ETV Bharat / state

পথচাৰীক খুন্দিয়াই পলায়ন কৰিলে আৰক্ষীৰ বাহনৰ চালকে

author img

By

Published : Dec 31, 2021, 9:10 PM IST

police-vehicle-kills-a-man-in-dhanshiri-driver-escaped
পথচাৰীক খুন্দিয়াই পলায়ন কৰিলে আৰক্ষীৰ বাহনৰ চালকে

আৰক্ষীৰ গাড়ীৰ খুন্দাত নিহত হ'ল পথচাৰী ( Police vehicle kills a man in Dhanshiri) ৷ ঘটনা সংঘটিত কৰি পলায়ন কৰাৰ অভিযোগ চালকৰ বিৰুদ্ধে ৷

সৰুপথাৰ, 31 ডিচেম্বৰ : গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ চুঙাজানত বৃহস্পতিবাৰে নিশা আৰক্ষীৰ গাড়ীৰ খুন্দাত নিহত হ'ল এজন লোক ( Police vehicle kills a man in Dhanshiri) । মহকুমাটোৰ চুঙাজান থানাৰ AS 01AB 9813 নাম্বাৰৰ চুমু বাহনখনে নৰেশ্বৰ বৰা ওৰফে মহাজন নামৰ এজন পথচাৰীক খুন্দিওৱাৰ ফলত থিতাতে নিহত হয় পথচাৰী জন । উল্লেখ্য যে, চুমু বাহনখনে নিশা চুঙাজান থানাৰ পৰা তহলদাৰী দল থৈ ওভতাৰ পথত হয় এই দুৰ্ঘটনা ৷

পথচাৰীক খুন্দিয়াই পলায়ন কৰিলে আৰক্ষীৰ বাহনৰ চালকে

জানিব পৰা মতে, ২ নং চুঙাজানত লোকজনে খোজকাঢ়ি ঘৰলৈ বুলি গৈ থকা অৱস্থাত আৰক্ষীৰ গাড়ীখনৰ সৈতে এই দুর্ঘটনাটো সংঘটিত হয় ৷ অভিযোগ অনুসৰি, দুৰ্ঘটনাটো সংঘটিত কৰিয়ে উক্ত স্থানৰ পৰা পলায়ন কৰে আৰক্ষীৰ বাহনসহ চালক জন (Hit and run case in Dhanshiri) । পৰৱৰ্তী সময়ত ঘটনাস্থলীত ধনশিৰি মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞা(SDPO Dhanshiri Trinayan Bhuyan) আৰু সৰুপথাৰ চাৰ্কোল ইন্সপেক্টৰ ঋষেশ্বৰ শইকীয়া উপস্থিত হয় ৷

আৰক্ষী বিষয়া সকলে ইয়াৰ পিছতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ উক্ত গাড়ী চালক জনৰ বিৰুদ্ধে ইতিমধ্যে, আইনী ব্যৱস্থা গ্ৰহণ কৰিছে বুলি শেহতীয়াভাৱে জানিব পৰা গৈছে ।

লগতে পঢ়ক : 31 ডিচেম্বৰৰ ধামাকা : IPS আনন্দ মিশ্ৰই বিতৰণ কৰিছে স্মাৰ্ট ফোন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.