বান বিধস্ত জোনাইৰ কবু চাপৰি: মহকুমাধিপতি আৰু ৰাজহ চক্ৰ বিষয়াৰ বান-খহনীয়া পৰিদৰ্শন

author img

By

Published : May 25, 2022, 10:56 AM IST

বান-খহনীয়া পৰিদৰ্শন জোনাই মহকুমাধিপতি আৰু ৰাজহ চক্ৰ বিষয়াৰ

ৰাজ্যৰ বান পৰিস্থিতি কিছু অৱনমিত হৈছে (Flood in Assam 2022) ৷ হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ নৈ-উপনৈসমূহৰ জলপৃষ্ঠ ৷ সোমবাৰে বানে ধোঁৱা জোনাইৰ নদীদ্বীপ স্বৰূপ কবু চাপৰি পৰিদৰ্শন কৰে জোনাইৰ মহকুমাধিপতি প্ৰদীপ কুমাৰ দ্বিবেদী, ৰাজহ চক্ৰ বিষয়া ঋতুপল্লৱ বৰা আৰু বনাঞ্চলিক বিষয়া মুকুত ৰাভাৰ লগতে কেইবাগৰাকীও চৰকাৰী বিষয়াই ৷

জোনাই, 25 মে’: ৰাজ্যৰ প্ৰথমটো বানে বুৰাইছে ৰাজ্যৰ ভিন্ন অঞ্চল (Flood in Assam 2022)৷ এই বানৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তত বিস্তৰ ক্ষতি সাধন হৈছে ৷ তথ্য অনুসৰি, ৰাজ্যৰ 31 খন জিলাৰ অন্তৰ্গত 81খন ৰাজহ চক্ৰৰ 2248 খন গাঁও বানৰ কৱলত পৰিছে ৷

প্ৰতি বছৰে হৈ অহা চিয়াং নদীৰ বান-খহনীয়াত পৰি এতিয়া জোনাইৰ নদীদ্বীপ স্বৰূপ কবু চাপৰি(Kabu Sapori in Jonai)লৈ নামিছে শংকত ৷ গৰাখহনীয়ৰ ফলত কাবু চাপৰিৰ অধিকাংশ বাসিন্দাই এতিয়া সেই স্থান এৰিবলৈ বাধ্য হৈছে ৷ ফলত সাধাৰণ ৰাইজৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰময় পৰিস্থিতি (Major parts in Assam washed by Flood)।

বান-খহনীয়া পৰিদৰ্শন জোনাই মহকুমাধিপতি আৰু ৰাজহ চক্ৰ বিষয়াৰ

লগতে পঢ়ক : বান শিৱিৰত হাহাকাৰ কামপুৰৰ বন্যাৰ্তৰ: কেতিয়া শুকাব পানী ?

ইফালে, কবু চাপৰিৰ বান-খহনীয়া পৰিস্থিতিৰ বুজ ল’বলৈ সোমবাৰে কবু চাপৰিত উপস্থিত হয় জোনাইৰ মহকুমাধিপতি প্ৰদীপ কুমাৰ দ্বিবেদী, ৰাজহ চক্ৰ বিষয়া ঋতুপল্লৱ বৰা আৰু বনাঞ্চলিক বিষয়া মুকুত ৰাভাৰ লগতে কেইবাগৰাকীও চৰকাৰী কৰ্মচাৰী ৷ কবু চাপৰিৰ কেইবাটাও অঞ্চলত একাঠু বোকা-পানীত খোজ কাঢ়ি চিয়াং নদীৰ বান-খহনীয়া অঞ্চল (Chiang River erosion) পৰিদৰ্শন কৰে মহকুধিপতিৰ লগতে বিষয়া-কৰ্মচাৰীসকলে ৷

উল্লেখ্য যে, চিয়াং নদীৰ বান আৰু খহনীয়াৰ ফলত বহু পৰিয়ালৰ ঘৰ-বাৰী, বাট-পথ, বিদ্যালয় আদি ধ্বংসৰ গৰাহত পৰিছে ৷ আনকি প্ৰতি বছৰৰ চিয়াং নদীৰ বান-খহনীয়াত ক্ৰমে সংকুচিত হ'ব ধৰিছে কবু চাপৰিৰ ভৌগোলিক সীমা ৷ যদিহে সময় থাকোতেই এই অঞ্চলৰ গৰাখহনীয়া ৰোধ নকৰে তেন্তে নৈৰ বুকুত কাবু চাপৰি বিলিন হৈ পৰাৰ সম্ভাৱনাই এতিয়া অধিক প্ৰকট হৈ পৰিছে ৷

লগতে পঢ়ক : মঙলদৈত ছিঙা মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.