ETV Bharat / state

Oil theft in Golaghat: তেল চুৰি চক্ৰৰ বিৰুদ্ধে দেৰগাঁও আৰক্ষীৰ অভিযান

author img

By

Published : Nov 10, 2022, 11:54 AM IST

গোলাঘাটত সক্ৰিয় তেল চুৰি চক্ৰ (Oil theft racket)। টেংকাৰৰ পৰা তেল উলিয়াই থকা সময়তে আৰক্ষীয়ে অভিযান চলাই দেৰগাঁৱত । এজন লোকক আটক কৰাৰ লগতে এখন টেংকাৰ আৰু পিক আপ ভান জব্দ কৰে ।

Oil thief
তেল চুৰি চক্ৰৰ বিৰুদ্ধে দেৰগাঁও আৰক্ষীৰ অভিযান

গোলাঘাট,১০ নৱেম্বৰ : ৰাজ্যত অব্যাহত আছে তেলৰ চোৰাং বেহা (Oil smuggling in Assam)। বিশেষকৈ গোলাঘাট, ডিব্ৰুগড়, শিৱসাগৰ, তিনিচুকীয়াকে ধৰি কেইবাখনো জিলাত একাংশ দুষ্টচক্ৰই তেল পৰিবাহী পাইপ কাটি প্ৰায়ে তেল চুৰি কৰা ঘটনা পোহৰলৈ আহে । কেৱল এয়াই নহয় তেল ভৰ্তি টেংকাৰৰ পৰা তেল উলিয়াই একাংশ লোকে ক'লা বজাৰত তেল বিক্ৰী কৰিও আহিছে ।

তেল চুৰি চক্ৰৰ বিৰুদ্ধে দেৰগাঁও আৰক্ষীৰ অভিযান

গোলাঘাট জিলাৰ দেৰগাঁৱতো শেহতীয়াকৈ এই চক্ৰটো সক্ৰিয় হৈ পৰিছে । অঞ্চলটোত দুষ্টচক্ৰই তেলৰ চোৰাং ব্যৱসায় অব্যাহত ৰাখিছে (Oil theft in Golaghat)। এই চক্ৰটোৰ বিৰুদ্ধে সষ্টম হৈছে অসম আৰক্ষী । বুধবাৰে নিশা দেৰগাঁৱত তেল চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান চলালে আৰক্ষীয়ে (Raid against oil theft racket)। আৰক্ষীয়ে এজন লোকক আটক কৰাৰ লগতে এখন টেংকাৰ আৰু পিকআপ ভান জব্দ কৰে (Police detained one oil thief)।

উল্লেখ্য যে বুধবাৰে নিশা দেৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ ইংতিৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে গোপন সূত্ৰৰ পম খেদি জব্দ কৰিবলৈ সক্ষম হয় চোৰাংকৈ তেল উলিয়াই থকা এখন টেংকাৰ ।

গোপন সূত্ৰৰ তথ্য লাভ কৰি দেৰগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ ইংতিৰ নেতৃত্বত যোৱা দলটোৱে দেৰগাঁৱৰ মিছামৰাৰ খনিকৰ গাঁৱৰ এটা ক্ৰেছাৰ মেচিন থকা চৌহদত দুষ্টচক্ৰই চোৰাংকৈ এখন টেংকাৰৰ পৰা তেল উলিয়াই ড্ৰামত ভৰাই থকা প্ৰত্যক্ষ কৰে । আন্ধাৰৰ সুযোগ লৈ এই চুৰিকাণ্ডত জড়িত কেইবাজনো লোক পলাই যাবলৈ সক্ষম হয় । অৱশ্যে তাৰ মাজৰে এজনক আৰক্ষীয়ে আটক কৰে ।

ইফালে টেংকাৰখন আৰু তেল ভৰ্তি ড্ৰামবোৰ লৈ যাবলৈ ব্যৱহাৰ কৰা এখন পিক আপ ভান আৰক্ষীয়ে জব্দ কৰে । জব্দ কৰা টেংকাৰখনৰ নম্বৰ হৈছে AS-04-AC-1345 আনহাতে প্লাষ্টিকৰ ড্ৰামৰ লগতে জব্দ কৰা পিক আপ ভানখনৰ নম্বৰ AS-05-C-8224 । জানিব পৰা মতে এই ঘটনাটো সংঘটিত হোৱা ক্ৰেছাৰ মেচিন থকা চৌহদটো হৈছে গোলাঘাটৰ সাগৰ গোঁহাই নামৰ এজন ব্যক্তিৰ । ইতিমধ্যেই অধিক তথ্যৰ বাবে আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে ।

লগতে পঢ়ক :Burmese Supari seized: লামডিঙত 6 লক্ষাধিক টকাৰ বাৰ্মিজ চুপাৰি জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.