ETV Bharat / state

হোজাইত ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Aug 8, 2021, 2:17 PM IST

Hojai fire
হোজাইত ভয়ংকৰ অগ্নিকাণ্ড

হোজাইত শনিবাৰে নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডটোত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ নিশ্চিত হোৱা নাই ৷

হোজাই, ৮ আগষ্ট : হোজাই জিলাত শনিবাৰে নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । জিলাখনৰ পুৰণি বজাৰত থকা চাৰাৱগী টেক্সটাইল নামৰ কাপোৰৰ দোকানত সংঘটিত হয় এই অগ্নিকাণ্ড । প্ৰতিষ্ঠানটোৰ তৃতীয় মহলাত কৰ্মচাৰী থকা বন্ধ কোঠাটোৰ পৰা জুইৰ সূত্ৰপাত হয় ।

নিমিষতে কোঠাটোৰ বিভিন্ন সামগ্ৰী জ্বলি যায় । অৱশ্যে ৰাইজৰ সহযোগত আৰক্ষী, চিআৰপিএফ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপিত হয় জুই । শ্বৰ্ট চাৰ্কিটৰ (Short circuit) ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ।

অগ্নিকাণ্ডটোত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ নিশ্চিত হোৱা নাই যদিও জানিব পৰা মতে, কেইবা লাখ টকাৰ সামগ্ৰী জুইত জাহ গৈছে । ইফালে জুই নিৰ্বাপনৰ বাবে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ পাঁচখনকৈ গাড়ী উপস্থিত হয় ।

লগতে পঢ়ক: সুৰা সহ আটক পঞ্চায়ত সদস্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.