ETV Bharat / state

মঙলদৈত ছিঙা মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

author img

By

Published : May 17, 2022, 8:04 PM IST

Piyush Hazarika visits Saktola river embankment
মঙলদৈত ছিঙা মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকা

মঙলবাৰে পুৱাই মঙলদৈত উপস্থিত জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ৷ মঙলদৈৰ শাকতোলা নদীৰ পূৱ দিশে ছিঙা ভগ্ন মথাউৰি পৰিদৰ্শন কৰে জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকীয়ে (Minister Piyush Hazarika visits Saktola river embankment) ৷

দৰং, 17 মে’ : ৰাজ্যত প্ৰকৃতিয়ে ধাৰণ কৰিছে ৰুদ্ৰৰূপ (Flood situation become critical in Assam) ৷ বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে নৈ-উপনৈসমূহ ৷ বাঢ়নি পানীয়ে বুৰাই পেলাইছে ৰাজ্যৰ ভিন্ন অঞ্চল ৷ আনকি বানে উটুৱাই নিছে পথ, ছিঙিছে মথাউৰি, পথতেই বাগৰি পৰিছে গছ ৷ ফলত এতিয়া বন্যাৰ্তৰ মাজত লাগিছে হাহাকাৰ (Flood in Assam 2022)৷

Piyush Hazarika visits Saktola river embankment
মঙলদৈত উপস্থিত জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লেখিয়াকৈ শেহতীয়াকৈ বান আৰু ভূমিস্খলনৰ কবলত পৰিছে দৰঙৰ মঙলদৈ চহৰো (Landslide in Assam) ৷ ধাৰাষাৰ বৰষুণ আৰু খৰস্ৰোতা শাকতোলা নদীৰ বাঢ়নি পানীয়ে সোমবাৰে নিশা উতুৱাই লৈ গ’ল এটা মথাউৰি ৷ মঙলদৈৰ শাকতোলা নদীৰ পূৱ দিশৰ এই মথাউৰিটো ছিঙি যোৱাত এতিয়া জলমগ্ন গৈ পৰিছে মঙলদৈৰ 15 খনকৈ গাঁও (Mangaldoi effected by Saktola river floods)৷

মঙলদৈত ছিঙা মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকা

ইফালে মঙলদৈৰ শাকতোলা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ছিঙাৰ খবৰ লাভ কৰাৰ পাছতেই মঙলবাৰে সেই স্থান পৰিদৰ্শন কৰে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই ৷ মন্ত্ৰীগৰাকীয়ে পানী কমাৰ লগে লগে উক্ত মথাউৰিটো প্ৰাথমিকভাৱে মেৰামতি কৰি নবেম্বৰ মাহত সম্পূৰ্ণ মেৰামতি কৰিব বুলিও ৰাইজক আশ্বাস প্ৰদান কৰে ৷

Piyush Hazarika visits Saktola river embankment
ৰাজ্যত প্ৰকৃতিয়ে ধাৰণ কৰিছে ৰুদ্ৰৰূপ

লগতে তেওঁ কয় যে, উক্ত মথাউৰিটোৰ পৰিস্থিতি সন্দৰ্ভত দায়িত্ব থকা বিভাগ জ্ঞাত নাছিল ৷ আনহাতে, স্থানীয় ৰাইজৰ অভিযোগ, অবৈধভাৱে মথাউৰিৰ মাটি কাটি লৈ যায় একাংশ দুস্কৃতিকাৰীয়ে ৷ ফলত দুৰ্বল হৈ পৰে মথাউৰিৰ ভিতৰৰ অংশ ৷ ইফালে এনে কাৰ্যক যিকোনো প্ৰকাৰে বাধা দিবলৈ ৰাইজৰ সহায় বিচাৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই ৷

লগতে বানাক্ৰান্তক শীঘ্ৰে সাহায্য প্ৰদান কৰিবলৈ উপায়ুক্তক নিৰ্দেশ প্ৰদান দিলে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ উল্লেখ্য যে, মঙলবাৰে মন্ত্ৰীগৰাকীক সংগ দিয়ে মঙলদৈৰ বিধায়ক বসন্ত দাস, দৰঙৰ উপায়ুক্ত আৰু মীন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে ৷

লগতে পঢ়ক : Flood in Assam: বাৰিষাৰ প্ৰথমটো বানে ৰাজ্যৰ ভিন্ন প্ৰান্তত সৃষ্টি কৰিছে বিভীষিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.