ETV Bharat / state

হাইলাকান্দি জনস্বাস্থ্য কাৰিকৰী বিভাগ অধীনৰ স্বেচ্ছাসেৱী কৰ্মচাৰীৰ প্ৰতিবাদ

author img

By

Published : Feb 2, 2021, 10:06 PM IST

public-health-technical-department
হাইলাকান্দি জনস্বাস্থ্য কাৰিকৰী বিভাগ অধিনৰ স্বেচ্ছাসেৱী কৰ্মচাৰীৰ প্ৰতিবাদ

হাইলাকান্দি জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগ অধীনত থকা স্বেচ্ছাসেৱী হিচাপে কৰ্মৰত কৰ্মচাৰীসকলে মঙলবাৰে জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ সন্মূখত ৰূপায়ন কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷ স্বেচ্ছাসেৱী লোক সকলৰ অভিযোগ অনুসৰি জনস্বাস্থ্য কৰিকৰী বিভাগৰে ১৯৫ জন স্বেচ্ছাসেৱী লোকৰ কোনো প্ৰশিক্ষণৰ ব্যৱস্থা কৰা নাই ৷ যাৰ বাবে তেওঁলোক প্ৰাপ্য মজুৰি পৰাও বঞ্চিত হৈ আহিছে বুলি অভিযোগ উত্থাপন কৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগ অধিনৰ স্বেচ্ছাসেৱী লোক সকলে ৷

হাইলাকান্দি, 2 ফেব্ৰুৱাৰী : মঙলবাৰে কেইবাটাও গুৰুত্বপূৰ্ণ দাবীৰ সম্বলিত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে হাইলাকান্দি জিলা স্বচ্ছসেৱী কো-অৰ্ডিনেশন কমিতিয়ে ৷ অৰ্থাৎ জনস্বাস্থ্য কাৰিকৰী বিভাগ অধীনত থকা স্বেচ্ছাসেৱী হিচাপে কৰ্মৰত কৰ্মচাৰীসকলে মঙলবাৰে জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ সন্মূখত ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷

হাইলাকান্দি জনস্বাস্থ্য কাৰিকৰী বিভাগ অধিনৰ স্বেচ্ছাসেৱী কৰ্মচাৰীৰ প্ৰতিবাদ

প্ৰতিবাদৰ কালত বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷ স্বেচ্ছাসেৱী লোক সকলৰ অভিযোগ অনুসৰি জনস্বাস্থ্য কৰিকৰী বিভাগৰে ১৯৫ জন স্বেচ্ছাসেৱী লোকৰ কোনো প্ৰশিক্ষণৰ ব্যৱস্থা কৰা নাই ৷ যাৰ বাবে তেওঁলোক প্ৰাপ্য মজুৰি পৰাও বঞ্চিত হৈ আহিছে বুলি অভিযোগ উত্থাপন কৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগ অধিনৰ স্বেচ্ছাসেৱী লোক সকলে ৷

সেয়েহে হাইলাকান্দি জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা মেঘা দাসক সমালোচনাৰ লক্ষ্য হিচাপে লৈ কৰ্মচাৰী সকলে বিভাগীয় কৰ্তৃপক্ষক এক সপ্তাহৰ ভিতৰত তেওঁলোৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি প্ৰাপ্য মজুৰি প্ৰদানৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ৷ অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিছে হাইলাকান্দি জিলা স্বচ্ছগ্ৰাহী কো-অৰ্ডিনেশন কমিতিৰ প্ৰতিবাদকাৰীয়ে ৷

লগতে পঢ়ক: নিয়াক অৰ্পণ দিল্লীৰ বিস্ফোৰণৰ তদন্তৰ দায়িত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.