ETV Bharat / state

Flood in Hojai: হোজাইৰ বান পৰিস্থিতি পৰ্যবেক্ষণ স্বাস্থমন্ত্ৰী কেশৱ মহন্তৰ

author img

By

Published : Jun 29, 2022, 8:17 PM IST

Flood in Hojai
হোজাইৰ বান পৰিস্থিতি পৰ্যবেক্ষণ স্বাস্থমন্ত্ৰী কেশৱ মহন্তৰ

বুধবাৰে হোজাইৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই (Keshab Mahanta in Hojai) ৷ হোজাইৰ কেইবাটাও বানপীড়িত এলেকাত মন্ত্ৰীগৰাকী উপস্থিত হৈ বানাক্ৰান্তসকলৰ লগত মত বিনিময় কৰে ৷

হোজাই, 29 জুন: হোজাই জিলাত বানৰ ক্ষয়-ক্ষতিৰ পৰ্যবেক্ষণ কৰিলে স্বাস্থমন্ত্ৰী কেশৱ মহন্তই (Keshab Mahanta in Hojai)। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমতে হোজাই জিলাৰ বান ক্ষয়ক্ষতিৰ বুজ ল’বলৈ বুধবাৰে জিলাখনৰ ডবকা আৰু হোজাই ৰাজহ চক্ৰৰ অন্তৰ্গত বানপীড়িত এলেকাসমূহ পৰ্যবেক্ষণ কৰে (Flood in Hojai)৷

হোজাইৰ বান পৰিস্থিতি পৰ্যবেক্ষণ স্বাস্থমন্ত্ৰী কেশৱ মহন্তৰ

ডেকেৰুৱা, নগঞা পাম, যমুনামুখ, কহাৰগাঁও, নাগলভঙা আদি বিভিন্ন স্থানৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে জৰাজীৰ্ণ মথাউৰি পৰ্যবেক্ষণ কৰে স্বাস্থমন্ত্ৰীগৰাকীয়ে । মন্ত্ৰীগৰাকীয়ে স্থানীয় বাসিন্দাসকলৰ সৈতে মত বিনিময় কৰি ক্ষয়ক্ষতিৰ সম্পৰ্কে অৱগত হোৱাৰ লগতে সোনকালে মথাউৰিৰ পুনৰ নিৰ্মাণৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দিয়ে ৷

বানাক্ৰান্তক সাহাৰ্য প্ৰদানৰ বাবেও তালিকা প্ৰস্তুত কৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত অভাৱসমূহ পূৰণ কৰা হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী কেশৱ মহন্তই ৷ ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে যমুনামুখৰ ক্ষুদ্ৰ প্ৰাৰ্থমিক স্বাস্থ্যকেন্দ্ৰত উপস্থিত হৈ স্বাস্থ্যকেন্দ্ৰটোত উপলব্ধ সা-সুবিধাসমূহ পৰ্যবেক্ষণ কৰে ৷ বানৰ সময়ছোৱাত প্ৰয়োজন হ’লে বেলেগ স্থানৰ চিকিৎসক-স্বাস্থ্যকৰ্মীক অতিৰিক্তভাৱে নিয়োগ কৰি চিকিৎসা সেৱাৰ ব্যৱস্থা কৰা হ’ব বুলিও জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: লখিমপুৰবাসী সাৱধান !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.