ETV Bharat / state

বান শিৱিৰত হাহাকাৰ কামপুৰৰ বন্যাৰ্তৰ: কেতিয়া শুকাব পানী ?

author img

By

Published : May 22, 2022, 10:47 PM IST

Flood Relief distribution at kampur in Nagaon
Flood Relief distribution at kampur in Nagaon

কপিলী আৰু নিশাৰী নদীৰ জলপৃষ্ঠ কিছু হ্ৰাস পাইছে ৷ অৱশ্যে কামপুৰত এতিয়াও বহু বাসগৃহ আৰু ৰাজপথ ডুব গৈ আছে পানীৰ তলত ৷ সেয়ে বন্যাৰ্তক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰৰ ফালৰ পৰা কামপুৰত দেওবাৰে বিতৰণ কৰা হয় বান সাহায্য (Flood Relief distribution at kampur in Nagaon)৷

বঢ়মপুৰ, 22 মে’ : বছৰৰ প্ৰথমটো বানে ধোৱাই নিছে ৰাজ্যৰ অধিকাংশ অঞ্চল (Flood in Assam 2022)৷ এই বানত প্লাৱিত হৈছে ইখনৰ পাচত সিখন জিলা ৷ ৰাজ্যৰ 31 খন জিলা অন্তৰ্গত 81খন ৰাজহ চক্ৰৰ 2248 খন গাঁও বানৰ কবলত পৰিছে ৷ ফলত সাধাৰণ ৰাইজৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰময় পৰিস্থিতি (Major parts in Assam washed by Flood)।

আনকি বিগত কিছুদিন ধৰি নগাঁও জিলাৰ কামপুৰৰ বান পৰিস্থিতিয়েও লৈছিল সংহাৰী ৰূপ ৷ অৱশ্যে বৰ্তমান সেই অঞ্চলৰ বান পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহিছে ৷ কিন্তু কামপুৰৰ বানাক্ৰান্তৰ দুখ দুৰ্দশা এতিয়াও মাৰ যোৱা নাই ৷ কপিলী আৰু নিশাৰী নদীৰ জলপৃষ্ঠ কিছু হ্ৰাস পাইছে যদিও এতিয়াও অঞ্চলটোৰ বহু বাসগৃহ আৰু ৰাজপথ পানীৰ তলত ৷ বন্ধ হৈ আছে বহু কেইটা পথ ৷

চৰকাৰৰ ফালৰ পৰা বিতৰণ বান সাহাৰ্য

আনকি বাঢ়নী পানীৰ ফলত বন্ধ হৈ আছে কামপুৰ কঠিয়াতলী পথচোৱা ৷ যাৰ বাবে চৰকাৰী বান সাহায্য আনিব পৰা নাই কামপুৰলৈ ৷ কিন্তু বান পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহাৰ বাবে দেওবাৰে চৰকাৰৰ ফালৰ পৰা নাৱৰে কামপুৰলৈ অনা হৈছে বান সাহায্য (Flood Relief distribution at kampur in Nagaon)৷ এই সাহায্যই বন্যাৰ্তক কিছু সকাহ দিব বুলি আশা কৰিছে চৰকাৰী কৰ্মচাৰীয়ে ৷

অৱশ্যে কিছু ভিতৰুৱা স্থানলৈ এতিয়াও নিব পৰা নাই চৰকাৰী বান সাহায্য ৷ যাৰ বাবে বন্যাৰ্তই এমুঠি আহাৰৰ বাবে বান শিৱিৰত হাহাকাৰ কৰিব লগা হৈছে ৷

লগতে পঢ়ক : Flood in Assam: বানত মৃত্যু হোৱা লোকৰ সংখ্যা 18 জনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.