ETV Bharat / state

পুনৰ অসমৰ ভূমিত পুনৰ নগাৰ আগ্ৰাসন

author img

By

Published : Nov 28, 2019, 3:07 PM IST

Assam-Nagaland boarder area eviction by Naga pepole
পুনৰ অসমৰ ভূমিত চুবুৰীয়া নগাৰ আগ্ৰাসন

অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত থকা নগা গাওঁ সমূহলৈ যোৱা পথৰ সন্মূখত নগা সকলে স্থাপন কৰিছে নগা গাঁৱৰ ফলকসমূহ ৷ তোৰণ সমূহত স্পষ্টকৈ লিখা আছে 'নিখেখে গাঁও, নাগালেণ্ড' বুলি ৷

গোলাঘাট,28 নৱেম্বৰ: গোলাঘাট জিলাৰ সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তত অব্যাহত আছে অসমৰ ভূমিত নগাৰ আগ্ৰাসন ৷ চি আৰ পি এফ বাহিনীৰ চকুৰ সন্মুখতে অসমৰ মাটি বেদখল কৰি নগাই স্থাপন কৰিছে নগা গাঁৱৰ ফলক ৷ সৰুপথাৰৰ বি চেক্টৰৰ চুঙাজান নখুটিৰ ১৫৫ নং চি আৰ পি এফ বেটেলিয়ান কেম্পৰ সমীপতে নগাসকলে অসমৰ মাটিত পুনৰ কূটনীতিৰে নগাসকলৰ গাওঁ স্থাপন কৰিবলৈ ন ন কৌশল অৱলম্বন কৰি আহিছে ৷ প্ৰায় ৩০ বছৰ আগৰে পৰা থকা অসমীয়া গাঁৱত কিছু দিন পূৰ্বে নগা গাঁৱৰ ফলক লগোৱাকলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় লোক তথা দল সংগঠনে ৷ অৱশ্যে নগাৰ এই অবৈধ কাৰ্যত বাধা প্ৰদান কৰিছে বিবাদমান সীমান্তৱৰ্তী এলেকাৰ নিৰাপত্তাৰ দায়িত্বত নিৰপেক্ষ বাহিনী হিচাপে নিয়োজিত চি আৰ পি এফ তথা চুঙাজান আৰক্ষীয়ে ৷ কিন্ত সীমান্তৱৰ্তী এলেকাটোৰ বিভিন্ন স্থানত এতিয়াও নগা লোকে নিৰ্মাণ কৰি থৈছে তোৰণ ৷

পুনৰ অসমৰ ভূমিত চুবুৰীয়া নগাৰ আগ্ৰাসন

উল্লখ্য যে, অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত থকা নগা গাওঁ সমূহলৈ যোৱা পথৰ সন্মূখত নগা সকলে স্থাপন কৰিছে নগা গাঁৱৰ ফলকসমূহ ৷ তোৰণ সমূহত স্পষ্টকৈ লিখা আছে 'নিখেখে গাঁও, নাগালেণ্ড' বুলি ৷ গতিকে অসমৰ মাটিত নগাৰ এনে আগ্ৰাসী কাৰ্য-কলাপে সংকিত কৰিছে সীমান্তবাসীক ৷ ভাবুকি আহিছে ৰাজ্যখনৰ ভৌগলিক অখণ্ডতাৰ প্ৰতি ৷ নগাৰ এনে কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে ১৯৭৯ চনৰ কথা মনত পেলাই দি নগা সকলক সকীয়নী প্ৰদান কৰিলে সীমান্তবাসীয়ে ৷

লগতে পঢ়ক:গোলাঘাটত পুনৰ গ্ৰেপ্তাৰ হ'ল দুজন ড্ৰাগছ সৰবৰাহকাৰী

Intro:গোলাঘাট জিলাৰ সৰুপথাৰৰ অসম নগালেণ্ড সীমান্ত অব্যাহত আছে অসমৰ ভুমিত নগাৰ আগ্ৰাসন ৷ চি আৰ পি এফ বাহিনীৰ চকুৰ সন্মূখতে অসমৰ মাটি বেদখল কৰি নগাই স্থাপন কৰিছে নগা গাওঁৰ ফলক ৷ Body:সৰুপথাৰৰ বি চেক্টৰৰ চুঙাজান নখুটিৰ ১৫৫ নং চি আৰ পি এফ বেটেলিয়ান কেম্পৰ সমীপতে নগাসকলে অসমৰ মাটিত পুনৰ কূটনীতিৰে নগাসকলৰ গাওঁ স্থাপন কৰিবলৈ ন ন কৌশল অবলম্বন কৰি আহিছে৷ প্ৰায় ৩০ বছৰ আগৰে পৰা থকা অসমীয়া গাওঁত কিছু দিন পুৰ্বেও নগাৰ গাওঁৰ ফলক লগোৱাত তীব্র প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় লোক তথা দল সংগঠনে ৷ কিন্তু নগাৰ এই অবৈধ কাৰ্য্যত বাধা প্ৰদান কৰিছে নিৰপেক্ষ বাহিনী হিচাপে বিবদমান সীমান্তৱৰ্তী এলেকাৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত চি আৰ পি এফ তথা চুঙাজান আৰক্ষীয়ে ৷



ইপিনে সীমান্তৱৰ্তী এলেকাটোৰ বিভিন্ন স্থানত এতিয়াও নগাই নিৰ্মান কৰি থৈছে তোৰণ ৷ অসমৰ ভৌগোলিক চাৰি সীমাৰ ভিতৰত থকা নগা গাওঁ সমূহলৈ যোৱা পথৰ সন্মূখত স্হাপন কৰা হৈছে এই সমূহ ফলক ৷ তোৰণ সমূহত স্পষ্টকৈ লিখা আছে নিখেখে গাওঁ Nagaland বুলি ৷ অসমৰ মাটিত নগাৰ এনে আগ্ৰাসী কাৰ্য্য কলাপে সংকিত কৰিছে সীমান্তবাসীক ৷ ভাবুকী আহিছে ৰাজ্যখনৰ ভৌগলিক অখণ্ডতাৰ প্ৰতি ৷ নগাৰ এনে কাৰ্য্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে ১৯৭৯ চনৰ কথা মনত পেলাই দি নগা সকলক সকীয়নী প্ৰদান কৰিলে সীমান্তবাসীয়ে ৷
Conclusion:Byte:-1 AASU
Byte-1 স্থানীয় বাসিন্দা

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.