ETV Bharat / state

মূল্য হ্ৰাস: বিপাঙত ক্ষুদ্ৰ চাহ খেতিয়ক

author img

By

Published : Jul 25, 2021, 11:57 AM IST

25 টকাৰ সলনি মাত্ৰ 8 টকাত বিক্ৰী কেঁচা চাহপাত ৷ ফলত মুৰে কঁপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ৷

No ligel price get Tea Garden owner In Sarupathar, Golaghat District
মূল্য হ্ৰাস:বিপাঙত ক্ষুদ্ৰ চাহ খেতিয়ক

সৰুপথাৰ, 25 জুলাই : সমগ্ৰ দেশ তথা ৰাজ্যতেই ক'ভিড মহামাৰীয়ে (Covid-19) এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ ফলত স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন ৷ বহুলোকে ইতিমধ্যে হেৰুৱাইছে কৰ্মসংস্থাপন ৷ সমান্তৰালকৈ ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজতো সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ ৷ চাহ বাগানৰ পৰা উৎপাদিত কেচা পাতসমূহ যি মূল্যত বিক্ৰী কৰিব লাগিছিল তাৰ বিপৰীতে তেনেই সীমিত মূল্যতেই বিক্ৰী কৰিলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ফলত লাভতো দূৰৈৰ কথা বহু লোকচানৰ সন্মুখীন হৈছে চাহ খেতিয়কসকল ৷

উল্লেখ্য যে, চাহ উৎপাদনৰ ক্ষেত্ৰত গোলাঘাট জিলাৰো (Golaghat District) আছে সুকীয়া পৰিচয় ৷ জিলাখনৰ সৰুপথাৰ, বৰপথাৰকে আদি কৰি বিভিন্ন প্ৰান্তত আছে সৰু-বৰ বহু চাহ বাগান ৷ বহুলোকে ঘৰৰ তামোল-পানৰ বাৰীতে সৰু সৰুকৈ কৰিছে চাহৰ খেতি ৷ কিন্তু যি আশা কৰি ক্ষুদ্ৰ চাহ বাগান আৰম্ভ কৰিছিল, তাৰ বিপৰীতে নিৰাশ হে হোৱা দেখিবলৈ পোৱা গৈছে ৷ কাৰণ লকডাউনো (Lockdown) হৈছে ইয়াৰ প্ৰধান কাৰণ ৷

মূল্য হ্ৰাস:বিপাঙত ক্ষুদ্ৰ চাহ খেতিয়ক

কৰ'ণা ৰোগ প্ৰতিৰোধ কৰিবলৈ চৰকাৰে জাৰি কৰা লকডাউন ব্যৱস্থাই ব্যাপক প্ৰভাৱ পেলাইছে ক্ষুদ্ৰ চাহ খেতিয়কসকল ওপৰত ৷ কেঁচা চাহপাতৰ মূল্য প্ৰতি কেজিত 8 টকাৰো অধিক হ্ৰাস হোৱাত মূৰে কঁপালে হাত দিবলগীয়া হৈছে সৰুপথাৰৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল । সাৰ, কীটনাশক, শ্ৰমিকৰ মজুৰি আদি প্ৰদানৰ ক্ষেত্ৰত উপায়হীন হৈছে খেতিয়কসকল।

আনকি কেঁচা চাহপাতৰ মূল্য নিম্নগামী হোৱাৰ ফলত পৰিয়াল পোহপাল দিবলৈও অপাৰগ হৈ পৰিছে । একমাত্ৰ মালিকপক্ষৰ মৈমতালি আৰু চৰকাৰৰ কোনোধৰণৰ হস্তক্ষেপ নথকাৰ বাবেই গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰ, বৰপথাৰৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে প্ৰকৃত মূল্য লাভ কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে । সম্প্ৰতি প্ৰতিকেজি কেঁচা চাহ পাতৰ মূল্য 25 টকাৰ সলনি মাত্ৰ 8 টকাত বিক্ৰী কৰিবলগীয়া হৈছে বুলি সাংবাদিকৰ আগত দুখ প্ৰকাশ কৰিছে ৷

ইফালে ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ এই সমস্যাসমূহ সমাধান কৰিবলৈ চৰকাৰেও কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ তুলিছে ৷ অতি শীঘ্ৰে সৰুপথাৰৰ স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন (MLA Biswajit Phukan)ৰ লগতে চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে বৃহত্তৰ টেঙানি অঞ্চলৰ চাহখেতিয়কসকলে ৷

লগতে পঢ়ক-বাঘজানত আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষ: উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.