ETV Bharat / state

লংকাত বন বিভাগৰ অভিযানত দালচেনী ভৰ্তি কণ্টেইনাৰ ট্ৰাক জব্দ

author img

By

Published : Oct 18, 2020, 9:31 AM IST

HOJAI FOREST SEIZED CINNAMON CONTRANOR TRUCK IN LANKA
লংকাত বন বিভাগৰ অভিযানত দালচেনী ভৰ্তি কণ্টেইনাৰ ট্ৰাক জব্দ

লংকাত বন বিভাগৰ ট্ৰাক জব্দ ৷ উত্তৰ প্ৰদেশলৈ গৈ থকা অৱস্থাত জব্দ ট্ৰাকখন ৷ তদন্ত অব্যাহত ৷

হোজাই, 18 অক্টোবৰ : হোজাই জিলাৰ লংকাত শনিবাৰে নিশা বন বিভাগে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমানৰ দালচেনী ভৰ্তি কণ্টেইনাৰ ট্ৰাক । লংকাৰ বৰদলঙৰ পৰা জব্দ কৰে দালচেনী ভৰ্তি ট্ৰাকখন ৷

HOJAI FOREST SEIZED CINNAMON CONTRANOR TRUCK IN LANKA
হোজাই আঞ্চলিক বন বিভাগ

বন বিভাগে জানিব দিয়া অনুসৰি, জব্দকৃত দালচেনীখিনিৰ বজাৰ মূল্য প্ৰায় ডেৰ লক্ষাধিক টকা ৷ ট্ৰাকখন উমৰাংচু পৰা উত্তৰ প্ৰদেশলৈ গৈ আছিল । জব্দকৃত ট্ৰাকখনৰ নম্বৰ RJ-10GB-1996 বুলি বন বিভাগে প্ৰকাশ কৰিছে ৷

HOJAI FOREST SEIZED CINNAMON CONTRANOR TRUCK IN LANKA
জব্দকৃত ট্ৰাক
উল্লেখ্য যে, বৰ্তমান লংকা বন বিভাগে গাড়ীখন বন বিভাগৰ কাৰ্যালয়ত জব্দ কৰি অবৈধ দালচেনীৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে ৷
HOJAI FOREST SEIZED CINNAMON CONTRANOR TRUCK IN LANKA
জব্দকৃত ট্ৰাক

লগতে পঢ়ক : কৰ'ণা মহামাৰীৰ মাজতে শাৰদীয় ৰাণীক আদৰিবলৈ সাজু ৰাজ্যবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.