ETV Bharat / state

Public Protest at Golaghat: 90 কুইন্টল চৰকাৰী চাউল ক’লা বজাৰত বিক্ৰী সমবায় এজেন্টৰ

author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 10:01 PM IST

বৰ্তমানেও ৰাজ্যত অব্যাহত বগা চাউলৰ ক’লা বেহা ৷ গোলাঘাটৰ পশ্চিম ঘিলাধাৰী সমবায় সমিতি লিমিটেডৰ কাৰ্যালয় ঘেৰাও ৰাইজৰ ৷ এজেণ্টে সুলভ মূল্যৰ চাউল আত্মসাৎ কৰাৰ অভিযোগ ৷

Public Protest at Golaghat
90 কুইন্টল চৰকাৰী চাউল ক’লা বজাৰত বিক্ৰী সমবায় এজেন্টৰ

90 কুইন্টল চৰকাৰী চাউল ক’লা বজাৰত বিক্ৰী সমবায় এজেন্টৰ

গোলাঘাট, 9 নৱেম্বৰ : দুখীয়াৰ বাবে চৰকাৰে দিয়া চাউল যাতে কোনো সুলভ মূল্যৰ দোকানীয়ে আত্মসাৎ কৰিব নোৱাৰে তাৰ বাবে কঠোৰ হোৱাৰ ইংগিত দিছিল মুখ্যমন্ত্ৰীয়ে ৷ কিন্তু বৰ্তমানেও ৰাজ্যত বগা চাউলৰ ক’লা বেহা অব্যাহত আছে ৷

দুখীয়া ৰাইজলৈ চৰকাৰে যোগান ধৰা চাউল খালে এজেণ্টে । যাৰ বাবে গোলাঘাটৰ পশ্চিম ঘিলাধাৰী সমবায় সমিতি লিমিটেডৰ কাৰ্যলয়ত উত্তপ্ত কৰি তোলে ৰাইজে ৷ হিতাধিকাৰীৰ অভিযোগ অনুসৰি, ‘‘এজেণ্ট মোহন বৰাই হিতাধিকাৰীক 2022 চনৰ চেপ্তেম্বৰ আৰু 2023ৰ মে আৰু জুন মাহৰ চাউল পোৱা নাই ৷ তিনি মাহত মুঠ 90 কুইন্টল চাউল ক’লা বজাৰত বিক্ৰী কৰিছে এজেন্ট বৰাই ৷ যোগান বিভাগে বৰাৰ দোকান বন্ধও কৰি দিছিল ৷ কিন্তু আকৌ সুলভ মূল্যৰ দোকান খোলাৰ অধিকাৰ দিলে বিভাগীয় কৰ্তৃপক্ষই ৷’’

সেয়ে ৰাইজে গোলাঘাটৰ পশ্চিম ঘিলাধাৰী সমবায় সমিতি লিমিটেডৰ কাৰ্যালয় ঘেৰাও কৰে । দুখীয়া ৰাইজৰ চাউল খোৱা এজেণ্টৰ দোকান বন্ধ কৰক । এজেণ্ট মোহন বৰা দোকানৰ চাউল নাখাও আদিৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷

ইফালে ৰাইজৰ প্ৰতিবাদ দেখি ঘনটাস্থলীৰ পৰা পলায়নৰ চেষ্টা চলাই মোহন বৰাই । আনহাতে হিতাধিকাৰীক চাউল বিতৰণ নকৰাৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কয়, ‘‘মই অকলশৰীয়া ৷ সময়ৰ অভাৱ হৈছিল ৷ সেয়ে মই চাউলখিনি দিব পৰা নাছিলোঁ ৷’’

ইয়াৰ পাচত যোগান বিভাগে কি ব্যৱস্থা লয় সেয়া সময়ে ক’ব । পিছে ৰাইজৰ প্ৰশ্ন, যোগান বিভাগে কাৰ কি অংকত এজেন্ট মোহন বৰাক পুনৰ দোকান চলোৱাৰ অনুমতি দিলে !

লগতে পঢ়ক:Road Accident: নতুনকৈ বাইক ক্ৰয় কৰি ঘৰ নাপালেহি দুই যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.