ETV Bharat / state

হোজাইত বিধ্বংসী অগ্নিকাণ্ড

author img

By

Published : Feb 26, 2021, 3:29 PM IST

হোজাইত বিধ্বংসী অগ্নিকাণ্ড
হোজাইত বিধ্বংসী অগ্নিকাণ্ড

জিলাখনৰ পেটেল পট্টীৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা ৰাজ মহম্মদৰ ঘৰত জুইৰ সূত্ৰপাত হয় । অগ্নিকাণ্ডৰ ফলত জ্বলি নি:শেষ লোকজনৰ এটা বাসগৃহ ।

হোজাই,২৬ ফেব্ৰুৱাৰী: হোজাই জিলাৰ লংকা পেটেল পট্টীত বিধ্বংসী অগ্নিকাণ্ড । ৩ নং ৱাৰ্ডত সংঘটিত এই অগ্নিকাণ্ডত এটা বাসগৃহ সম্পূৰ্ণৰূপে জ্বলি নি:শেষ । ৰাজ মহম্মদ নামৰ লোকজনে তেওঁৰ ৰান্ধনিঘৰৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ দাবী কৰিছে । গেছ চিলিণ্ডাৰৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ লোকজনৰ ।

ৰাজ মহম্মদে জনোৱা মতে এই অগ্নিকাণ্ডৰ ফলত তেওঁৰ প্ৰায় ৭০ হাজাৰ টকাৰ সা-সম্পত্তি নষ্ট হয় । কথমপি ৰক্ষা পৰে তেওঁৰ পৰিয়ালটো । স্থানীয় লোকৰ উপস্থিতিত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক:বাইহাটাত কিশোৰিক কেৰাচিন ধালি জ্বলোৱাৰ অপচেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.