ETV Bharat / state

175 টা পৰিয়াললৈ 1.50 কোটি টকা আৰ্থিক সাহাৰ্য আজমল ফাউণ্ডেচনৰ

author img

By

Published : Jul 10, 2021, 8:47 PM IST

Ajmal Foundation provides around Rs 1.50 crore For Poor Family
175 টা পৰিয়ালক 1.50 কোটি টকা আৰ্থিক সাহাৰ্য আজমল ফাউণ্ডেচনৰ

যমুনামুখ সমষ্টিৰ ১৭৫ টা পৰিয়ালৰ মাজত আজমল ফাউণ্ডেচনে বিতৰণ কৰিলে প্ৰায় ডেৰ কোটি টকা ৷ আৰ্থিক সাহাৰ্য লাভ কৰি আজমল ফাউণ্ডেচনৰ মুৰব্বী বদৰুদ্দিন আজমল আৰু বিধায়ক ছিৰাজুদ্দিন আজমলক ধন্যবাদ জনাই হিতাধিকাৰীসকলে ৷

হোজাই,10 জুলাই: আজমল ফাউণ্ডেচনৰ প্ৰশংশনীয় পদক্ষেপ ৷ শুকুৰবাৰে অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, বিধবা মহিলা আৰু বিশেষভাবে সক্ষম ব্যক্তিসকলক আগবঢ়ালে 1 কোটি 49 লাখ 64 হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য ৷ যমুনামুখ সমষ্টিৰ 175 টা পৰিয়ালৰ মাজত আজমল ফাউণ্ডেচনে প্ৰায় ডেৰ কোটি টকাৰ আৰ্থিক সাহায্য বিতৰণ কৰে ৷ ইয়াৰে ভিতৰত বেচৰকাৰী বিদ্যালয়ৰ 40 জন শিক্ষক-শিক্ষয়িত্ৰীক 36 হাজাৰ টকাকৈ মুঠ 14 লাখ 40 হাজাৰ টকা আগবঢ়ায় ৷

175 টা পৰিয়ালক 1.50 কোটি টকা আৰ্থিক সাহাৰ্য আজমল ফাউণ্ডেচনৰ

ইফালে 25 গৰাকীকৈ দৰিদ্ৰ হিতাধিকাৰীৰ ভিতৰত প্ৰতিজনক 2 লাখ টকাকৈ 50 লাখ টকাৰ চেক বিতৰণ কৰে ৷ লগতে বিশেষভাৱে সক্ষম 56 জন লোকক 24 হাজাৰ টকাকৈ মুঠ 13 লাখ 44 হাজাৰ টকাৰ সাহায্য প্ৰদান কৰা হয় ৷ 14 গৰাকী অসহায় দৰিদ্ৰ হিতাধিকাৰীক 4 লাখ 10 হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে 40 গৰাকীকৈ বিধবা মহিলাক 36 হাজাৰ টকাকৈ মুঠ 14 লাখ 40 হাজাৰ টকাৰ সাহায্য AIUDF ৰ বিধায়ক ছিৰাজুদ্দিন আজমলে প্ৰদান কৰে ৷

অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, বিধৱা মহিলা, বিশেষভাৱে সক্ষম লোক আৰু অসহায় দৰিদ্ৰ পৰিয়ালৰ মাজত আজমল ফাউণ্ডেচনে শুকুৰবাৰে ডবকা আৰু নীলবাগানত আয়োজিত দুখন সভাত বিধায়ক ছিৰাজুদ্দিন আজমলে এই সাহায্য প্ৰদান কৰে ৷ ডবকা আৰু নীলবাগানত পৃথকে পৃথকে অনুষ্ঠিত হোৱা সভাত যমুনামুখৰ বিধায়ক ছিৰাজুদ্দিন আজমলৰ উপস্থিতিত আজমল ফাউণ্ডেচনে বিতৰণ কৰে ধনখিনি ৷

আগন্তুক দিনত প্ৰতি বছৰে পাঁচবাৰকৈ এই সাহায্য প্ৰদান কৰা হ'ব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী তথা যমুনামুখৰ বিধায়ক ছিৰাজুদ্দিন আজমলে ৷ আৰ্থিক সাহায্য লাভ কৰি হিতাধিকাৰীসকলে সাংসদ মৌলানা বদৰুদ্দিন আজমল, বিধায়ক ছিৰাজুদ্দিন আজমলক বিশেষভাবে ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে পঢ়ক-দুই মন্ত্ৰীৰ বিভাগ সলালে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.