ETV Bharat / state

হোজাইত MGNREGA আঁচনি ৰূপায়ণত ব্যাপক কেলেংকাৰী

author img

By

Published : Aug 19, 2022, 12:15 PM IST

পুৰণা কাকী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যাৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ (Corruption in Kaki Gram Panchayat)। MGNREGA আঁচনি ৰূপায়ণত চৰম দুৰ্নীতি সংঘটিত কৰিছে পঞ্চায়তৰ কৰ্মচাৰীয়ে । সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী ৰাইজৰ ।

MGNREGA
হোজাইত MGNREGA আঁচনি ৰূপায়ণত ব্যাপক কেলেংকাৰী

হোজাই,১৯ আগষ্ট : হোজাই জিলাৰ উদালি উন্নয়ন খণ্ডৰ অন্তৰ্গত পুৰণা কাকী গাঁও পঞ্চায়তত MGNREGA আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতিৰ অভিযোগ (MGNREGA scam at Hojai)। পঞ্চায়তটোৰ অন্তৰ্গত কাকী ৰামপুৰ প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰৰ উন্নয়নৰ নামত ২০২০-২০২১ বৰ্ষত MGNREGAৰ অধীনত পৃথকে পৃথকে ১০ লাখ আৰু ৬,৯৬,১৯২ টকাৰ পুঁজিৰ অনুমোদন হৈছিল । কিন্তু অভিযোগ অনুসৰি খেলপথাৰখনৰ উন্নয়নৰ নামত কেৱল ৫০-৬০ গাড়ী মাটি পেলাইয়ে দায়িত্ব সামৰিলে পঞ্চায়তৰ প্ৰতিনিধিসকলে ।

হোজাইত MGNREGA আঁচনি ৰূপায়ণত ব্যাপক কেলেংকাৰী

আনহাতে আঁচনি অনুমোদন হোৱাৰ পাছত কামৰ খতিয়ানৰ ফলক লগাব লাগে যদিও সেই ঠাইত প্ৰথমটো কামৰ পুঁজিৰ ফলক হে আছে কিন্তু পিছৰ ৬,৯৬,১৯২ টকাৰ পুঁজিৰ ফলক লগোৱা হোৱা নাই । ইফালে বৰ্তমানলৈকে মুকলি হোৱা ধনৰ ২৫ শতাংশ কামো নকৰি সমুদায় ধন আত্মসাৎ কৰাৰ অভিযোগ কৰে স্থানীয় লোকসকলে । এইক্ষেত্ৰত স্থানীয় ৰাইজে পঞ্চায়তৰ আঞ্চলিক সদস্যাক প্ৰশ্ন কৰাত সদস্যাগৰাকীয়ে কাম ইমানেই হ'ব বুলি কয় (Corruption in Purana Kaki Gram Panchayat)।

কেৱল এয়াই নহয় পঞ্চায়তটোৰ আঞ্চলিক সদস্যাগৰাকীয়ে বহু ঠাইত আঁচনি ৰূপায়ণৰ নামত কেৱল ফটো তুলিবলৈহে ফলক লগায় আৰু ফটো তোলাৰ পাছতেই ফলকসমূহ আঁতৰাই দিয়াৰো অভিযোগ উত্থাপিত হৈছে । পঞ্চায়তৰ প্ৰতিনিধিৰ এনে কৰ্মকাণ্ডত এতিয়া ক্ষোভিত হৈছে অঞ্চলটোৰ ৰাইজ । সমগ্ৰ বিষয়টোৰ সঠিক তদন্তৰ দাবী জনাইছে ৰাইজে । লগতে দুৰ্নীতিত জড়িত সকলোৰে বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে অঞ্চলটোৰ ৰাইজে ।

লগতে পঢ়ক :পত্নী সন্তানক লগত লৈ কে এল অ’ৰ সাধাৰণ সম্পাদকৰ আত্মসমৰ্পন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.