ETV Bharat / state

বানৰ বিভীষিকা: ৩৬২ কোটি টকীয়া ৰঙানদীৰ মথাউৰিলৈ ভাবুকি

author img

By

Published : May 19, 2022, 1:38 PM IST

Flood
লখিমপুৰৰ ৩৬২ কোটি টকীয়া ৰঙানদীৰ মথাউৰিলৈ ভাবুকি

২০১৭ চনত লখিমপুৰৰ বগলীজান এলেকাত ৰঙানদীৰ মথাউৰি ছিগি ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছিল (Flood affects Lakhimpur)। পুনৰ তেনে এক পৰিস্থিতিৰ মুখামুখি হ'বলৈ গৈ আছে লখিমপুৰবাসী ! কিয়নো পুনৰ সেই স্থানত খহনীয়া আৰম্ভ হৈছে । কিন্তু ৩৬২ কোটি টকীয়া মথাউৰিটোৰ খহনীয়া প্ৰতিৰোধৰ বাবে কোনো আগতীয়া পদক্ষেপ লোৱা নাই জলসম্পদ বিভাগ তথা প্ৰশাসনে ।

লখিমপুৰ,১৯ মে' : ৰাজ্যত বছৰৰ প্ৰথমটো বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Flood in Assam 2022)। ৰাজ্যখনৰ প্ৰায় 6 লক্ষাধিক লোক বানৰ কৱলত পৰিছে । বহুতে নিজৰ ঘৰ-মাটি সৰ্বস্ব হেৰুৱাইছে । বাসস্থানৰ অভাৱত বহু লোকে আশ্ৰয় লৈছে শিবিৰত । লখিমপুৰ জিলাতো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে বানৰ প্ৰকোপ (Flood affects Lakhimpur District)। জিলাখনৰ কেইবা শতাধিক গাঁও এতিয়া বানৱ কৱলত । কৃষিভূমিৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে পোহনীয়া জীৱ-জন্তু খাদ্যৰ সংকটত পৰিছে । প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ দেখি বহু লোকে নিৰাপদ স্থানত আশ্ৰয় লৈছে ।

ইয়াৰ মাজতে খোদ লখিমপুৰ নগৰলৈও আহিছে ভাবুকি । ৰঙানদী প্ৰকল্পৰ ফলত বিপদ আহিব পাৰে নগৰখনলৈ । নগৰৰ সমীপতে থকা ৩৬২ কোটি টকীয়া ৰঙানদীৰ মথাউৰিক লৈ শংকিত ৰাইজ । কিয়নো যিকোনো মূহুৰ্তত এই কোটি টকীয়া মথাউৰি খহি পৰিব পাৰে । নগৰৰ সমীপৰ বগলীজান এলেকাত ৰঙানদীয়ে ইতিমধ্যে খহনীয়াৰ সৃষ্টি কৰি মথাউৰিটোৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে (Threat to Ranganadi embankment in Lakhimpur)।

নদীখনৰ খহনীয়াই মথাউৰিটো স্পৰ্শ কৰিবলৈ মাথো কেইমিটাৰ মানহে বাকী আছে (Erosion in Ranganadi river of Lakhimpur)। এই অংশতে ২০১৭ চনত মথাউৰি ছিঙি নদীখনে এক বৃহৎ অঞ্চলসহ লখিমপুৰ নগৰ পৰ্যন্ত বুৰাই পেলাইছিল । নদীখনৰ সেই ধ্বংস লীলাৰ মুখামুখি হৈছিল লখিমপুৰবাসী ।

লখিমপুৰৰ ৩৬২ কোটি টকীয়া ৰঙানদীৰ মথাউৰিলৈ ভাবুকি

আনকি সেই স্থান পৰিদৰ্শনৰ বাবে মুখ্যমন্ত্ৰীকে ধৰি বহু বিধায়ক আৰু কেন্দ্ৰীয় মন্ত্ৰীৰো আগমন ঘটিছিল । তেনে এক ধ্বংস লীলাৰ পুনৰাবৃত্তি হোৱাৰ আশংকা কৰিছে লখিমপুৰবাসীয়ে । যাৰ বাবে চকুত টোপনি নাই লখিমপুৰ নগৰৰ ৰাইজৰ । নীপকোৱে ৰঙানদী প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত নদীখনে ভয়ংকৰ ৰূপ ধাৰণ কৰি নিমিষতে মথাউৰিটো ভাঙি পেলোৱাৰ আশংকাই এতিয়া ৰাইজক শংকিত কৰি তুলিছে (Ranganadi river embankment may collapse)।

কিন্তু তেনে আশংকা থকা স্বত্বেও এতিয়ালৈ বিষয়টোত কোনো গুৰুত্ব দিয়া নাই জলসম্পদ বিভাগে । সন্মুখত ভয়ংকৰ দুৰ্যোগ দেখিও যেন নিদ্ৰামগ্ন হৈ আছে জলসম্পদ বিভাগ । খহনীয়া স্থানত যিধৰণে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেইধৰণে কোনো ব্যৱস্থাই কৰা নাই প্ৰশাসন তথা সংশ্লিষ্ট বিভাগে । যাৰ বাবে লখিমপুৰৰ ৰাইজ তথা দল-সংগঠনে তাৎক্ষণিকভাৱে স্থানীয় বিধায়ক আৰু প্ৰশাসনক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক :১০ ঘণ্টাৰ অন্তত যাতায়তৰ বাবে মুকলি মঙলদৈৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.