ETV Bharat / state

হোজাইত বানৰ ক্ষয়-ক্ষতিৰ বুজ ল’লে কেন্দ্ৰীয় পর্যবেক্ষকৰ দলে

author img

By

Published : May 29, 2022, 7:29 PM IST

সংহাৰী বানৰ কবলত পৰি হাহাকাৰ পৰিস্থিতি এতিয়া ৰাজ্যৰ বন্যাৰ্তৰ মাজত ৷ বছৰৰ প্ৰথমটো বানৰ ফলত গৃহহাৰা হৈছে ৰাজ্যৰ হাজাৰ হাজাৰ লোক ৷ শনিবাৰে হোজাইৰ বান পৰিস্থিতি বুজ ল’বলৈ জিলাখনত উপস্থিত হয় তিনিজনীয়া কেন্দ্ৰীয় পর্যবেক্ষকৰ এটা দল (Central ASDMA team visits flood affected area of Hojai)৷

হাৰী বানৰ কবলত পৰি হাহাকাৰ এতিয়া ৰাজ্যৰ বন্যাৰ্তৰ মাজত
হাৰী বানৰ কবলত পৰি হাহাকাৰ এতিয়া ৰাজ্যৰ বন্যাৰ্তৰ মাজত

হোজাই, 29 মে’ : শেহতীয়াকৈ ৰাজ্যত বানে সংহাৰী ৰূপ ধাৰণ কৰে বছৰৰ প্ৰথমটো বানে (Flood in Assam 2022)৷ এই বানত ৰাজ্যৰ অধিকাংশ অঞ্চলেই ডুব যায় পানীৰ তলত ৷ অৱশ্যে বৰ্তমান পূৰ্বতকৈ বহু উন্নত হৈছে ৰাজ্যৰ বান পৰিস্থিতি ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ হোজাই জিলাৰো অধিকাংশ অঞ্চলৰ বানত বিস্তৰ ক্ষতি সাধন হয় (Flood affected area of Hojai) ৷

সেই উদ্দেশ্যে শনিবাৰে হোজাইৰ বান পৰিস্থিতি বুজ ল’বলৈ হোজাই উপস্থিত হয় তিনিজনীয়া কেন্দ্ৰীয় পর্যবেক্ষকৰ এটা দল ৷ দলটোৱে প্ৰথমে জিলা সদৰ শংকৰদেৱ নগৰত উপস্থিত হৈ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৷ এই বৈঠকত হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ উপস্থিত থাকি কপিলী নদীৰ বানৰ পৰা জিলাখনক মুক্ত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক বিশেষ ব্যৱস্থা হাতত ল’বলৈ আহ্বান জনায় ।

হোজাইত বানৰ ক্ষয়-ক্ষতিৰ বুজ ল’লে কেন্দ্ৰীয় পর্যবেক্ষকৰ দলে

এই দলটোত আছিল কৃষি বিভাগৰ জিন্টু দাস, জন শক্তি বিভাগৰ অজয় কুমাৰ সিংহ, গ্ৰামোন্নয়ন বিভাগৰ আমৰেন্দ্ৰ প্ৰতাপ সিং ।

লগতে পঢ়ক : নলবাৰীৰ বান পৰিস্থিতি পৰ্যবেক্ষণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ

দলটোয়ে উপায়ুক্তৰ সভাকক্ষৰ বৈঠকৰ পিছত জিলা উপায়ুক্ত অনুপম চৌধুৰীক লগত লৈ বানে বিধস্ত কৰা হোজাই ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাইকাটা, ৰাজবাৰী, নভঙা, কেন্দুগুৰি, যোগিজান হৈ ডবকা ৰাজহ চক্ৰৰৰ অন্তৰ্গত যমুনামুখৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে ৷

তথ্য অনুসৰি, চলিত বৰ্ষৰ প্ৰথমটো বানত হোজাই জিলাখনৰ 1 লাখ 79 হাজাৰ লোক বানৰ দ্বাৰা প্ৰভাৱিত হৈছে ৷ জিলাখনৰ দুটা ৰাজহ চক্ৰৰ মুঠ 91 খন গাঁও পানীয়ে বিস্তৰ ক্ষতি কৰাৰ লগতে 4687 হেক্টৰ কৃষিভূমি, 45 টা পথ আৰু 89 টা বান্ধৰ ক্ষতি সাধন হয় ৷

লগতে পঢ়ক : ৰাইজৰ ৰোষত দুৰ্যোগ ব্যৱস্থাপনা আৰু প্ৰশমন বিভাগৰ কেন্দ্ৰীয় প্ৰতিনিধি দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.