ । আন এগৰাকী লংকাৰ শ্যামবাৰীৰ বুলি জানিব পৰা গৈছে (Japanese encephalitis cases in Hojai)।

হোজাইত তিনিজনৰ দেহত জাপানীজ এনকেফেলাইটিছ

ইতিমধ্যেই জাপানীজ এনকেফেলাইটিছত আক্রান্ত হোৱা এই তিনিগৰাকী ৰোগী গুৱাহাটীত চিকিৎসাধীন হৈ আছে । জিলাখনত জাপানীজ এনকেফেলাইটিছ নিৰ্মূল কৰাৰ লক্ষ্যৰে বিহিত ব্যবস্থা গ্ৰহণ কৰিছে হোজাই জিলা স্বাস্থ্য বিভাগে । মেলেৰীয়া বিভাগৰ লোকক লগত লৈ হোজাই জিলা স্বাস্থ্য বিভাগৰ এটি দলে হোজাই জিলাখনত জাপানীজ এনকেফেলাইটিছত আক্রান্ত লোকসকলৰ অঞ্চলসমূহত ফ’গিঙৰ ব্যৱস্থা কৰিছে (Japanese encephalitis cases rise) ৷

লগতে জিলাখনত বিভিন্ন প্ৰান্তত জ্বৰত আক্রান্ত হোৱা লোকসকলৰ তেজৰ নমুনা সংগ্ৰহ তথা পৰীক্ষা কৰা, আঁঠুৱাত ঔষধ প্ৰয়োগ কৰাকে ধৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে হোজাই জিলাৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডা° ৰঞ্জু ৰাজখোৱাই (Precautions for Japanese encephalitis) ।

ইয়াৰোপৰি ৰাইজক সজাগ কৰাৰ লক্ষ্যৰে জিলাখনত ২৯০ খন সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে, ৰাইজক জাপানীজ এনকেফেলাইটিছৰ পৰা হাত সাৰিবলৈ ল’ব লগা ব্যৱস্থাৰ ওপৰত লিফলেট বিলোৱা, মাইকযোগে ঘোষণা আদি কৰা হৈছে বুলি চিকিৎসক বিষয়া ৰঞ্জু ৰাজখোৱাই জানিবলৈ দিয়ে ।

উল্লেখ্য যে, বৰ্তমানলৈকে অসমত জাপানীজ একনেফেলাইটিছত প্ৰাণ হেৰুৱাইছে 16 গৰাকী লোকে (Japanese encephalitis death troll in Assam)৷ জিলাই জিলাই স্বাস্থ্য বিভাগে অভিযান অব্যাহত ৰাখিছে এই ৰোগ প্ৰতিৰোধৰ বাবে ৷ ইয়াৰ লগতে ৰাইজকো প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে স্বাস্থ্য বিভাগে ৷

লগতে পঢ়ক : Japanese Encephalitis; ধেমাজিত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত দুজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.