ETV Bharat / city

নলবাৰীৰ বান পৰিস্থিতি পৰ্যবেক্ষণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ

author img

By

Published : May 23, 2022, 8:55 AM IST

ৰাজ্যত ক্ৰমাৎ জটিলৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে(Flood situation become critical in Assam) । দেওবাৰে নলবাৰীৰ ধৰ্মপুৰৰ বান পৰিস্থিতি বুজ ল’বলৈ উপস্থিত হয় মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী (Chandra Mohan Patowary visits flood effected area of Dharmapur)

Minister Chandra Mohan Patowary visits flood effected area of Dharmapur
নলবাৰী মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ বান পৰিস্থিতি পৰ্যবেক্ষণ

নলবাৰী, 23 মে’: বছৰৰ প্ৰথমটো বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ চৌদিশে (Flood in Assam) ৷ বানত প্লাৱিত হৈছে এখনৰ পাছত আনখন জিলা (Flood situation become critical in Assam) ৷ বানৰ সংহাৰৰ পাছত এতিয়া বন্যাৰ্তৰ কাষত থিয় হৈছেগৈ এজনৰ পাছত আনজন মন্ত্ৰী-বিধায়ক ।

দেওবাৰে নলবাৰীৰ ধৰ্মপুৰৰ বান পৰিস্থিতি বুজ ল’বলৈ উপস্থিত হয় মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী (Chandra Mohan Patowary visits flood effected area of Dharmapur) । বাৰিষাৰ প্ৰথমতো বানে প্লাৱিত কৰা পশ্চিম নলবাৰীৰ মন্ত্ৰীগৰাকীৰ গৃহসমষ্টি ধৰ্মপুৰৰ লখোপুৰ-কেন্দুবাৰী গান্ধীবস্তিৰ বানপীড়িতৰ ওচৰত উপস্থিত হৈ সামগ্ৰিক বান পৰিবেশ পৰ্যবেক্ষণ কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে ভগ্ন মথাউৰিসমূহ পৰিদৰ্শন কৰি শীঘ্ৰে মথাউৰি নিৰ্মাণৰো আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ ইফালে বান পৰিস্থিতি শিথিল হোৱাৰ পিছত বানপীড়িত অঞ্চলত উপস্থিত হোৱাত বন্যাৰ্তৰ ক্ষোভৰ সন্মুখীন হয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ।

নলবাৰী মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ বান পৰিস্থিতি পৰ্যবেক্ষণ

বন্যাৰ্তই চৰকাৰী সাহাৰ্য পৰা বঞ্চিত হোৱাৰ অভিযোগ পোনপটীয়াকৈ মন্ত্ৰীগৰাকীৰ সন্মুখত প্ৰকাশ কৰাত মন্ত্ৰীগৰাকীয়ে সকলো সমস্যাৰ সমাধানৰ আশ্বাস দিয়ে বন্যাৰ্তসকলক । আনহাতে বটদ্ৰৱাৰ ঘটনাক লৈ সাংবাদিকে প্ৰশ্ন কৰাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয় বে-আইনী ঘটনাক নিন্দা কৰে । চৰকাৰ প্ৰশাসনে ইয়াৰ বিৰুদ্ধে উচিত পদক্ষেপ গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে ।

লগতে পঢ়ক : আৰক্ষীৰ চকুৰ আগতেই জ্বলি ছাঁই হ’ল থানা; তৃতীয় শক্তি জড়িত থকাৰ সন্দেহ আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.