ETV Bharat / state

বহিঃৰাজ্যত পুনৰ নিখোঁজ অসমৰ যুৱক, চৰকাৰলৈ সহায়-সহযোগিতাৰ আহ্বান পৰিয়ালৰ

author img

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 12:43 PM IST

বহিঃৰাজ্যত পুনৰ নিখোঁজ অসমৰ যুৱক
বহিঃৰাজ্যত পুনৰ নিখোঁজ অসমৰ যুৱক

বহিঃৰাজ্যত কৰ্মসংস্থাপন বিচাৰি গৈ নিৰুদ্দেশ চিলাপথাৰৰ যুৱক ৷ পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি ৷ বিচাৰি উলিয়াবলৈ চৰকাৰলৈ কাতৰ আহ্বান ভুক্তভোগী পৰিয়ালৰ ৷

বহিঃৰাজ্যত পুনৰ নিখোঁজ অসমৰ যুৱক

ধেমাজি, 9 ডিচেম্বৰ: উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি ঢাপলি মেলিছে কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ। ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে । কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, নিৰুদ্দেশ হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে ৷

চৰকাৰেও এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । যাৰ ফলত বহিঃৰাজ্যলৈ ঢাপলি মেলা এইসকল অসমীয়া লোক সঘনে বিপদৰ সন্মুখীন হৈ অহাৰ উপৰিও বহুতো লোকৰ মৃত্যু ঘটিছে । সংবাদ মাধ্যমত দৈনিক বহিঃৰাজ্যত অসমৰ লোক নিৰুদ্দেশ হোৱাৰ ঘটনা প্ৰকাশ পাবলৈ ধৰিছে । শেহতীয়াভাৱে তেনে এক ঘটনা সংঘটিত হৈছে চিলাপথাৰ মাজগাঁৱৰ মহেন্দ্ৰ বৰা নামৰ লোকজনৰ ক্ষেত্ৰত ।

কৰ্মসংস্থাপনৰ সন্ধানত বিগত 30 নৱেম্বৰতেই কেৰেলালৈ বুলি ওলাই যোৱা মহেন্দ্ৰ বৰ্তমান নিখোঁজ অৱস্থাত আছে । পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি 30 নৱেম্বৰত ডিব্ৰুগড়ৰ পৰা বিবেক এক্সপ্ৰেছেৰে কেৰেলালৈ বুলি ৰাওনা হৈছিল মহেন্দ্ৰ । 2 ডিচেম্বৰৰ সন্ধিয়া 6.30 বজালৈকে পৰিয়ালৰ লগত ফোনযোগে যোগাযোগত আছিল লোকজন । কিন্তু তাৰ পিছৰ পৰা কোনো শুংসূত্ৰ নাই মহেন্দ্ৰৰ ।

পৰিয়ালৰ লোকে বহুতো চেষ্টা কৰিও কোনো সম্ভেদ উলিয়াব পৰা নাই নিৰুদ্দিষ্ট মহেন্দ্ৰৰ । আনকি মহেন্দ্ৰৰ ফোনটোও বন্ধ হৈ আছে । নিৰুদ্দেশ সন্দৰ্ভত মহেন্দ্ৰ বৰাৰ পত্নীয়ে চিলাপথাৰ থানাত এখন এজাহাৰ দাখিল কৰিছে । প্ৰায় ন দিন ধৰি মহেন্দ্ৰৰ কোনো শুংসূত্ৰ উলিয়াব নোৱাৰাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পৰিয়ালৰ মাজত । মহেন্দ্ৰক বিচাৰি উলিয়াবলৈ অসমৰ মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ জনাইছে মহেন্দ্ৰৰ পত্নীয়ে ৷

লগতে কোনো লোকে মহেন্দ্ৰৰ কিবা সম্ভেদ পালে 9074833038 নম্বৰত যোগাযোগ কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে নিৰুদ্দিষ্ট মহেন্দ্ৰৰ পৰিয়ালে ।

লগতে পঢ়ক: মেৰাপানী সীমান্তত বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট জব্দ; এজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.