ETV Bharat / state

লামডিং নগৰত প্ৰশাসনৰ উচ্ছেদ অভিযান

author img

By

Published : Aug 7, 2021, 10:24 PM IST

লামডিং নগৰতো চলিল বুলড'জাৰ ৷ শনিবাৰে লামডিং নগৰত উচ্ছেদ চলালে প্ৰশাসনে ৷

eviction-by-the-administration-at-lumding-town
লামডিং নগৰত প্ৰশাসনৰ উচ্ছেদ অভিযান

লামডিং, 7 আগষ্ট : লামডিং সমষ্টিৰ কাকীত এমাহ পূৰ্বে চৰকাৰে বনাঞ্চলৰ বিস্তীর্ণ এলেকা বেদখলমুক্ত কৰাৰ পিচতে লামডিং নগৰতো চলিল প্ৰশাসনৰ বুলড'জাৰ ৷ বুলড’জাৰে এফালৰ পৰা ভাঙি গ’ল এটা এটাকৈ বেদখলকাৰীৰ বাসগৃহ ৷ জানিব পৰা মতে লামডিঙৰ ইটাভাতা চাৰিআলিৰ 1 নং সাধুখুঁটি অঞ্চলত লংকা ৰাজহ চক্ৰ বিষয়া ডিম্পী গগৈ তথা হোজাই জিলাৰ উপ-আৰক্ষী অধীক্ষক ডেইজী তালুকদাৰৰ উপস্থিতিত বেদখলকাৰীৰ বিৰুদ্ধে এই অভিযান চলোৱা হয় ৷

লামডিং নগৰত প্ৰশাসনৰ উচ্ছেদ অভিযান

লামডিঙৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে নতুনকৈ গঢ় লৈ উঠা 7 টাকৈ পৰিয়ালৰ বাসগৃহৰ লগতে দুখন ব্যৱসায়িক প্ৰতিষ্ঠানতো প্ৰশাসনে বুলড’জাৰ চলাই উচ্ছেদ অভিযান আৰম্ভ কৰে ৷ উল্লেখযোগ্য যে, জিলা প্ৰশাসনৰ ফালৰ পৰা যোৱা 23 জুলাই তাৰিখে উক্ত স্থানত বেদখল কৰি থকা সকলক ঠাইখিনি খালি কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছিল ৷

কিন্তু জাননী প্ৰেৰণ কৰাৰ পাছতো এই লোকসকলে নিজাববীয়াকৈ উক্ত ঠাই খালী নকৰাত শনিবাৰে পুৱাই প্ৰশাসনে উক্ত স্থানত চলালে উচ্ছেদ অভিযান ৷

লগতে পঢ়কঃ মূৰত হেলমেট, পিঠিত ঢকুৱা কোনে পিন্ধিব : দেৱব্ৰত শইকীয়া

উল্লেখ্য যে, শনিবাৰে জিলা প্ৰশাসনে কেইবা শ আৰক্ষীৰ লোক মোতায়েন কৰি উচ্ছেদ চলাই ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিকাষৰীয়া অঞ্চলখিনি বেদখলমুক্ত কৰে ৷ চক্ৰ বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, শনিবাৰে উচ্ছেদ চলোৱা ভূমিখিনি নতুনকৈ এখন চৰকাৰী বিদ্যালয় নিৰ্মাণৰ বাবে আৱণ্টন কৰা হৈছে আৰু অতি সোনকালে চৰকাৰক এই মাটিখিনি হস্তান্তৰ কৰা হ’ব ৷

আনহাতে, উচ্ছেদিত পৰিয়ালসমূহে অভিযোগ তুলি কয় বিগত 60-70 বছৰ ধৰি এই মাটি তেওঁলোকৰ নামত থকাৰ বিপৰীতে বিভিন্ন সময়ত মাটিৰ খাজনাও তেওঁলোকে আদায় দি আহিছে ৷ ইপিনে লামডিঙৰ আন বিভিন্ন স্থানত ভূমি বেদখল কৰি বসবাস কৰি থকা লোকসকলকো অতি সোনকালে উচ্ছেদ কৰা হ’ব বুলি চক্ৰ বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ৷

মন কৰিবলগীয়া যে, ৰাজ্যত অব্যাহত থকা ক'ভিড পৰিস্থিতিৰ মাজতো অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰে ৷ শেহতীয়াকৈ ৰাজ্যৰ বহু ঠাইত অবৈখ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলাই চৰকাৰী ভূমি মুক্ত কৰিছে চৰকাৰে ৷

লগতে পঢ়কঃ ভিত্তিহীন হৈ পৰিব নেকি দুবছৰীয়া বিএড পাঠ্যক্ৰম?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.