ETV Bharat / state

CM Sarma visits Barak Valley: ৩০ বছৰলৈ অসমত বিজেপি ক্ষমতাত থাকিব; মুখ্যমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 9:49 PM IST

CM Sarma visit Barak Valley
হাইলাকান্দিত মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা

আগন্তুক নিৰ্বাচনত বৰাকৰ আটাইকেইখন আসন দখলক লৈ আশাবাদী মুখ্যমন্ত্ৰী ৷ হাইলাকান্দিত এখন জনসভাক সম্বোধন কৰি জিলাখনৰ পথ উন্নয়নৰ বাবে অতিৰিক্ত ২০০ কোটি টকা আৰু খোৱাপানীৰ সমস্যা সমাধানৰ বাবে ৬০ কোটি টকা আবণ্টন দিয়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ ৷ ইয়াল লগতে চিপাহী বিদ্ৰোহৰ যুদ্ধক্ষেত্ৰ ৰান্টিলাত এক ঐতিহাসিক স্মৃতিসৌধ নিৰ্মাণৰ ঘোষণা মুখ্যমন্ত্ৰীৰ ৷

হাইলাকান্দিত মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা

কৰিমগঞ্জ, ৭ ছেপ্টেম্বৰ: আগন্তুক ৩০ বছৰলৈ অসমত বিজেপি ক্ষমতাত থাকিব । হাইলাকান্দিত এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ ৷ বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে বৰাক উপত্যকাৰ হাইলাকান্দিত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বৰাক উপত্যকাৰ দুয়োখন আসনতে বিজেপিৰ জয় নিশ্চিত কৰাৰ লগতে উন্নয়নত সকলোকে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ তেওঁ শিলচৰৰ লগতে কৰিমগঞ্জ লোকসভাৰ আসনতো বিজেপি জয়ী হ’ব বুলি দৃঢ়তা প্ৰকাশ কৰে ।

হাইলাকান্দিৰ এছ এছ কলেজত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তি উন্মোচন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এখন জনসভা সম্বোধন কৰে ।ৰাজহুৱা সভাত ভাষণ দি তেওঁ জিলাখনৰ বাবে কেইবাটাও ঘোষণা কৰে ৷ হাইলাকান্দি জিলাৰ পথ উন্নয়নৰ বাবে চৰকাৰৰ পৰা অতিৰিক্ত ২০০ কোটি টকা আবণ্টন দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীয়ে ৷ ইয়াৰ লগতে হাইলাকান্দিৰ খোৱাপানীৰ সমস্যা সমাধানৰ বাবে ৬০ কোটি টকাৰ আবণ্টন দিয়াৰ লগতে কটাখাল নদীৰ ওপৰত এখন নতুন দলং নিৰ্মাণৰ কথা ঘোষণা কৰে ৷

কাটাখাল নদীৰ এই দলঙখনৰ কাম আজিৰে পৰা আৰম্ভ হৈছে ৷ প্ৰায় ২৬৪ কোটি টকা ব্যয় সাপেক্ষে ২৪ কিল’মিটাৰ দৈঘ্যৰ এই দলঙখনৰ নিৰ্মাণৰ কাম পৰৱৰ্তী দুবছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব ৷ মুখ্যমন্ত্ৰীয়ে চিপাহী বিদ্ৰোহৰ যুদ্ধক্ষেত্ৰ ৰান্টিলাত এক ঐতিহাসিক স্মৃতিসৌধ নিৰ্মাণ কৰাৰ লগতে লালা চহৰত নতুন খোৱাপানী প্ৰকল্পত অনুমোদনৰ ঘোষণা কৰে ৷ তেওঁ হাইলাকান্দি জিলা পুঁথিভৰালৰ বাবে ১০কোটি টকা আৰু খেলপথাৰ নিৰ্মাণৰ বাবে ১০ কোটি টকা দিয়াৰ কথা ব্যক্ত কৰে ৷

হাইলাকান্দিৰ আইন-শৃংখলা পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী শৰ্মাই ২ মাহৰ ভিতৰত অসম আৰক্ষীত ৫০০০ আৰক্ষী জোৱান নিযুক্তি দিয়াৰ কথা ব্যক্ত কৰে ৷ ইয়াৰ লগতে হাইলাকান্দি আবর্ত ভবনৰ সংস্কাৰৰ উপৰিও ৰাইজক আগন্তুক শাৰদীয় দুর্গোৎসৱৰ সময়ত হাইলাকান্দিত উপস্থিত থকাৰ আশ্বাস দিয়ে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক: CM Sarma visit Barak Valley: ব্যতিক্ৰমী সক্ষম ব্যক্তিক দেখি কোলাত তুলি ল’লে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.